আঘোণ আহিলেই মনলৈ আহে চেঁচোৰ পম খেদা সেই সোণালী ল'ৰালি। আমাৰ ল'ৰালি আজিৰ দৰে বৈদ্যুতিক মাধ্যম আৰু সামাজিক মাধ্যম, টিউশ্যন,হোমৰ্ৱকৰ মাজত আৱদ্ধ নাছিল।আমাৰ ল'ৰালি আছিল মুকলি-সাকলি,মনোৰম।ল'ৰালিতে আমি স্কুলৰ পৰা আহিয়েই লৰ ধৰিছিলো পথাৰলৈ চেঁচোৰ খান্দিবলৈ আৰু দাৱনীৰ লগত ভাত খাবলৈ।চেঁচোৰ থকা পথাৰখনৰ সৌন্দৰ্যই আমাক ইমানেই আকৰ্ষণ কৰে যে স্কুলৰ আহিয়েই ঘৰত থকাটো সম্ভৱ নহয়।
পথাৰত প্ৰথমে উপস্থিত হৈ দাৱনীৰ লগত ভাত খাই লওঁ,তাৰ পিছত আৰম্ভ কৰোঁ লগৰবোৰ আৰু ভাই-ভনীবোৰৰ লগত চেঁচোৰ গছ বিচৰা কাৰ্য। এগৰাকীয়ে গছ বিচাৰি যায় আৰু পালে গছজোপাৰ কাষতে কিবা মাৰি-চাৰি এডালেৰে চিন দি যায়। হোলোং ভাল হ'লে চেঁচোৰ খান্দিও ভাল লাগে। চেঁচোৰ শিপাডালক আমি পম বুলি কৈছিলো। পমবোৰ খান্দি গৈ থাকিলে চেঁচোৰজনী পাওঁগৈ। চেঁচোৰৰ চাইজবোৰ বেলেগ বেলেগ আছিল। আকাৰ-আকৃতিৰো বেলেগ। কোনোবাজনী চেঁচোৰ পিটিকি দিলে ফিচিককৈ পানী ওলাই। ভাল চেঁচোৰ সোৱাদ নিমখীয়া গাখীৰ দৰে। আমি খান্দি থাকোঁতে মুখেৰে গাই থাকো "ৰঙা মাটি খাই যা, বৰ বৰ ঢেপেচি হৈ যা" বুলি। কেতিয়াবা বৰ ঢেপেচি চেঁচোৰ পাওঁ। তেনে চেঁচোবোৰক বিয়নী পতা বুলি কওঁ। কোনে কিমান বেছিকৈ চেঁচোৰ খান্দি গোটাব পাৰোঁ তাৰ প্ৰতিযোগিতা পাতো। তাৰ পিছত বেছিকৈ পালে চেঁচোৰ যুঁজোৱা খেল খেলো। এজনৰ আঙুলি আনজন আঙুলি ফাঁকত সুমুৱাই তলুৱাৰ ওপৰ অংশত শকত-আবত চেঁচোৰ এজনী এজনী ৰাখি দুইজনে দুইখন হাতেৰে হেঁচা দিওঁ।যাৰ চেঁচোৰজনী হেঁচাৰ কোবত ভাগিব তেওঁৰ হাৰিব আৰু যাৰ নাভাগে তেওঁ জিকিব।
লগতে-
পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে
এইখিনিতে চেঁচোৰ বিষয়ে পৰিচয়টো দি থওঁ--চেঁচোৰ এবিধ নৈ,বিল আদিত পাত পেলাই মাছ ধৰা চিৰহৰিৎ গছ। আনহাতে চেচোৰ বাম/দ পথাৰৰ মাটিত হোৱা শিপা বা পম মেলি পমৰ মূৰত মিঠা গুটি লগা এবিধ একবৰ্ষীয় তৃণজাতীয় গছ আৰু গুটি।যিবিলাক শৈশৱতে অতিকৈ প্ৰিয় খাদ্য আছিল।
এতিয়া পথাৰত আগৰ দৰে চেঁচোৰ নাই, খান্দিবলৈ ল'ৰা-ছোৱালীৰ সময়ো নাই। বৈদ্যুতিক মাধ্যম আৰু যান্ত্ৰিকতাৰ কৃপাত সেই সকলো হেৰাই গৈছে। বিভিন্ন কাৰণত ভূগৰ্ভৰ জলস্তৰ বিলাক তললৈ নামিল, মাজখাল মাটিবিলাক বামহৈ গ'ল আৰু খেতিত প্ৰয়োগ কৰা মাত্ৰাধিক সাৰ আৰু কীটনাশক ফলত পথাৰত মাছ-তাছ নাইকীয়া হোৱাৰ দৰেই চেঁচোৰ গছবিলাকো পাবলৈ নোহোৱা হ'ল। চেঁচোৰ সোৱাদৰ আগত ভজা বাদামে কি পাত্তা পাব।।
লেখক : পদ্মজা বৰুৱা আৰু দিতুল গোহাঁই
লগতে পঢ়ক-