Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 May, 2019 5:23 PM IST
  • বাদুলিবোৰৰ শৰীৰৰ আকাৰৰ জোখ মতে মগজুটো অন্য প্ৰজাতিৰ পক্ষীতকৈ ডাঙৰ হয় (কিন্ত্ত বাদুলি পক্ষী নহয়)।
  • বিশ্বৰ আটাইতকৈ বৃহৎ বাদুলি হল গল্ডেন ক্ৰাউন ফ্লায়িং ফক্স (golden-crowned flying fox)।দূৰ্লভ প্ৰজাতিৰ ইহঁতৰ এটা পৈনত বাদুলিয়ে পাখি মেলিলে ইয়াৰ এটা মূৰৰ পৰা আনটো মূৰলৈ দৈৰ্ঘ হয় ৫-৬ ফুট (১.৫-১.৮ মিটাৰ)।
  • বিজ্ঞানী সকলে বিশ্বাস কৰে যে পৃথিৱীলৈ বাদুলিৰ আগমন ঘটিছিল ৬৫-১০০ মিলিয়ন (১মিলিয়ন=১০ লাখ) বছৰ আগতে। ডাইনচ’ৰৰ যূগত। অলপতে জনা গৈছে যে ‘অতিকায় বাদুলি’(megabat) বিলাক ৩৫ মিলিয়ন বছৰৰ আগতে পৃথিৱীলৈ আহিছিল।বিজ্ঞানী সকলে কব খোঁজে, অতিকায় বাদুলি বিলাক অতীজৰ বান্দৰ আৰু মানুহৰ ওচৰ সম্বন্ধীয় আছিল।
  • বেচি ভাগ মাইকী বাদুলিয়ে সিহঁতৰ পোৱালিক ভালকৈ ভৰিৰে সাৱটি ধৰি উৰিবলৈ যায়। কিছুমান প্ৰজাতিৰ
  • বাদুলিৰ আকৌ বুকুত মিছা নিপুলো থাকে যাতে উৰন্ত অৱস্থাত পোৱালিয়ে তাকে চুঁপি থাকিব পাৰে।
  • বেচি ভাগ বাদুলিয়ে জিৰণি,টোপনি মৰা,মিলন,পোৱালি জন্ম দিয়া কামবোৰ মূৰটো ত’ল কৰি ওলমি থাকিয়েই কৰে।
  • বেচি ভাগ বাদুলিৰ শৰীৰৰ বৰণ মূগা আৰু ক’লা হয়।কিন্ত্ত কিছুমান প্ৰজাতিৰ বাদুলিৰ মূগা ৰঙটোৰ ঠাইত কমলা বা ৰঙা হোৱাও দেখা যায়।
  • বহু সংখ্যক বাদুলিৰ কলনীত মাইকী বোৰে একে সময়তে পোৱালি দিয়ে।
  • এটা বাদুলিয়ে নাকৰ পাহিৰ সহায়ত ১৬ ছেঃমিঃ আতঁৰৰ পৰাই অন্য কোনো জীৱৰ দেহৰ উষ্ণতা অনুভৱ কৰিব পাৰে।
  • কিছুমান ‘মেক্সিকান ফ্ৰী-টেইলড’ বাদুলিয়ে এটা নিশাতে ৪০২ কিঃমিঃ পৰ্যন্ত উৰিব পাৰে। সিহঁতে মাটিৰ পৰা ১০,০০০ ফুট(৩০৪৮মিঃ) পৰ্যন্ত ওপৰলৈকে উৰিব পৰাৰ লগতে প্ৰতি ঘন্টাত ৯৭ কিঃমিঃ বেগেৰেও উৰিব পাৰে।
  • টোপনি যাবলৈ বাদুলিবোৰে এইবাবেই মূৰ তললৈ কৰি ওলমি লয় যাতে প্ৰয়োজন হলেই ইহঁতে উৰা মাৰি আতঁৰি যাব পাৰে।
  • বাদুলিৰ বৈজ্ঞানিক নাম হল Chiroptera, গ্ৰীক ভাষাত cheir মানে ‘হাত’ আৰু pteron মানে হৈছে ‘পাখি’। অৰ্থাৎ ‘হাতপাখি’।
  • বাদুলিৰ অৱশিষ্ট বিলাকক ‘guano’ বুলি কোৱা হয়। এই গোৱৰত আটাইতকৈ উচ্চ স্তৰৰ ফচফৰাচ আৰু নাইট্ৰজেন মিহলি হৈ থকাৰ বাবে ই কৃষকৰ বাবে এক অতি উত্তম সাৰ।
  • আমেৰিকাৰ গৃহ যূদ্ধৰ সময়ত বাদুলিৰ গোৱৰৰ পৰা বন্দুকৰ খাৰ পাউদাৰ বনোৱা হৈছিল।
  • চীন আৰু জাপানত বাদুলি হ’ল সূখৰ প্ৰতীক। চীনা ভাষাত ‘বাদুলি’ আৰু ‘সৌভাগ্যক’ একেটা শব্দৰে উচ্চাৰণ কৰা হয়। যাক ‘ফু’ (fu) বুলি উচ্চাৰণ কৰা হয়।
  • ৭০% বাদুলিয়ে পোক-পৰুৱা খাই জীয়াই থাকে । বাকী বোৰ গছৰ ফলৰ ওপৰত নিৰ্ভৰশীল।
  • বাদুলিৰ গৰ্ভধাৰণ ক্ষমতা ব’ৰ লেহেম। ইহঁতৰ পোৱালি জন্ম দিয়াৰ ক্ষমতাও কম। বাদুলিৰ গৰ্ভধাৰণ কাল সেই আকাৰৰ অন্য প্ৰাণীতকৈ দীঘলীয়া হয়।
  • বাদুলিয়ে ২০ৰ পৰা ১,২০,০০০ হাৰ্জৰ (Hz) কম্পনাংকৰ ভিতৰৰ শব্দবোৰ শুনা পায়। মানুহে ২০ৰ পৰা ২০,০০০ হাৰ্জ কম্পনাংকৰ শব্দবোৰহে শুনা পায়। কুকুৰে ৪০ ৰ পৰা ৬০,০০০ হাৰ্জৰ ভিতৰত কম্পনাংকৰ থকা শব্দবোৰ শুনে।
  • বাদুলীয়ে হিষ্টঅ’প্লাছম’চিছ (histoplasmosis)নামৰ ৰোগ বিয়পাব পাৰে।যাক ‘cave disease’ বা ‘darling disease’ নামেৰেও জনা যায়। ই এক বিৰল ভেকুঁৰ আৰু ‘ৰেবিজ’ সম্বন্ধিত ৰোগ। কিন্ত্ত এই ৰোগত মৰা মানুহৰ সংখ্যা ১০ লাখত এজন।ঠিক যেন বাথটাবত পৰি ডুবি মৰাৰ নিচিনা এটা সম্ভাৱ্য।
  • বহুতো প্ৰজাতিৰ বাদুলিয়ে অতিশব্দ (ultrasound) ৰ প্ৰতিধ্বনিত তৰংগ সংকেত পঠাবলৈ মূখখন মেলি লয়।আন কিছুমান প্ৰজাতিয়ে নাকৰ ফূটাইদি ইয়াক প্ৰেৰণ কৰে।
  • এটা বাদুলিৰ প্ৰতিধ্বনিত তৰংগৰ সংকেত ইমানেই তীক্ষ্ন যে ইয়াৰ সহায়ত মানুহৰ চুলিৰ সমান সূক্ষ্ম বস্ত্তৰ অনুমানও ইহঁতে লগাব পাৰে।
  • Pipistrelle নামৰ বাদুলিবোৰৰ ওজন এটা পইচাৰ ওজনতকৈও পাতল।ইহঁতৰ দৈৰ্ঘ মানুহৰ কনিষ্ঠ আঙুলিটোৰ সমান,কিন্ত্ত একে নিশাত ৩০০০টা মান পোক ভক্ষণ কৰে।
  • বহুতো প্ৰজাতিৰ বাদুলিয়ে শীতনিদ্ৰাত পৰে।এটা বাদুলিয়ে শীত নিদ্ৰাত পৰি পুনৰ সাৰ পাবলৈ জাগ্ৰত অৱস্থাৰ ৩০ৰ পৰা ৬০ দিনৰ সঞ্চিত শক্তি খৰচ কৰিব লগা হয়।
  • Bumblebee নামৰ থাইলেণ্ডত পোৱা বাদুলিৰ প্ৰজাতিটোৱেই হল পৃথিৱীৰ আটাইতকৈ সৰু আকাৰৰ বাদুলি। ইয়াৰ ওজন এটা পেনিৰ ওজনতকৈও কম। বৰ্ত্তমান এই প্ৰজাতি বিলুপ্তিৰ পথত।
  • কিছুমান বাদুলি,যিবিলাক শীত নিদ্ৰাত পৰে,সিহঁতে পূৰুষ বীৰ্য গৰ্ভতে ধাৰণ কৰি শীতনিদ্ৰা কালত ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে।যাৰ ফলত পোৱালিৰ জন্ম পলম হয়।
  • সমগ্ৰ বিশ্বত ১১০০তকৈ অধিক প্ৰজাতিৰ বাদুলি পোৱা যায়।
  • ভেম্পেয়াৰ বাদুলীয়েই বিশ্বৰ একমাত্ৰ প্ৰাণী যি একমাত্ৰ তেজকে খাদ্য হিচাবে গ্ৰহণ কৰি জীয়াই থাকে।
  • ভেম্পেয়াৰ বাদুলিয়েই মাটিত ভালকৈ চলা-ফুৰা কৰিব পৰা একমাত্ৰ বাদুলি।
  • ভেম্পেয়াৰ বাদুলি কেৱল মধ্য আৰু দক্ষিণ আমেৰিকাতহে পোৱা যায়।
  • এটা ভেম্পেয়াৰ বাদুলিয়ে নিজে সংগ্ৰহ কৰা খাদ্য কেতিয়াবা কলনীত ভোকত থকা অন্য বাদুলিৰ সৈতে ভাগ কৰি খোৱা দেখা যায়। ইহঁতে তেতিয়া তেজ খিনি আন ভোকোতোৰ বাদুলিৰ মূখত বমি কৰি দিয়ে ।
  • এটা ভেম্পেয়াৰ বাদুলিয়ে চিকাৰৰ দেহৰ পৰা নিশা চাহ চামোচৰ দুচামোচৰ সমান তেজ শুঁহি লয়। সেই তেজ খিনি মূখৰ জিভাৰ তলত থকা দুটা পথেদি দেহৰ ভিতৰলৈ প্ৰৱেশ কৰে। দেহে কেৱল ৰক্ত কোষ খিনিহে ব্যৱহাৰ কৰে,তাকো শুঁহি লোৱাৰ ঠিক দুই মিনিটৰ ভিতৰতে,বাকী ৰক্ত-প্লাজমা(পানীভাগ) খিনি শৰীৰে চেকি মূত্ৰ-নলীয়েদি বাহিৰ কৰি দিয়ে।
  • ই বিৰল যদিও কেতিয়াবা যদি ভেম্পায়াৰ বাদুলিয়ে মানুহ এজনক নিশা কামোৰে তেন্তে পিচ নিশাও পুনৰ সেইটো বাদুলিয়ে তেওঁৰ ৰক্ত পান কৰিবলৈ আহে। মানুহজন দূৰলৈ গুচি গলেও ইহঁতে উশাহৰ দ্বাৰাই চিকাৰৰ সন্ধান উলিয়াব পাৰে।
  • বাদুলিৰ পাখি দুখন আঙুলিৰ হাড়ৰ ৰপান্তৰ,ওপৰ অংশটো এখন পাতল ছালেৰে ঢাকি ৰখা। এইখন ছালেৰে গৰাকীৰ শৰীৰটোক ৯৫% ঢাকিব পৰা যায়,যিখন ছালে ইহঁতৰ শৰীৰৰ উষ্ণতা,ৰক্তছাপ,পানীৰ সমতা আৰু গেছ সাল-সলনি কাৰ্যত সহায় কৰে।
  • নিগনী কাণীয়া(mouse-eared bat) বাদুলিৰ হৃদস্পন্দন শীতনিদ্ৰাৰ কালত যদিও প্ৰতি মিনিটত ১৮ বাৰ,জাগ্ৰত অৱস্থাত কিন্ত্ত এই মাত্ৰা ৮৮০বাৰ।
  • আচলতে বাদুলি অন্ধ নহয়। বহু প্ৰজাতিৰ বাদুলীয়ে বৰ স্পষ্টকৈ দেখা পায়। ইহঁতৰ কিছুমানে আনকি আল্ট্ৰা ভায়লেট পোহৰকো দেখা পায়।
  • এটা মূগা বাদুলি (myotis) তাৰ আকাৰৰ অন্য প্ৰাণীতকৈ বহু বেচি কাল জীয়াই থাকে। ইহঁতৰ গড়-আয়ূস ৪০ বছৰ। আনহাতে সমান আকাৰৰ নিগনি এটাৰ জীৱনকাল মাত্ৰ ২ বছৰতকৈ কম।
  • পশ্চিম আফ্ৰিকাত small woolly প্ৰজাতিৰ বাদুলি বিলাকে ডাঙৰ মকৰাই পতা জালত বাস কৰে।
  • ‘Fruit bat’ নামৰ বাদুলিৰ প্ৰজাতিটো হ’ল ‘গোৱাম’ লোকৰ পৰম্পৰাগত খাদ্য। সেয়ে ইহঁতৰ অধিক চিকাৰ কৰাৰ ফলত আজি বাদুলি বিলাক বিলুপ্তিৰ পথত। বৰ্ত্তমান এওঁলোকে অন্য দ্বীপৰ পৰা এই বাদুলি মাংস আমদানি কৰিব লগাত পৰিছে।
  • বাদুলিৰ এটা সৰু কলনীয়ে এবছৰত ১ টনতকৈ (১০০০ কেঃজিঃ)তকৈ অধিক পোক-পৰুৱা খায়। নতুবা ৬০০ মিলিয়নতকৈ অধিক সংখ্যক ডাঙৰ গান্ধী-পোক,ফৰিং জাতীয় পোক-পতংগ খায়।
  • এটা বাদুলিয়ে ঘন্টাত ৬০০ টা গান্ধীপোক খাব পাৰে,যিটো এজন মানুহে এনিশাত ২০ টি পিঁজা খোৱাৰ দৰে কথা।
  • আন্তৰ্জাতিক ‘বাদুলি সংৰক্ষণ সংস্থা’ ৰ(Bat conservation international)মতে বাদুলিয়ে তিয়হ খেতিত আক্ৰমণ কৰা অসংখ্য ফৰিং, গুৱৰুৱা পোক ইত্যাদি খাই কৃষকৰ বহু ধন ৰক্ষা কৰে। তিয়হৰ খেতিত এবাৰত আক্ৰমন কৰা এনে পোক-পতংগৰ সংখ্যা ৩৩ মিলিয়নতকৈও অধিক হব পাৰে।
  • টেক্সাচৰ ‘ব্ৰাকেন বাদুলি গুহা’ (Bracken Bat cave)ই হৈছে বৰ্ত্তমানলৈকে মানুহে জনা আটাইতকৈ ডাঙৰ বাদুলিৰ কলনী। ২০ মিলিয়নতকৈ অধিক বাদুলীয়ে তাত বাস কৰে। যেতিয়া বাদুলি বিলাকে নিশা গুহা এৰি উৰা মাৰে তেতিয়া তাৰ আকাশত ভয়ানক ধুমহা অহা যেন লাগে। এই বোৰ বাদুলিয়ে নিশাটোতে ২০০ টন পোক-পৰুৱা খায় হজম কৰে।
  • কিছুমান গছৰ গুটি ইমানেই কঠিন যে ই নিজে নিজে গজিঁব নোৱাৰে। বাদুলিয়ে খাই হাগি দিয়াৰ পিচত মাটিত পৰি ইহঁত গজিঁ উঠে।বাদুলিয়ে এবছৰতে লাখ-লাখ গুটিৰ সঞ্চাৰ কৰে। গ্ৰীষ্ম মণ্ডলৰ বৰ্ষাৰণ্যৰ ৯৫% গছৰ বিস্তাৰ বাদুলিৰ দ্বাৰাই হয়।
  • বাদুলিৰ সাধাৰণতে দুটা গ্ৰুপ আছে। বৃহৎ,পুৰণি পৃথিৱীৰ ফলাহাৰী Mega bats,অতিকায় বাদুলি (megachiroptera) আৰু micro bats,সূক্ষ্ম বাদুলি (Microchiroptera)।বৰ্ত্তমানৰ ডাঙৰ বাদুলি বিলাকক ইংৰাজীত fruit bats বা flying fox বুলি জনা যায়,যি বিলাকে সাধাৰণতে উষ্ণ-মণ্ডলত বাস কৰে।ইহঁতে ডাঙৰ চকু দুটাৰ সহায়ত আন্ধাৰত আহাৰৰ সন্ধান কৰে। এইবোৰ বাদুলিয়ে সধাৰণতে গুহাৰ পৰিবৰ্ত্তে ডাঙৰ গছ বা পূৰণি গৃহত বাস কৰে। সৰু বাদুলিবোৰ আহাৰৰ বাবে পোক-পতংগৰ ওপৰত নিৰ্ভৰশীল।ইহঁতে সাধাৰণতে গুহাত বাস কৰে।
  • বাদুলিৰ এটা দলক ‘colony’ , কাউৰীৰ এটা দলক ‘murder’ আৰু জিৰাফৰ এটা দলক ইংৰাজীত ‘tower’বুলি কোৱা হয়।
  • লিখক; ইমৰান হুছেইন
English Summary: Know about Bat
Published on: 02 May 2019, 05:23 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now