Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 June, 2019 10:05 PM IST

বিষ্ণুপ্ৰসাদ ৰাভা (৩১ জানুৱাৰী, ১৯০৯- ২০ জুন, ১৯৬৯) অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল৷

জন্ম:-

১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্রেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়।তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহন কৰে। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপাল ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্নৰৰ এ.ডি.চি. (A.D.C. to the Governor of Bengal) পদলৈ পদোন্নতি দিয়া হৈছিল। দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল।

 

শৈশৱ আৰু শিক্ষা:-

বিষ্ণুপ্ৰসাদ ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।

তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায়। তাৰ পাছত ১৯২৯ চনত কোচবিহাৰ ভিক্টোৰীয়া কলেজলৈ বদলি হয় কিন্তু তাত চৰকাৰৰ কোপ দৃষ্টিত পৰাত ঢাকা কাৰমাইকেল কলেজত নাম ভৰ্তী কৰে। আই.এচ.চি. উত্তীৰ্ণ হৈ তেওঁ `ৰিপন কলেজ'ত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কিন্তু চোৰাংচোৱা পুলিচ ৰাভাৰ পাছত লগাত তেওঁ কলিকতাৰ পঢ়া এৰি কোচবিহাৰলৈ আহে আৰু 'ভিক্টোৰিয়া কলেজ'ত নাম লগায়। কোচবিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।

সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন:-

ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল।

১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।

১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে।

১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'চিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত গোৱালপাৰাৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।

ৰাজনৈতিক জীৱন:-

১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰপৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধান সভা নিৰ্বাচন প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰপৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।

ব্যক্তিগত জীৱন:-

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়বালা বৰুৱাৰ লগত বিবাহ পাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়৷ তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে৷ অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল৷ ১৯৫১ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়৷ কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয়। ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই গোৱালপাৰাৰ গোসাঁইগাওঁ অঞ্চলৰ বিন্নাকাটা গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই৷ মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয় ৷ এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা।

মৃত্যু:-

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত কলাগুৰুদেৱে মৃত্যুক সাৱতি লয়৷ পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।

সাহিত্য পঞ্জী:-

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ'ল:

উপন্যাস:-


সোণপাহী
মিচিং কনেং

নাটক:-


গেঙনি ৰেঙনি (নাটক)

প্ৰবন্ধ:-


অসমীয়া কৃষ্টিৰ চমু আভাষ

অতীত অসম

মুক্তি দেউল

গল্পসমূহ:-

 

মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং, ফুংকা (বড়ো ভাষাত ৰচিত)

সংগীত, কথাছবি, নাটক, চিত্ৰকলা:-

বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ৰাভাই বহুতো কালজয়ী গীত (পৰজনমৰ শুভলগনত, লগন উকলি গ'ল, টিলাই টিলাই ইত্যাদি) ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ ৰাভা-সঙ্গীত হিচাবে পৰিচিত।তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।প্ৰথম অসমীয়া কথাছবি "জয়মতী" নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ।ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ।

সন্মান:-

বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১.০১.২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে।তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)" আৰু "বিষ্ণু ৰাভা পুনৰ আহিব উভতি" শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা:-

বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা স্থাপন কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানীত কৰা হয়।

স্মৃতি উদ্যান:-

বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি উদ্যান তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ভৈৰৱী মন্দিৰৰ কাষতে অৱস্থিত। বিষ্ণু ৰাভাৰ সোঁৱাৰণত স্থাপিত এই উদ্যানৰ কাম-কাজ আৰম্ভ কৰে বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই। পাছলৈ অসম চৰকাৰে এই উদ্যানৰ দায়িত্ব লয়। উদ্যানৰ দেৱালত ৰাভাৰ বিভিন্ন কৰ্মৰাজী খোদিত কৰা আছে। এই উদ্যানৰ ভিতৰতে ৰাভাৰ সমাধি অৱস্থিত।

                                                                               (উৎসঃ ইণ্টাৰনেট, অসমীয়া ৱিকিপিডিয়া)

English Summary: KALAGURU Bishnuprassad Rabha
Published on: 19 June 2019, 10:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now