Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 May, 2022 1:47 PM IST
Representative photo Assam Flood, Source-Google

বানপানী শেষ হোৱাৰ পাছতে সাধাৰণতে বিভিন্ন ঠাইত বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱে দেখা দিয়ে। পানী শুকুৱাৰ পাছত বিভিন্ন অঞ্চল অস্বাস্থ্যকৰ  হৈ পৰে। বানপানীয়ে কঢ়িয়াই অনা আৱৰ্জনা আদিয়ে পানী শুকুওৱাৰ পাছত এক দূৰ্গন্ধময় পৰিস্থিতৰ সৃষ্টি কৰে আৰু এই অস্বাস্থ্যকৰ পৰিৱেশে বিভিন্ন ৰোগেৰে মহামাৰী সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিয়ে। গতিকে এইক্ষেত্ৰত আমি সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী হৈ পৰে।

সাধাৰণতে বানপানীৰ পাছত বিভিন্ন অঞ্চলত সততে দেখা দিয়া কিছুমান ৰোগ হৈছে – কলেৰা, টাইফয়দ, হেপাটাইটিছ A, কনজাংটিভিটিচ, লেপ্টস্পাইৰচিচ্, ডেঙ্গু, জণ্ডিচ্‍ ইত্যাদি। এই ৰোগসমূহৰ বেছিভাগেই যদি সঠিক সময়ত নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে ই মহামাৰীৰ ৰূপ ধাৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। পানী কমাৰ পাছত সাধাৰণতে দুই ধৰণৰ বেমাৰে দেখা দিয়ে। এবিধ হৈছে – Vector-Borne Diseases আৰু আনবিধ Waterborne Diseases| ম’হকে ধৰি বিভিন্ন কীট-পতঙ্গৰ দ্বাৰা বিয়পা বেমাৰসমূহক Vector-Borne Diseases হিচাবে জনা যায়। সাধাৰণতে ডেংগু, মেলেৰিয়া, চিকুনগুনিয়া আদি ৰোগ এই প্ৰকাৰৰ বেমাৰ। আনহাতে দুষিত পানীৰ দ্বাৰা বিয়পা ৰোগসমূহ যেনে জণ্ডিচ, টাইফয়ড, কলেৰা, লেপ্টস্পাইৰছিছ আদি ৰোগ Waterborne Diseases হিচাবে জনা যায়।

এই ৰোগসমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছুমান সাৱধানতা আমি অৱলম্বন কৰাটো প্ৰয়োজনীয়। আমাৰ এই সাৱধানতাই ৰোগসমূহ মহামাৰী হিচাবে বিয়পাৰ ক্ষেত্ৰত বাধা দিব পাৰে।

বানপানীৰ পাছৰ সময়ছোৱাত ল’বলগীয়া কিছু সাৱধানতা :

  • খাদ্য গ্ৰহণ কৰা সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা খুবেই প্ৰয়োজনীয়।

  • কুহুমীয়া পানী সেৱন কৰাটো জৰুৰী। বানপানী হোৱা অঞ্চলত খোৱাপানীত ক্লৰিণ টেবলেট মিলাই খোৱা প্ৰয়োজন।

  • সঘনাই ORS সেৱন কৰি থকা প্ৰয়োজন।

  • আহাৰ গ্ৰহণ কৰা আগতে ভালদৰে চাবোনেৰে হাত ধোৱক।

  • খাদ্যবস্তু ঢাকি ৰখা প্ৰয়োজন।

  • বানৰ পানী শুকুৱাৰ পাছতো যাতে ঘৰৰ ওচৰে পাজৰে পানী জমা হৈ নাথাকে তাৰ ওপৰত নজৰ ৰখা প্ৰয়োজন।

  • বানপানীৰ সংস্পৰ্শৰ পৰা নিজকে যিমান পাৰি বচাই ৰাখক, কাৰণ বেমাৰৰ বহু বীজাণু লেতেৰা পানীৰ জৰিয়তে দেহত প্ৰৱেশ কৰে।

  • ৰোগত আক্ৰান্ত ৰোগীৰ পৰা সুস্থ লোকক আঁতৰাই ৰখা প্ৰয়োজন। কাৰণ এনে বহু ৰোগ সোঁচৰাৰ লক্ষণযুক্ত।

  • শোৱাৰ সময়ত মহৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা আদি ব্যৱহাৰ কৰাটো জৰুৰী।

তীব্ৰ জ্বৰ, মূৰৰ বিষ, বমিভাৱ, চকু ৰঙা পৰা, ডায়েৰিয়া, ভোক নলগা আদি লক্ষণসমূহে দেখা দিলে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন। 

Source-https://blog.mygov.in/

লগতে পঢ়ক-বানপানীৰ সময়ত লবলগীয়া সাৱধানতাসমূহ

English Summary: Some of the Most deadly diseases that occur after floods
Published on: 25 May 2022, 12:42 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now