1. অন্যান্য

Indigo: ভাৰতত নীল বা ইণ্ডিগ’ খেতিৰ ইতিহাস আৰু সম্ভাৱনা

Mrigakshi Phukan
Mrigakshi Phukan
Indigo cultivation in India
Indigo cultivation in India

নীল (Indigo) হৈছে জোপোহাজাতীয় এক প্ৰকাৰৰ উদ্ভিদ। ই বীন পৰিয়ালৰ অন্তৰ্গত। ইয়াৰ অন্যান্য স্থানীয় নামবোৰ হৈছে নিলিনী, ৰঞ্জনী, গ্ৰামীণিয়া, কলোকেশী, নীলাপুষ্পা, মধুপত্ৰিকা। বৈজ্ঞানিক নাম: ইণ্ডিগ'ফেৰা টিঙ্কোৰিয়া। ই ফেবাচি পৰিয়ালৰ অন্তৰ্গত। এই উদ্ভিদৰ পৰা প্ৰাকৃতিক নীলা ৰং উৎপন্ন হয়। প্ৰাচীন কালত ইজিপ্ত, গ্ৰীচ আৰু ৰোমৰ লোকসকলেও ইয়াৰ নীলা ৰঙৰ বিষয়ে জানিছিল। ইজিপ্তৰ ১৮ তম ৰাজবংশৰ মামিবোৰ নীলা কাগজত মেৰিয়াই থোৱা হৈছিল।

বংগত ১৫ টা প্ৰজাতিৰ ইণ্ডিগোফেৰা গছ হয়। তাৰে ভিতৰত ভাৰতত ইণ্ডিগোফেৰা টিনকটৰিয়া নীলৰ খেতি কৰা হৈছিল। নীলত গুকোচাইড নামৰ ৰাসায়নিক পদাৰ্থ থাকে যি পানীত দ্ৰৱনীয়।

(Indigo Cultivation in india)

যিহেতু এই উপমহাদেশৰ মাটি নীল খেতিৰ (Indigo cultivation) বাবে বিশেষভাৱে উপযুক্ত, ব্ৰিটিছে নীল খেতিত বৃহৎ পৰিমাণৰ মূলধন বিনিয়োগ কৰিছিল। ইণ্ডিগো বা নীলৰ ব্যাপক খেতি নাদিয়া, জেচোৰ, বগ্ৰা, ৰংপুৰ আদিত হৈছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে  নীল খেতি অৰ্থনৈতিকভাৱে লাভজনক নোহোৱাত, কৃষকসকলে ধান আৰু মৰাপাট খেতিৰ ফালে গতি কৰিছিল। ১৮৫৯-৬০ চনত যেতিয়া ব্ৰিটিছ নীল প্ৰস্তুতকৰ্তা সকলে কৃষকক অত্যাচাৰ কৰি নীল খেতি কৰিবলৈ বাধ্য কৰিছিল, তেতিয়া নীল খেতিয়কসকলে ইয়াৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন গঢ়ি তোলে। ইয়াৰ পাছত, বংগত নীল খেতি লাহে লাহে নাইকিয়া হৈ যায়।

(How does Indigo colour is produced?)

নীল গছৰপৰা ৰং প্ৰস্তুত কৰাৰ পদ্ধতি

গছজোপা কাটি পানীত প্ৰায় ১২ ঘণ্টাৰ বাবে ডুবাই, সেউজীয়া ৰঙৰ নিষ্কাশনটো ইয়াৰ পৰা ওলাই আহিবলৈ দিয়া হয়। তাৰ পাছত এই নিষ্কাশনটো এটা নতুন পাত্ৰত ঢালি দিয়া হয়। ইয়াৰ পাছত এই দ্ৰৱণটো লাঠিৰে লৰাই দিব লাগে, যাতে বায়ুত থকা অক্সিজেন ইয়াৰ সংস্পৰ্শলৈ আহে। ফলস্বৰূপে, নীল পানীৰ তলত জমা কৰা হয় আৰু তাৰ পাছত পৃথক কৰি আৰু শুকুৱাই টুকুৰা টুকুৰা কৰা হয়। ইণ্ডিগোটিনৰ উপৰিও, ইয়াত অন্যান্য পদাৰ্থ থাকে, যাৰ ভিতৰত আছে ইণ্ডিৰুবিনিয়াম ইণ্ডিগো গ্ৰীণ আৰু ইণ্ডিগো ব্ৰাউন।

এই উদ্ভিদত ঔষধি গুণো বিদ্যমান। প্ৰাচীন ভাৰতত আয়ুৰ্বেদ শাস্ত্ৰঅনুসৰি, নীলা ৰঙৰ বহু গুণাগুণ আছে। আধুনিক কবিৰাজী চিকিৎসাত, নীলৰ শিপা আৰু পাত বিভিন্ন ৰোগত ব্যৱহাৰ কৰা হয়। পাতৰ ৰস মৃগীৰোগীৰ বাবে উপকাৰী।

বৰ্তমান ভাৰতৰ তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ আৰু ৰাজস্থানত ইণ্ডিগো বা নীলৰ খেতি কৰা হয়। ইয়াৰ কৃষকসকলৰ বেছিভাগেই ক্ষুদ্ৰ কৃষক বা পৰম্পৰাগত খেতিয়ক যি কেইবাটাও প্ৰজন্মৰ পৰা ব্যৱসায় কৰি আছে।

তামিলনাডুৰ টিণ্ডিভানাম নামৰ জিলাখন নীল ৰঙৰ বিকাশৰ বাবে আদৰ্শ, কিয়নো ইয়াৰ জলবায়ু গৰম আৰু আৰ্দ্ৰ, আৰু এই জিলাত উৎপন্ন হোৱা নীল ৰঙৰ উৎকৃষ্ট মানদণ্ডৰ বাবে সুনাম আছে। ইণ্ডিগো ৰঙৰ উৎপাদন জানুৱাৰী মাহত আৰম্ভ হয়। এই সময়ছোৱাত ইণ্ডিগোফেৰা টিঙ্কোৰিয়াৰ বীজ সমৃদ্ধ মাটিত হাতেৰে ৰোপণ কৰা হয়।

লগতে পঢ়কঃ Sapota/Chiku Cultivation অসমৰ কৃষকেও আৰম্ভ কৰক চপেটাৰ খেতি

English Summary: Indigo cultivation in India

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.