1. News

PMFBY: ফচল বীমা যোজনাই কিদৰে সহায় কৰিছে বিপদত পৰা অসমীয়া কৃষকক?

Mrigakshi Phukan
Mrigakshi Phukan
PMFBY
PMFBY

পিএমএফবিৱাই হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ‘খাৰিফ ২০১৬’ৰ অধীনত প্ৰৱৰ্তন কৰা এক শস্য বীমা আঁচনি৷ আৰম্ভণিৰে পৰা ই বতৰৰ অনিশ্চয়তাৰ ফলত হোৱা ক্ষয়-ক্ষতি প্ৰশমন কৰি পৰিশ্ৰমী কৃষকসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এই আঁচনিখনে শস্য বীমাৰ পৰিসৰত সৰ্বাধিক কৃষকক সামৰি লোৱাৰ পৰিকল্পনা কৰাৰ লগতে বীজ ৰোপণৰ পৰা শস্য চপোৱাৰ সময়লৈকে হোৱা অপ্ৰত্যাশিত ক্ষয়-ক্ষতিৰ বাবদ তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ অসমতো ২০১৬ চনৰ পৰা এই বীমা আঁচনিৰ ৰূপায়ণ কৰা হৈছে আৰু কৃষি বিভাগে আঁচনিখনক সফলভাৱে কাৰ্যক্ষম কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷

এক হেক্টৰলৈকে মাটিত কৃষকৰ বীমা-কিস্তি অসম চৰকাৰৰ ৰাজসাহায্যৰ অন্তৰ্ভুক্ত আছিল৷ চলিত বৰ্ষত পিএমএফবিৱাইৰ অধীনত ১ হেক্টৰ পৰ্যন্ত মাটিত নথিভুক্ত শস্যৰ খেতি কৰা কৃষকসকলে মাত্ৰ ১০০ টকাত এই বীমা লাভ কৰিব পাৰিব৷

অসমত পিএমএফবিৱাইৰ অধীনত খাৰিফ শস্য হিচাপে মাটিমাহ, শালিধান আৰু মৰাপাট আৰু ৰবি শস্য হিচাপে গ্ৰীষ্মকালীন ধান, আলু, কুঁহিয়াৰ আৰু সৰিয়হ সামৰি লোৱা হৈছে।

বিটিআৰ, কেএএচি আৰু এনচিএইচএচি অঞ্চলৰ বাহিৰে ৰাজ্যৰ সকলো জিলাতে গাঁও পঞ্চায়ত পৰ্যায়ত এই বীমা আঁচনিখন ৰূপায়ণ কৰা হৈছে৷ ৰবি ২০২১-২২ৰ বাবে আগন্তুক তিনি বছৰলৈ পাঁচটা বীমা কোম্পানীক তালিকাভুক্ত কৰা হৈছে৷

এই আঁচনিৰ অধীনত কামৰূপৰ কৃষক আইনুল হকে ৪,১০০ টকা লাভ কৰিবলৈ সক্ষম হয়। তেওঁ ৬ বিঘা মাটিত কৰা ফুলকবি, বন্ধাকবি আৰু স্থানীয় জাতৰ বেঙেনাৰ খেতি বৰষুণে নষ্ট কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)ৰ অধীনত তেওঁৰ ৰবি শস্যৰ খেতিৰ বীমা কৰোৱাইছিল বাবে উক্ত ধনৰাশি লাভ কৰিবলৈ সক্ষম হয়।

মৰিগাঁৱৰ কৃষক গোবিন মেধিয়ে বানপানীত এক হেক্টৰ শালিখেতি ক্ষতি হোৱাৰ বাবদ PMFBYৰ অধীনত ২,৪০০ টকা লাভ কৰিবলৈ সক্ষম হয়।

বজালী জিলাৰ অৱনী দাস নামৰ লোকজনে ২০২০ চনত ৭ বিঘা আধি মাটিত কৰা শালি খেতি বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰাই থোৱা কৃষকজনে ১৪,৮৫০ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিবলৈ সক্ষম হয়।

কৃষকসকল সজাগ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ বৈশিষ্ট্যসমূহৰ বিষয়ে তেওঁলোকে যদি ভালদৰে বুজি উঠে তেন্তে আঁচনিখনৰ জৰিয়তে অধিক হিতাধিকাৰী লাভান্বিত হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়কঃ FPO ৰ A-Z: কৃষকৰ এই সংগঠন চলাবলৈ চৰকাৰে দিয়ে ২৫ লাখ টকা

English Summary: How PMFBY is helping farmers in Assam?

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.