Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 March, 2023 3:29 PM IST
Multilayer Farming System & its benefit

Multilayer Farming : সম্প্ৰতি অন্য বিভিন্ন ক্ষেত্ৰৰ দৰে কৃষিক্ষেত্ৰলৈয়ো বিভিন্ন পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনসমূহৰ লগত নিজক খাপ খোৱাই নল’লে  কৃষকসকল পিছপৰি যোৱা সম্ভাৱনা থাকে। কাৰণ এই পৰিৱৰ্তন সমূহৰ লগত আহে বিভিন্ন ন ন কৌশল, প্ৰযুক্তি। এই পৰিৱৰ্তনে কঢ়িয়াই অনা এটা নতুন কৃষিপদ্ধতি হ’ল- Multilayer Farming। এই পদ্ধতিৰে খেতি কৰিলে কৃষকসকল একেডখৰ মাটিতে অধিক উপাৰ্জন কৰিব পাৰিব।

বহুস্তৰীয় খেতিৰ নামটোৰ পৰাই জনা যায় যে এনে খেতি একে সময়তে একে ঠাইতে কৰা হয়। এই ধৰণৰ কৃষিক্ষেত্ৰত একেলগে ৩-৪ টা শস্যৰ খেতি কৰা হয়। ইয়াৰ বাবে কৃষকে প্ৰথমে এনে শস্য বীজ সিঁচা যি মাটিৰ ভিতৰত গজে, তাৰ পিছত একেখন পথাৰতে শাক-পাচলি বা অন্যান্য খেতি কৰিব পাৰে। এই পদ্ধতিৰেই খেতি কৰি সৰ্বেশ্বৰ বসুমতাৰীয়ে ২০২২ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰিছিল। একেদৰা মাটিতে তেওঁ কল, তামোল, কমলা, জলকীয়া, লিচু, নেমু আদি সন্মিলিতভাৱে ৰোপণ কৰি তেওঁ কৃষি কাৰ্যৰ ব্যয় সংকোচন কৰাৰ লগতে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক- 

অসমীয়া মানুহৰ আনৰ খেতি নষ্ট কৰা, তাঁত কটা, পুখুৰীত বিহ দিয়া স্বভাৱবোৰ কেতিয়া যাব

এই ধৰণৰ খেতিত প্ৰথমে সেই শস্যবোৰ সিঁচা হয় যিবোৰ মাটিৰ তলত থাকে, তাৰ পিছত এনে শস্য সিঁচা হয় যিবোৰ মাটিৰ তলৰ স্তৰৰ পৰা ওপৰলৈ আহে, তাৰ পিছত উচ্চ শস্য সিঁচা হয়। এই কৃষিক্ষেত্ৰত শস্য নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে সম্ভৱ হ’লে প্ৰশিক্ষণ লওক, লগতে প্ৰয়োজন হ’লে বিশেষজ্ঞৰ মতামত লওক। উদাহৰণস্বৰূপে- আপুনি ড্ৰেগন ফলৰ খেতি কৰিলে। ড্ৰেগন ফলৰ খালি ঠাইখিনিত আপুনি অনাৰস কৰিল। একেদৰে তামুল খেতিৰ মাজে মাজে মাজে কৃষকসকলে উদ্যান শস্য যেনে- লিছু, নেমু আদি ৰুৱ পাৰে। তামুল গছ ওখ হৈ গুছি গ’লে তলত লিছু নেমু আদি ডাঙৰ হৈ থাকিব। ইফালে, কৃষকজনে তামুলজোপাত পাণ, জালুক আদিৰ খেতি কৰিব পাৰে। লগতে কৃষকজনে আকৌ  নেমু লিছু আদি গছবোৰৰ মাজে অনাৰস, ৰঙালাও আদিৰ খেতি কৰিব পাৰে। একেডৰে ৰৱিশস্যৰ বেলিকাও কৃষকসকলে আলু ডাঙৰ হৈ অহাৰ লগে ৰঙালাও পুলি ৰোপন কৰিব পাৰে। একেডৰে সৰিয়হ তলীত কলপুলি ৰোপন, জিকা, আদিৰ খেতি কৰিব পাৰে।

ক্ষুদ্ৰ কৃষকৰ বাবে উপকাৰী

এই কৃষি ক্ষুদ্ৰ আৰু মধ্যবিত্তীয় কৃষকৰ বাবে অতি উপকাৰী। যিসকল কৃষকৰ মাটি কম, তেওঁলোকে কম ঠাইতো একেলগে বিভিন্ন শস্যৰ খেতি কৰিব পাৰে। এই খেতিৰ খৰছ খুব কম। আন শস্যৰ তুলনাত খৰচো কম। এই খেতিৰ পৰা পোৱা লাভ খৰচৰ পাঁচগুণ পৰ্যন্ত হয়। বিশেষজ্ঞসকলৰ মতে যদি এই কৃষিক্ষেত্ৰত এখন মাটিৰ ব্যয় এক লাখ হয়, তেন্তে কৃষকজনে সহজেই ৫ লাখ পৰ্যন্ত লাভ কৰিব পাৰে।

লগতে পঢ়ক- 

কৃষিলৈ মন মেলাৰ পূৰ্বে এই ৫ টা সম্পদ আপোনাৰ হাতত আছে নাই থিক কৰক

English Summary: Multilayer Farming System & its benefit
Published on: 06 March 2023, 02:19 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now