প্ৰায়েই শুনা যায় যে চৰকাৰে দিয়া ১ টকীয়া চাউল খায় আমাৰ মানুহবোৰে খেতি কৰিবলৈ এৰিছে। এইক্ষেত্ৰত কেৱল ১ টকীয়া চাউলক দায়ী কৰাৰ যুক্তিযুক্ততা কিমান? কিয় যুৱপ্ৰজন্ম চাকৰিৰ পিছত দৌৰিছে বা খেতি নকৰি ব্যৱসায় কৰিব বিছাৰিছে? কোনে ক'লে আপোনালোকক কেৱল ১ টকীয়া চাউল খাই নিম্ন মধ্যবিত্ত জীয়াই থাকে, বেলেগ খৰচ একো নাই বা অৰুণোদয় ১০০০ টকাৰে ঘৰ চলি থাকে।
কষ্টৰ মূল্য বনাম সামঞ্জস্য
এজন খেতিয়কৰ কষ্টৰ মূল্য এজন চাকৰিয়াল বা ব্যৱসায়ীৰ কষ্টৰ মূল্য সমান নহয়।ধৰি ললো ৬ মাহ কষ্ট কৰি ৩ বিঘা ধান খেতি কৰিলে এজন কৃষকৰ আয় কিমান হব পাৰে বুলি ভাবে আৰু এজন চৰকাৰী চাকৰিয়ালৰ ৬ মাহৰ দৰমহা।আকাশ পাতাল পাৰ্থক্য। এই পাৰ্থক্যটো অলপ হলেও কম হোৱাহলে আমিবোৰে হাহিঁ হাহিঁ খেতি কৰিব পাৰিলোহেতেন।এজন চাকৰিয়ালে তেওঁৰ পুতেক চাকৰিয়াল হোৱাটো বিছাৰে,এজন ব্যৱসায়ীয়ে তেওঁৰ পুতেক ব্যৱসায়ী হোৱাটো বিছাৰে,কিন্তু এজন খেতিয়কে?
TECNOLOGYৰ অভাৱতেই হওঁক, বানপানীৰ প্ৰভাৱতে হওঁক বন্য জীৱ-জন্তৰ প্ৰভাৱতেই হওঁক কৃষকে ফচল কম পায় আৰু কিছুমান ব্যৱসায়ী লবীৰ বাবেই হওঁক বা চৰকাৰী যোগান বিভাগ (BJP বা CONGRESS বুলি একো কথা নাই)ৰ অৰ্কমণ্যতাৰ বাবে আঁচনিবোৰ প্ৰকৃত খেতিয়কৰ ওচৰ নোপোৱাৰ বাবেই হওঁক কৃষকে উচিত মূল্য নাপায়।কিছুমানে উদাহৰণ দিয়ে পঞ্জাৱৰ খেতিয়কৰ। পঞ্জাৱৰ খেতিয়কে ধান বিক্ৰী কৰে চৰকাৰী মূল্যত আৰু আমাৰ ইয়াত ৬০০-৭০০টকা(খেতি চপোৱাৰ সময়ত)। এইবাৰ আকৌ এটা নতুন সমস্যা 'ইউৰিয়া'। গছকটো সৰ্বাধিক nitrogen এই লাগে। বন্ধ হৈছে ভাল কথা কিন্ত বিকল্পবিহীনভাৱে বন্ধ হোৱাটো বেয়া কথা। সন্মানীয় MLA প্ৰদীপ হাজৰিকাই অলপদিনৰ আগত ফচল কম হোৱাত বান্দৰৰ প্ৰভাৱ কি কবলৈ চেষ্টা কৰিছিল আৰু দেখা গ'ল Trollৰ উপৰি troll.......(যদিও মই তেওঁক ভোট দি জয়যুক্ত কৰা নাই, কিন্ত শুদ্ধটো শুদ্ধই) আপুনি জানেনে যেতিয়া এহেজাৰ বান্দৰ একেলগে আহে কি হয়? যদি নাযানে আপোনাৰ মুখখন বন্ধ ৰাখক। এতিয়া কোনোবাই Comment কৰিব খেতি কৰিলে ৰখিব লাগে। আহঁক সেই কেইজনকো বুজায় দিছোঁ, যদি জাতিলাঁও চাং এখন দি ৩ মাহ তাৰ তলত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ জুপুকা মাৰি বহি থাকো তাৰ পৰা পোৱা ১০,০০০(৩ মাহত Maximum) টকাই ঘৰ নচলে, মানে আপুনি বেলেগ কিবা এটা কৰিব লাগিব, কিন্তু কেতিয়া কৰিব? আপুনিতো চাঙৰ তলত বহি বান্দৰ ৰখি আছে। আৰু এটা উদাহৰণ মই নামতিৰ ল'ৰা, শিৱসাগৰৰ, ইয়াত দুটাই খেতি হয় এটা হ'ল সাঁচি আৰু আনটো ভোট জলকীয়া। মাটি থকা কিছুমানৰ বাগান আছে (অলপ ওপৰৰ খাপৰ মধ্যবিত্ত)। এতিয়া আহিলো সাঁচি লৈ, সাঁচিজোপা কাটিলেহে তাৰ সঠিক মানদণ্ড জনা যায়। ফলত কম দামত দি দিব লগা হয়। কৃষকসকলৰ মাজত আন্তৰ্জাতিক বজাৰলৈ নিয়াৰ ক্ষমতা নাই। কিছুমান লবীৰ মাজেদি যায়। ফলত কৃষকজনে আন্তৰ্জাতিক মূল্যৰ(netত পোৱা মতে) ১ শতাংশও কেতিয়াবা পাবলৈ সক্ষম নহয় আৰু পালেও খুব বেছি ১০% মূল্য পায়। মানে লাভটো হ'লগৈ ব্যৱসায়ী গোষ্ঠীৰ। এতিয়া আহো জলকীয়াৰ কথালৈ, বেছি দূৰলৈ নাযাওঁ, গুৱাহাটীত যেতিয়া ৫০০-৬০০ টকা চলি থাকে আমাৰ ইয়াত ৭০-৮০ টকাও per Kg চুই পাইছে।এতিয়া কওঁক মই খেতিটো কৰিম নে কিনি পেলাই বিক্ৰি কৰি কৃষকজনতকৈ বেছি আয় কৰিম? সেইকাৰণে ইয়াত কৃষক যিমান বেপাৰীও সিমান। ইয়াত ইয়াৰ দাম কমি যোৱাৰ মূলতে হ'ল কিছুমান দালাল জাতীয় দুষ্ট চক্ৰই বাহিৰৰ বেপাৰী সোমাব নিদিয়ে। মাধমাৰটো খালে কোনে, কৃষকে। ঠাই লৈ লৈ কৃষকৰ ওপৰত বেলেগ বেলেগ ধৰণে মাধমাৰ পেলোৱা হয়।
লগতে পঢ়ক-
Jute cultivation : ধান খেতি কৰিব নোৱৰা দ ঠাইত কৰক মৰাপাটৰ খেতি
এটা উপায় আছে এই পাৰ্থক্য দূৰ কৰাৰ, কৃষকৰ ফচলৰ মূল্য বাঢ়িব লাগিব বা চাকৰিয়ালৰ দৰমহা কমাব লাগিব বা কিছুমান নিৰ্দিষ্ট ব্যৱসায়ত অতিৰিক্ত লাভালাভ খোৱাত চৰকাৰে নাকি লগাব ।এতিয়া % কথাটো হ'ল ১ টকীয়া চাউলৰ কথা কোৱা এজন চাকৰিয়ালে এই কথাটো মানি ল'ব নে এজন ব্যৱসায়ীয়ে। কোনোবাই ক'ব পাৰিব নি যিহেতু মোৰ দেশখন দুখিয়া বা মোৰ officeত কাম কম, আমাৰ দৰমহা বিলাক অলপ কমাই দিলেও হ'ব। এইটো বাৰু বাদ দিলোঁ, চাকৰিয়াল এজনে ক’ব পাৰিবনে নিজৰ লৰাটোক যে তই চাকৰি বিছাৰিব নালাগে খেতিকে কৰ।ওপৰৰ এটাও যদি চৰকাৰে কৰিবলৈ বিছাৰিব এই কেইজনেই প্ৰথম আন্দোলন কৰিব। কোনোবাই ক’ব আমি চাকৰিও কৰো, খেতিও কৰো, এইখিনি মানুহ হয় কৃপণ নহয় FAT কমাবলৈ যোৱা মানুহ। প্ৰকৃত খেতিয়কৰ FAT নাথাকে, কি কমাবলৈ যাব।
এজন লোকে ৬ মাহ লোকৰ ঘৰত হাজিৰা কৰিলে, 6×30×300=54000 টকা, খেতি কৰিলে ইমান লাভ নহয়। কিন্তু দুখীয়া হ'লেও লোকৰ ঘৰত কেনেকৈ কাম কৰিবলৈ যাম, লাজ!গতিকে বহুক্ষেত্ৰত খেতি is the only one option. মূল্যবৃদ্ধিৰ যুদ্ধক্ষেত্ৰখনত শেষলৈকে জীয়াই থকা প্ৰাণীকেইটা হ'ব চাকৰিয়াল, চৰকাৰে নিজৰ status maintain কৰিবলৈ দৰমহাটো যেনেকে নহ’লেও দিবই। গতিকে পঢ়া, নিজকে উৎকৃষ্ট কৰা, চাকৰি লোৱা, খালি অলপ চলপ হ’লেও খেতি কৰা, কিন্তু ইমানবোৰৰ পিছত আকৌ খেতি কিয় ? কৃষক বন্ধুসকল এইকাৰণেই হাৰ মানি নিদিবা, বৰ্ধিত জনসংখ্যাই লাহে লাহে যি খাদ্য সংকট সৃষ্টি কৰিছে,আৰু কেইবছৰমান ধৈৰ্য ধৰা,কৃষক কেইজনেই ধনত ধনী ব্যক্তি হ’ব। সকলোৰে দিন আহে।