অসমৰ অধিকাংশ কৃষকৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ মূলতে অসমৰ কৃষকে নিজৰ খেতি-মাটিসমূহ ছন পেলাই ৰখা বুলি বহুতে ক’ব খোজে। তেওঁলোকে বছৰত এটা খেতি কৰে। সেই ছমাহ কৃষকৰ পথাৰসমূহ ধানে উপচি পৰে। আৰু বাকী সময়খিনি অৰ্থাত ডিচেম্বৰৰ পৰা বহাগ-জেঠলৈ কৃষকসকলে মাটিসমূহ পেলাই ৰাখে। এই কামটো কিন্তু ভাৰতবৰ্ষৰ উন্নত কৃষিপ্ৰধান ৰাজ্যসমূহৰ কৃষকে নকৰে। তেওঁলোকে কোনো এটা শস্যৰ ছপোৱাৰ পাছতে এসপ্তাহো পৰি থাকিবলৈ নিদিয়ে সেই কৃষিভূমি। লগে লগে অন্য শস্যৰ বাবে সেই মাটিডোখৰ প্ৰস্তুতি চলায়। যদি ধান কাটিলে সেই ধানকটা ঠাইত লগে লগে শীতকালীন শস্যৰ খেতি বা ঘেঁহু খেতিৰ প্ৰস্তুতি চলাব। নাইবা আগতীয়া ধানকটা পথাৰখনত মগুমাহ, মচুৰমাহ, বুটমাহ, মটৰমাহ, মাটিমাহ আদি শস্যৰ খেতি কৰিব। কিন্তু অসমত দুই এজন কৃষকৰ বাদে এই কামটো অধিকাংশ কৃষকে নকৰে। যাৰবাবে সূদুৰ পঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ শস্যৰে অসমৰ বজাৰ, দোকান ভৰি থাকে।
কিন্তু অসমৰ কৃষকসকলে ধান খেতি কৰাৰ দৰেই অন্য শস্যৰ খেতি কিয় নকৰে! নে কৰিব নোৱাৰে নে সুবিধাৰ অভাৱ নে এনেকৈ খেতি কৰাৰ মানসিকতা নাই! নে অন্য কিছুমান অসুবিধা আছে! এই প্ৰশ্নকেইটাৰ উত্তৰ আজি এই আলোচনাত কৰা হ’ব।
১। কিয় নকৰে!
অসমীয়া মানুহৰ বাবে ধান খেতি এটা জীৱিকা নহয় এটা পৰম্পৰা দৰেই হৈছে। ধান খেতি কৰিব লাগেই বাবে কৰে। পূৰ্বৰে পৰা ধান খেতি কৰি আহিছে অন্য খেতি নকৰে গতিকে আজিও সেয়া অক্ষুণ্ণ আছে। আৰু ডাবল ক্ৰপিং খেতিৰ জ্ঞানো তেওঁলোকৰ সীমিত।
২। কৰিব নোৱাৰে কিয়!
ধান খেতি পূৰ্বৰ পৰা কৰি আহিছে। গতিকে ধান খেতি পৰম্পৰাগত কৃষি পদ্ধতিটো দেখি-কৰি শিকি আছে। কিন্তু বাকী শস্যৰ খেতিৰ বিষয়ে তেওঁলোকে নাজানে! জানিবলৈয়ো আগ্ৰহী নহয়। আৰু তেওঁলোক বেছিভাগেই নতুন শিক্ষাৰে শিক্ষিত নহয়। গতিকে কৃষিক্ষেত্ৰলৈ অহা শেহতীয়া পৰিৱৰ্তনবোৰৰ বিষয়ে তেওঁলোক অজ্ঞ।
লগতে পঢ়ক-
এতিয়াৰ পৰা বান্দৰ উপদ্ৰৱ থকা অঞ্চলতো কৰিব পাৰিব খেতি
৩। সুবিধাৰ অভাৱ
ডাবল ক্ৰপিং খেতিৰ বাবে কিছুমান সা-সঁজুলি আৰু সুবিধাৰো প্ৰয়োজন হয়। উদাহৰণস্বৰূপে- কাচিৰে ধান কটা মানে সময় লগা। কাচিৰে ধান কাটি নাঙলেৰে হাল বাই মাটি চাহ আৰু পানীৰ বাবে বৰষুণৰ বাবে ৰৈ থকালৈ বাট চাই থাকিলে কিছুমান নিৰ্দিষ্ট শস্যৰ ৰোপনৰ সময়ো উকলি যায়। গতিকে ধান দোৱা মেচিনেৰে ধান চপাই একেটা দিনতে টেক্টৰে হাল বায় চহাই, পানী মেচিনেৰে পানী যোগান ধৰি এটা সপ্তাহৰ ভিতৰতে সকলো কৰিব পৰা সুবিধাৰ প্ৰয়োজন হয়। এনে সুবিধাসমূহ আমাৰ কৃষকৰ মাজত নাই। এইক্ষেত্ৰত চৰকাৰেও পদক্ষেপ ল’ব লাগিব। মাহেকত পঞ্জাৱৰ পৰা আনি ২০ কেজি চাউল দুখীয়া মানুহক দিয়াতকৈ খেতি কৰিবৰ বাবে সুবিধা কৰি দিব লাগিব।
৪।কিছুমান অসুবিধা আছে!
অসমত ডাবল ক্ৰপিং খেতিৰ বাবে এটা প্ৰধান সমস্যা হ’ল উদঙীয়া গৰু আৰু জলসিঞ্চন। আমাৰ অসমৰ অধিকাংশ ঠাইতে আঘোণ-পুহৰ পাছতে গৰুসমূহ মেলি দিয়ে ফলত এই সময়ছোৱাত কিবা খেতি কৰাৰ আগতেই উদঙীয়া গৰু সমস্যাটোৱে কৃষকজনৰ মনত শংকাৰ সৃষ্টি কৰে। কাৰণ খেতি কৰিলেই জেওৰা নিদিলে, গৰু নৰখিলে উদঙীয়া গৰুৱে সৱ চাফা কৰিব। আনফালে, উদঙীয়া গৰুৰ পৰা ৰক্ষা পাবলৈ জেওঁৰা মাৰি খেতি কৰিবলৈ গলে খৰচ বেছি হয়। যাৰফলত কেতিয়াবা গছতকৈ কেৰেলা বেছি দীঘল হৈ পৰে। আনটো সমস্যা পানী। অসমৰ কৃষকে এতিয়াও বৰষুণৰ ওপৰত নিৰ্ভৰশীল। কিন্তু শীতকালত বৰষুণ নহয়। আনফালে পানীৰ সুবিধা নাই। গতিকে এই সমস্যাটোৰ বাবেই বহু কৃষকে ডাবল ক্ৰপিং খেতিৰ কৰিব নোৱাৰো।
এইবোৰৰ উপৰি অনেক সমস্যা আছে। পিছে এইবোৰক প্ৰত্যাহ্বান জনাই বহু কৃষকে ডাবল ক্ৰপিং বা বছৰত তিনিটা খেতি কৰি আছে। নাই নাই বুলি থকাতকৈ বা এই সমস্যাসমূহক প্ৰত্যাহ্বান জনাই যিসকল কৃষকে এই প্ৰত্যাহ্বানবোৰৰ মাজতে কাম কৰি আছে তেওঁলোকক অনুসৰণ কৰি আগবাঢ়ি যাব লাগে। তেতিয়াহে অসমৰ কৃষকসকলৰ অৱস্থা ভাল হ’ব। ইয়াৰ বিপৰীতে নাই নাই বুলি বহি থাকিলে অন্য কোনোবাই কৃষকৰ অৱস্থা ভাল কৰি যাব নোৱাৰে।
লগতে পঢ়ক-