1. স্বাস্হ্য আৰু জীৱন

Komal Rice: নৰন্ধাকৈ খাব পৰা অসমৰ যাদুকৰী চাউল- কোমল চাউল

Mrigakshi Phukan
Mrigakshi Phukan
Komal Rice
Komal Rice

চাউল ভাৰতীয় ৰন্ধনপ্ৰণালীৰ এটা এৰাব নোৱাৰা অংশ। ভাত অবিহনে ৰাতিৰ আহাৰ বা দুপৰীয়াৰ আহাৰৰ কোনোটোৱে কল্পনা কৰিব নোৱাৰি। যদি আপোনাৰ আহাৰত চাউল অলপ নাথাকে তেন্তে কিবা এটা থাকি গ’ল যেন অনুভৱ কৰিব। ভাৰতীয়সকলে বিৰিয়ানি আৰু পোলাও ভাল পায়, আৰু এই ব্যঞ্জনবোৰৰ বিদেশতো জনপ্ৰিয়তা আছে। কিন্তু অসমৰ এবিধ চাউল- যাৰ সীমাহীন সম্ভাৱনীয়তা আছে, সেই চাউল এতিয়াও বিশ্বত নহয়, ভাৰততে অপৰিচিত।

হয়, আজি আমি কোমল চাউলৰ কথা পাতিবলৈ লৈছোঁ। নিসিজোৱাকৈ খাব পৰা এইবিধ চাউলৰ বিষয়ে খুব কম অনা অসমীয়া লোকেহে জানে। যেতিয়াই তেওঁলোকক প্ৰথমবাৰৰ বাবে কোমল চাউলৰ এই বৈশিষ্ট্যৰ বিষয়ে অৱগত কৰোৱা হয়, আশ্বৰ্যতে তেওঁলোকৰ চকু ডাঙৰ হৈ মুখ মেল খাই যায়।

পিছে সঠিক প্ৰচাৰৰ অভাৱৰ বাবেই কোমল চাউলক এতিয়াও মানুহে নাজানে। অৱশ্যে শেহতীয়াকৈ অসমৰ এই থলুৱা চাউলবিধৰ বিষয়ে জানিবলৈ বাহিৰৰ মানুহেও উৎসাহ দেখুৱাইছে। কোমল চাউলে একাধিক কাৰণত অতি সোনকালে জনপ্ৰিয়তা অৰ্জন কৰিছে।

কোমল চাউল নামটোৱে মানুহক ইয়াৰ বিষয়ে অধিক জানিবলৈ উৎসাহী কৰি তোলে। কাৰণ ইয়াৰ নামেই সূচায় যে নৰন্ধাকৈয়ে এই চাউল কোমল হয়। নৰন্ধাকৈয়ে সিজা চাউলৰ দৰে কোমল হোৱা বাবে ইয়াক আজিকালি ‘magic rice’ অৰ্থাৎ জাদুকৰী চাউল বুলি কোৱা হয়। অসমৰ কোনো কোনো ঠাইত ইয়াক বোকা চাউল নামেৰেও জনা যায়। ২০১৮ চনৰ আগষ্ট মাহত এই চাউলে GI Tag লাভ কৰে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই থ’লে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়াই থ’লে কোমল চাউল দৈ, গুৰ, কল আদিৰে সানি জলপান হিচাপে খাব পাৰি। ইয়াক অন্য ধৰণেও নিজৰ ৰুচি অনুযায়ী তৈয়াৰ কৰি খাব পাৰি।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়’টেকন’লজী বিভাগে তেওঁলোকৰ এক গৱেষণা পত্ৰত প্ৰকাশ কৰা মতে কোমল চাউলত ১০.৭৩ শতাংশ ফাইবাৰ (fibre) আৰু ৬.৪ শতাংশ প্ৰটিন(protein) থাকে আৰু এই ধানৰ প্ৰজাতিত মাত্ৰ ৪ পৰা ৫ শতাংশহে এমায়ল'জ(amylose) থাকে, যাৰ কাৰণে এই জলপান খালে পেটটো গধুৰ হৈ নাযায়।

নামনি অসমৰ নলবাৰী, বৰপেটা, গোৱালপাৰা, কামৰূপ, দৰং, ধুবুৰী, চিৰাং, বাক্সা, বঙাইগাঁও, কোকৰাঝাৰ আদি জিলাত ইয়াক শালি ধান হিচাপে প্ৰধানকৈ কৰা হয়। এই খেতি জুন মাহত আৰম্ভ হয় আৰু ডিচেম্বৰ মাহলৈ এই ধান চপোৱা হয়। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত এই কোমল চাউলৰ ধানৰ খেতি ব্যাপক হাৰত কৰা হয়। এতিয়া বিজ্ঞানসন্মতভাৱে এই খেতিৰ উত্তৰণ ঘটাবলৈ ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচেষ্টা চলাই আছে। বিশেষকৈ অন্ধ্ৰপ্ৰদেশ, বিহাৰ আৰু পশ্চিমবঙ্গ, যাৰ কৃষি জলবায়বীয় ক্ষেত্ৰ অসমৰ লগত কিছু পৰিমাণে মিল আছে।

কোমল চাউল প্ৰস্তত কৰিবৰ বাবে কোমল ধানৰ প্ৰজাতিৰ প্ৰয়োজন হয়। ধান চপোৱাৰ পাছত এটা নিশা তিয়াই ৰাখি উতলাই ৰ'দত শুকুৱাই ২৪ ঘণ্টাৰ ভিতৰত ইয়াক কোমল চাউললৈ ৰূপান্তৰিত কৰা হয়। কিন্তু এই সময়ছোৱাত এটা কথা মন কৰা উচিত যে ধানখিনি একে ৰ’দতে শুকুওৱা উচিত, নহ’লে চাউলখিনিৰ সোৱাদ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। কোমল ধানখিনি ভালকৈ নিতিওৱাকৈ ৰ’দত শুকুৱাই মিলত বা ঢেঁকীত খুন্দি চাউল জাৰি লৈ কেৰাহিত চাউলখিনি ভজা হয়। যেতিয়া চাউলখিনি কিছু ৰঙচুৱা হৈ পৰে তেতিয়া কেৰাহিৰ পৰা কাঢ়ি আনি সাঁচি ৰখা হয়। তাৰ পিচত খোৱাৰ কিছু সময়ৰ আগতে গৰম পানী দি তিয়াই ৰাখি দৈ, গুৰ মিহলি কৰি পৰিবেশন কৰা হয়।

লগতে পঢ়কঃ কোনবিধ ধানৰ খেতি কোন মাহত কৰিব? অসমত বিভিন্ন ধান খেতিৰ উপযুক্ত ঋতু

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

English Summary: Magic rice of Assam: Komal Rice

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.