জীয়াধল নদীখনৰ জন্ম কাহিনীৰ কঢ়া নদীৰ জন্ম কাহিনীৰ সৈতে প্ৰায় মিল আছে| কঢ়া নৈৰ জন্ম হৈছে ধেমাজিৰ পাভমাৰি বিল নামৰ জলাশয়টোৰ পৰা|এই জলাশয়টো আলতীয়া মাটিৰ জলাশয়|আনহাতে, জীয়াধল নদীখন জন্ম হৈছে অৰুণাচলৰ মৰণি বিলৰ পৰা|এইখন বালি-মাটিৰ জলাশয়| অসম-অৰুণাচল সীমাৰ পৰা৮ কিলোমিটাৰ দূৰৰ অৰুণাচলৰ মৰণি বিলখন হ’ল অৰুণাচলৰ নামনি সোৱণশিৰি জিলাৰ সৰ্ব্বোচ্চ ৩০০০ ফুট উচ্চতাৰ তিৰবিন আৰু ১৮০০ ফুট উচ্চতাৰ বাম উপত্যকাৰ পৰা নামি অহা পানীবোৰৰ জলভাণ্ডাৰ|
খৰালি কালত ৫০০ বিঘামান পানীকালিৰ মৰণি বিলখন বাৰিষা ৫০০০ বিঘামানলৈ প্ৰসাৰিত হোৱাৰ পিছতো ৭৫০০ বৰ্গ কিলোমিটাৰ অৰুণাচল পাহৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ পানীয়ে মৰণি বিলৰ বহন ক্ষমতা ধ্বংস কৰি পেলোৱাত জীয়াধলেৰে বৈ অহা পানীবোৰেই ধেমাজি আৰু লখিমপুৰ জিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰে| এই তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা জি পি এছ যন্ত্ৰই বহু তথ্য যোগান ধৰিছিল| সেই তথ্যবোৰ বিশ্লেষণৰ পিছতে অৰুণাচলৰ ৭৫০০ বৰ্গ কিলোমিটাৰ বৰষুণৰ পানী মৰণি বিল আৰু সোৱণশিৰি নদীয়ে ধৰি ৰাখিব নোৱাৰা বাবেই জীয়াধলত বাৰিষা কালত বান উঠে|
জীয়াধলখন তিব্বতৰ পৰা সৃষ্টি হোৱা সোৱণশিৰি নাইবা ব্ৰহ্মপুত্ৰৰ দৰে দীঘল নদী নহয়| জীয়াধলখন অৰুণাচলৰ মৰণি বিলৰ পৰা ৮ কিলোমিটাৰ দীঘল| এই দুৰত্বত বছৰৰ ১২ মাহত ১৫ মিটাৰ গভীৰতাৰ পানী উপলব্ধ হয়|
প্ৰথমে ধল নামেৰে মৰণি বিলৰ পৰা বৈ অহা এই নদীখনে মৰিধল, এৰাধল অংশত ত্ৰাস সৃষ্টি কৰাৰ পিছত বৰ্তমান জীয়াধল নামেৰে বিশেষকৈ পশ্চিম ধেমাজি, লখিমপুৰৰ ঘিলামৰা অঞ্চলত ত্ৰাস চলাই আছে| নদীখনে অৰুণাচলত ৮ কিলোমিটাৰত ৫২ নং (বৰ্তমানৰ ১৫ নং) ৰাষ্ট্ৰীয় ঘাইপথক চোৱা অংশ পৰ্যন্ত ১৬ কিলোমিটাৰ, মুঠ ২৪ কিলোমিটাৰ জীয়াধল নামেৰে চিনাকি দিয়াৰ পিছত ২০ কিলোমিটাৰ কুমতীয়াৰ সৈতে বৈ আহি গোগামুখত ঘিলামৰা চমপৰা অংশ অতিক্ৰম কৰি বাঘমৰাৰে ৫০ কিলোমিটাৰ বৈ আহি খেৰকটা সুঁতিত নিজৰ যাত্ৰা সমাপ্ত কৰিছে| অৰ্থাৎ জীয়াধলখনৰ মুঠ দৈৰ্ঘ্য ৯৪ কিলোমিটাৰ|
১৯৫০ চনৰ আগলৈকে মৰণি বিলখনৰ গভীৰতা ১৫০ ফুটৰ অধিক আছিল আৰু প্ৰায় ২০,০০০ বিঘা মাটিৰে আৱৰা আছিল| ফলত এই হ্ৰদে বহু পানী সঞ্চয় কৰি বাকী থকা অলপ পানীহে জীয়াধলেৰে পঠিয়াই ধেমাজিক মাছ-কাছ, খৰি, বাঁহ, কাঠ, নিৰ্মাণৰ বাবে শিল-বালি আৰু খেতিৰ বাবে চূণযুক্ত বালিচঁহীয়া মাটি যোগান ধৰিছিল|
১৯৫০ চনৰ বৰভুঁইকঁপত জীয়াধলৰ উৎপত্তিস্থল মৰণি হ্ৰদটো পোত খোৱাত ৰাইজে হ্ৰ্দটোৰ নাম মৰণি বিল বুলি দিছিল| আগত প্ৰায় বিশ হাজাৰ বিঘা পৰিমাণৰ মাছ-কাছৰ ভঁৰাল মৰণি হ্ৰদৰ আকৃতি ৫০০ বিঘামানলৈ কমাত মৰণি বিলখন বাৰিষা ৪ কিলোমিটাৰ পৰ্যন্ত বহল হৈ পৰে| বিশেষকৈ মৰণি বিলখনক পানী যোগান ধৰা ৭৫০০ বৰ্গকিলোমিটাৰ অংশৰ বৰষুণৰ পানী ধৰি ৰাখিবলৈ অক্ষম হোৱা বাবেই ১৯৫০ চনৰ পিছৰ পৰা জীয়াধলখন ধেমাজিৰ বাবে চকুলো হৈ পৰিল|
১৯৫০ ৰ পৰা জীয়াধল নৈয়ে ছবাৰ গতি সলাইছে| প্ৰথম অৱস্থাত ১৯৩০-১৯৩৫ মানত জীয়াধলখন পাহাৰৰ কাষেৰে বৈ আহি ধেমাজিৰ পৰা ১৬ কিলোমিটাৰ উত্তৰৰ বিষ্ণুপুৰ হৈ ৬ কিলোমিটাৰ আঁতৰৰ মৰিধল হৈ জীয়াধল খন লেচীয়া বিলত বিলীন হৈছিল| বৰ্তমান সেই মৰিধল সুঁতিৰ অৱশিষ্ট আছে| দ্বিতীয়বাৰ গতি সলাই ১৯৬৯-৭২ লৈকে ধেমাজিৰ নগৰৰ মাজৰ এৰাঢল পঞ্চায়তখনৰ মাজেৰে বৈছিল| সেই এৰাঢলৰ এৰাসুঁতি আজিও আছে| ১৯৭৩ ত জীয়াধলে গতি সলাই বৰদলনিৰ পদুমনি থানৰ কাষেদি বৈ আহি ন-নদী ভেৱেলীয়ে বৈ গৈ ঘিলামৰা পথৰ টেঙাগড়াৰে পাৰ হৈ বিলমুখত পৰিছিল| ১৯৭৭ ত কুমতীয়াৰ পৰা জীয়াধলখন ২০০৩ ত চমৰাজানৰ পৰা ভজোগাঁও পৰ্যন্ত বৈছিল| ২০০৩ ৰ পৰা বৰ্তমান ২০১৬ লৈকে জীয়াধল কুমতীয়াৰে বৈ আছে|
লেখক-দিলীপ কুমাৰ হাজৰিকা
উৎস-দৈনিক অসম
English Summary: River JIADHOL
Published on: 13 May 2019, 02:03 IST