1. অন্যান্য

বানপানীৰ সময়ত লবলগীয়া সাৱধানতাসমূহ

KJ Staff
KJ Staff
Precautions to be taken during floods
Precautions to be taken during floods

বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বানপানী হোৱা দেখা যায়। আমাৰ অসমতো বাৰিষা কালত বানপানী হয়। গুৱাহাটী মহানগৰীৰ কিছুমান অঞ্চলত মাজে-সময়ে কৃত্ৰিম বানপানী হোৱা দেখা যায়। ইতিমধ্যে অসমৰ কিছুমান ঠাইত বানপানী আৰম্ভ হৈছেই। বাৰিষাৰ লগে লগে অসমৰ গাঁৱে-ভূঞে বানপানীৰ তাণ্ডৱ বাঢ়ি যাব। বানৰ সময়ত অসমৰ প্ৰায়ভাগ অঞ্চল পানীয়ে বুৰাই ৰাখে। নৈ, জান-জুৰি, কুঁৱা আদিৰ সৈতে বানপানীৰ দূষিত পানী মিহলি হয়। দমকলবোৰ পানীত বুৰ যায়। এনে সময়ত ৰাজহুৱা খোৱাপানী যোগান ব্যৱস্থাও বিকল হৈ পৰে। চাৰিওফালে কেৱল পানী আৰু পানী। কিন্তু পিয়াহত খাবলৈ এটুপি বিশুদ্ধ নিৰাপদ পানীৰ অভাৱ।

এই সময়ত দূষিত বীজাণুযুক্ত পানী খোৱাৰ ফলত মানুহৰ নানা জলজনিত সোঁচৰা ৰোগ (যেনে- টাইফয়দ, ডায়েৰীয়া, ডিছেন্ট্ৰী, কলেৰা, লেপ্টাস্পাইৰোছিছ, জণ্ডিচ, হেপাটাইটিছ ‘এ’ ইত্যাদি)ৰ সৃষ্টি হয়। বানপানীৰ সময়ত মানুহবোৰৰ যিহেতু পাইখানা কৰা স্থানৰ অভাৱ হয়, সেয়েহে এনে জলজনিত ৰোগৰ পৰা ৰোগীয়ে পানীৰ ওপৰতে পাইখানা কৰাৰ ফলত বীজাণুবোৰ পানীত মিহলি হয় আৰু এনে দূষিত পানীকে যদি খোৱা যায় তেন্তে জলজনিত সোঁচৰা ৰোগবোৰে মহামাৰী ৰূপ ধাৰণ কৰিব পাৰে।

বানপানী হোৱাৰ পূৰ্বেঃ

  1. উৰা বাতৰিত কানষাৰ নিদিব, অধৈৰ্য নহব।

  2. জৰুৰীকালীন অৱস্হাত যোগাযোগ অব্যাহত ৰাখিবৰ বাবে ব্যক্তিগত মোবাইল ফোন সমূহ সম্পূৰ্ণৰূপে চাৰ্জ দি ৰাখিব।

  3. বতৰৰ সবিশেষ তথ্যৰ লগতে আগলি বতৰাসমূহ জানিবলৈ ৰেডিঅ, টিভি, বাতৰিকাকত আদি ব্যৱহাৰ কৰিব।

  4. পোহনীয়া জন্তুবোৰক মুক্ত অৱস্হাত ৰাখিব।

  5. অত্যাৱশ্যকীয় সম্ভাৰ সমূহ সহজে পাব পৰাকৈ জৰুৰীকালীন সামগ্ৰী বেগত (Emergency Kit) ৰখাৰ ব্যৱস্হা কৰিব।

  6. প্ৰয়োজনীয় নথিপত্ৰ আৰু আৰু মূল্যবান সামগ্ৰীসমূহ পানী সোমাব নোৱাৰা এটা মোনাত ভৰাই ৰাখিব।

  7. সমীপতে অৱস্হিত উচ্চ নিৰাপদ স্হান অথবা আশ্ৰয় শিবিৰ অথবা পকী ঘৰ সমূহলৈ অতি শীঘ্ৰে যাব পৰাকৈ ৰাস্তাটো আগতেই নিৰ্ণয় কৰি থ’ব।

  8. চৰকাৰী নিৰ্দেশ পোৱা মাত্ৰকে তাৎক্ষণিকভাৱে নিৰাপদ স্হানলৈ যোৱাৰ ব্যৱস্হা কৰিব।

  9. খুব কমেও এসপ্তাহৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী আৰু খোৱা পানী যোগাৰ কৰি থ’ব।

  10. আকস্মিক বান অধ্যূষিত অঞ্চলসমূত থকা নলা নৰ্দমা , জান জুৰি আদিৰ পৰা সাবধানে থাকিব।

বানপানী হোৱাৰ সময়ত

  1. বানপানী অঞ্চলসমূহলৈ পৰাপক্ষত নাযাব। যদিহে বিশেষ প্ৰয়োজনত যাবলগীয়া হয় তেতিয়া যথোপযোগী জোতা পিন্ধি ল’ব।

  2. পুল, খাল নলা-নৰ্দমা আদিৰ পৰা আতৰত থাকিব।

  3. বৈদ্যুতিক খুটা আৰু পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা আঁতৰি থাকিব।

  4. উন্মুক্ত নলা অথবা Manhole ত দৃষ্টিগোচৰ হোৱাকৈ ৰঙা পতাকা ঘেৰি দিব লাগে।

  5. বান প্লাবিত অঞ্চলত খোজ কঢ়া অথবা গাড়ী চলোৱাৰ পৰা বিৰত থাকিব

  6. বানপানীৰ সময়ত নতুনকতৈ ৰন্ধা খাদ্য অথবা শুকান খাদ্য গ্ৰহণ কৰিব। খাদ্যসমূহ ঢাকি ৰাখিব

  7. উতলোৱা অথবা ক্ল’ৰিণযুক্ত পানী খাব।

  8. পৰিবেশ পৰিস্কাৰ কৰি ৰাখিবৰ বাবে ঘৰৰ চৰিওফালে বীজানুনাশক দ্ৰব্য প্ৰয়োগ কৰিব।

বানপানী হৈ যোৱাৰ পিছত লবলগীয়া সাৱধানতা

  1. সৰু লৰা-ছোৱালীক বাঢ়নী পানীৰ কাষত খেলা ধূলা কৰিব নিদিব

  2. বানত নষ্ট হৈ যোৱা অথবা পুৰণি বৈদ্যুতিক যন্ত্ৰাপাতি পৰীক্ষা নকৰাকৈ ব্যৱহাৰ নকৰিব।

  3. চৰকাৰী নিৰ্দেষনা অনুযায়ী যন্ত্ৰ পাতি সমূহৰ মেইন চুইচ বন্ধ কৰি দিব; ভিজা অৱস্হাত বৈদ্যুতিক যন্ত্ৰপাতিবোৰ নুচুব।

  4. বানপানীত পৰি থকা খাদ্য নাখাব।

  5. মেলেৰিয়া ৰোগৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা ব্যৱহাৰ কৰিব।

  6. সাপৰ পৰা সাৱধানে থাকিব কিয়নো বানপানীৰ সময়ত সাপৰ উপদ্ৰৱ বৃদ্ধি হোৱা দেখা যায়।

  7. যদিহে টেপৰ পাইপ নষ্ট হৈছে, তেনেহলে স্বাস্হ্য বিভাগে উপদেশ নিদিয়ালৈকে টেপৰ পানী খাবলৈ ব্যৱহাৰ নকৰিব।

 Source Reference-https://www.imdagrimet.gov.in/Files/Dos_Donts/Dos_Donts_Assamese/Dos_Donts_Floods_Assamese.pdf

লগতে পঢ়ক-বানপীড়িত অঞ্চলৰ বাবে উৎকৃষ্ট ধানৰ জাতঃ ৰনজীৎ, বাহাদুৰ, স্বৰ্ণ আৰু বীনা

English Summary: Precautions to be taken during floods-

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.