1. News

Agriculture Tourism: টীয়কৰ বনভোজস্থলীৰ কাষৰ কৃষিপামে আকৰ্ষণ কৰিছে পিকনিক দলক

KJ Staff
KJ Staff
Garden
Garden

আজি ২০২২ বৰ্ষৰ শেষৰটো দেওবাৰ অৰ্থাৎ বন্ধবাৰ। পৰিয়ালৰ সৈতে পুৰণি বছৰটোক বিদায় দি নতুন উদ্যমেৰে নতুন বছৰটোক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে।পৰিয়ালৰ সৈতে ওলাই আহিছে নানা পৰ্যটন স্থলীলৈ। যোৰহাট জিলাৰ পূব প্ৰান্তৰ টীয়ক সমষ্টিৰ অন্তৰ্গত হাতিশাল ইক’ পাৰ্কতো তেনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে। জাঁজী, ব্ৰহ্মপুত্ৰ আৰু ককিলা নদীৰ সংগমস্থল এই ইক’ পাৰ্কত এইবাৰ বছৰৰ এই শেষৰ দেওবাৰটোত যথেষ্ট পৰ্যটক তথা বনভোজ প্ৰেমীৰ আগমন পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে টীয়কৰ কেইবাগৰাকীও উদীয়মান যুৱকে যোৱা দুটা বছৰে উক্ত সংগমস্থলীৰ কাষত এখন পাম গঢ়ি তুলিছে। উক্ত পামত সৰিয়হ,মাহ,বিভিন্ন ৰবি শস্যৰ ধৰি বিভিন্ন প্ৰজাতিৰ ফুলৰ খেতি কৰিছে,গঢ় দিছে এক সুন্দৰ পৰিবেশৰ।লগতে উক্ত স্থানতে নিজৰ উৎপাদিত বিভিন্ন শাক-পাচলিৰে থলুৱা বিভিন্ন সুস্বাদু ব্যঞ্জনৰ খোৱাৰ সু-ব্যৱস্থা কৰিছে।

কৰিছে।লগতে শিশুসকল উমলিবলৈ এক শিশু উদ্যানৰো ব্যৱস্থা কৰিছে যুৱককেইজনে। ইপিনে পৰিকল্পিতভাৱে সকলো পৰ্যটকৰ বাবে আচুতীয়াকৈ নদীৰ ইপাৰে বনভোজস্থলীকে ধৰি গাড়ী মটৰ ৰখাৰ সুন্দৰ ব্যৱস্থা কৰিছে।

বিশেষকৈ উক্ত স্থানতে অসমীয়া চহা সমাজৰ পৰা ক্ৰমাত হেৰাই যাবলৈ উপক্ৰম হোৱা বিভিন্ন খেতি পথাৰত বাঁহীত সা সঁজুলি তথা অনান্য অসমীয়া কৃষ্টি সংস্কৃতিৰ উপাদানেৰে এক সংগ্ৰহালয়ৰ ব্যৱস্থা কৰিছে।সেয়ে নৱবৰ্ষটি আপোন পৰিয়ালৰ সৈতে হাতীশালত উপভোগ কৰিবলৈ  আহ্বান জনাইছে উদ্যোক্তাসকলে।

লগতে পঢ়কঃ যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত সজাগতা সভা আৰু প্ৰদৰ্শনী

প্ৰেৰকঃ

নিৰ্মলেন্দু পাঠক

যোৰহাট

English Summary: Agriculture Tourism Assam Teok

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.