আপুনি যদি ধূমপান, মদ অথবা ড্ৰাগ্ছ আদি ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত, তেনেহ’লে এই নাগপাশৰপৰা মুক্ত হওঁক। ধূমপান অৰু মদ্যপানে আমাৰ শৰীৰত যথেষ্ট ক্ষতিসাধন কৰে। এই নিচাযুক্ত দ্ৰব্যবোৰ আমি জনাতকৈ কেইবাগুণে অধিক ক্ষতিকাৰক। এই অভ্যাসে আপোনাৰ শৰীৰটোক ৰোগগ্ৰস্ত(হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, কৰ্কটৰোগ, গেষ্ট্ৰাইটিছ, মানসিক ৰোগ, নিদ্ৰাহীনতা, অষ্টিওপৰ’ছিছ আদি) কৰাৰ উপৰি আপোনাৰ ঘৰুৱা সমস্যাৰ সৃষ্টি কৰে, সামাজিক বাতাবৰণৰ স্খলনত ইন্ধন যোগায় আৰু এই বদ অভ্যাসৰ বাবে আপোনাৰ সদ গুণবোৰ আনে নেদেখে। এনে ক্ষতিকাৰক বস্তুৰ প্ৰতি অহৈতুকী প্ৰীতি পৰিত্যাগ কৰক। যদিহে ধূমপান আৰু মদ্যপান বৰ্জন কৰিব পাৰে; ই আপোনাক ৰোগৰপৰা বচোৱা, পাৰিবাৰিক আৰু সামাজিক সুখ দি নিৰোগী আৰু দীৰ্ঘায়ু কৰাৰ উপৰি আপোনাৰ যথেষ্ট পৰিমাণে টকা বচাব।
English Summary:  Quit Smoking and Drinking
                Published on: 09 January 2019, 03:55 IST