Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 May, 2019 5:34 PM IST

মকৰাই পোক-পত্ংগ ধৰাৰ কাৰণেই জালখন সাজে আৰু জালত লগা পোক-পতংগ খাই জীয়াই থাকে।জাল গুঠি সম্পুৰ্ণ হ’লে কিছুমান মকৰা জালখনৰ মাজ অংশৰপৰা আঁতৰি গৈ কোনোবা এটা চুকত মনে মনে ৰৈ থাকে।মকৰা বৰ সংবেদনশীল আৰু ইহঁতৰ স্পৰ্শ অনুভুতি অতি প্ৰখৰ।জালখনত পোক-পত্ংগ পৰাৰ লগে লগে জালৰ আঠাত লাগি ধৰে।ফলত জালখনত কম্পনৰ সৃষ্টি হয় আৰু তেতিয়াই মকৰাই গম পাই পায়।জালত চিকাৰ বন্দী হৈছে।মকৰাটোৱে চিকাৰটোৰ গতি-বিধিৰ উমান লৈ কোনো ভয়ৰ কাৰণ নথকা যেন পালে ততালিকে গৈ বন্দী হোৱা চিকাৰক আক্ৰমণ কৰি মাৰি পেলায় আৰু গোঠা আৰু চিকাৰ আবদ্ধ কৰাৰ সময়ত ইহঁতৰ ঠেংকেইখনেৰে মলদ্বাৰৰ পৰা অতি খৰকৈ সুতা উলিয়াই বা সুতা টানি টানি বাহিৰ কৰি ঠেংকেইখনেৰেই বিভিন্ন স্থানত সংযোগ কৰাত বিশেষভাৱে সহায় কৰে।জালখনৰ কম্পনৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে গম পায় জালত লগা পোক-পত্ংগ কিমান ডাঙৰ বা সৰু।ডাঙৰ পোক-পতংগ বন্দী হ’লে সিহঁত তৎক্ষণাত ওচৰলৈ নগৈ কিছু সময় গমিপিতি চাইহে আগবাঢ়ে।ভয়ৰ আশংকা থাকিলে চিকাৰৰ ওচৰলৈ নগৈ পলাবলৈ চেষ্টা কৰে।সেই সময়ত জালৰ পৰা আঁতৰি গৈ গছ-গছনিৰ পাতৰ আঁৰত কোনো নিৰাপদ ঠাইত লুকাই আত্মৰক্ষা কৰে।কিছু সময় লক্ষ্য কৰি ভয়ৰ কোনো কাৰণ নাথাকিলে পুনৰ জাললৈ আহি আগৰদৰে চিকাৰৰ অপেক্ষাত ব্যস্ত হৈ পৰে।

কিছুমান মকৰাই জালৰ মাজ অংশত থাকি চিকাৰ নকৰে।ইহঁতে জালখনৰ মাজ অংশৰ পৰা আঁতৰি গৈ কিছুদুৰত ৰৈ থাকে।এনেদৰে ৰৈ থকাৰ সময়ত জালখনৰ মাজ অংশৰ লগত এডাল সুতা সংযোগ বা সংলগ্ন কৰি সেই সুতাডাল মকৰাই নিজৰ দেহৰ কোনো অংশৰ লগত সংলগ্ন কৰি ৰাখে।এনে কৰি ৰখাৰ কাৰণে জালত চিকাৰ বন্দী হ’লে জালখনত কম্পন সৃষ্টি হয় আৰু দুৰত ৰৈ থকা মকৰাৰ দেহৰ লগত সংলগ্ন কৰি ৰখা সুতাডালৰ এটা মুৰ দুৰৰ গছ-বাঁহ বা গছ গছনিৰ পাত বা বেৰ-চাল আদিৰো যিকোনো স্থানৰ লগত সংযোগ কৰি ৰাখে আৰু বিপদ-আপদৰ সংকেত পালে সেই সুতাডালেৰে বগাই পলায়ন কৰে।চিকাৰ ধৰা আৰু আত্মৰক্ষাৰ ক্ষেত্ৰত ভিন ভিন মকৰাৰ কৌশল বেলেগ বেলেগ ।এনে কিছুমান মকৰা আছে যিয়ে ভয়ৰ সংকেট পালেই ঠেং-ভৰি কোচাই লাডুৰ দৰে জথৰ হৈ পৰি থাকে ।দুবিধ মকৰাৰ চিকাৰ ধৰা কৌশল উল্লেখ কৰা হ’ল।

স্কাইটদেছ:

এইবিধ মকৰাৰ চিকাৰ ধৰা কৌশল অতি আচৰিত।ইহঁতে পোক-পতংগটোৰ চাৰিওফালে নিজৰ দেহৰ পৰা সুতা উলিয়াই তৎক্ষণাত জাল এখন তৈয়াৰ কৰি আবদ্ধ কৰি পেলায়।ইহঁতে ইমান খৰকৈ জালখন তৈয়াৰ কৰে যে পতংগই টলকিবই নোৱাৰে,নিমিষতে জালৰ ভিতৰত বন্দী হৈ চটফটাই থাকি কিছু সময়ৰ পিছত মৃত্যুক আঁকোৱালি লয়।

কুকুৰনেচীয়া মকৰা:

 

এইবিধ মকৰাৰ চিকাৰ ধৰাৰ কৌশল কুকুৰনেচীয়া বাঘৰ দৰে।ইহঁতে মনে মনে লুকাই লুকাই চিকাৰৰ সন্ধানত ঘুৰি ফুৰে।ক’ৰবাত চিকাৰ দেখিলেই ইহঁত অতি সচেতন হৈ পৰে আৰু চকুৰ পচাৰতে চিকাৰ কৰায়ত্ত কৰি বধ কৰে।

বিচিত্ৰতাৰে ভৰা মকৰা জগতখনৰ আন এবিধ মকৰা আছে সিহঁত পানীৰ তলতো থাকিব পাৰে।এইবিধ মকৰাই পানীৰ তলত বহি সাজে যদিও সিহঁতে কিন্তু অক্সিজেন ওপৰৰপৰাহে লয়।ইহঁতে মুখৰপৰা সুতা উলিয়াই জান-জুৰিৰ পানীৰ তলত একো একোটা কোঠা তৈয়াৰ কৰি লয়।কোঠাটো যাতে পানীৰ ওপৰলৈ ওপঙি আহিব নোৱাৰে,সেই কাৰণে কোঠাৰপৰা কিছুমান সুতা বাহিৰ কৰি পানীৰ তলত থকা শিল বা গছ-গছনি আদিত সংলগ্ন কৰি ৰাখে।আন এডাল সুতাৰে পানীৰ উপৰি ভাগত ওপঙি থকা শেলুৱৈ বা আন গছৰ লগত সংযোগ কৰি আনটো মুৰ পানীৰ তলৰ কোঠাটোৰ লগত সংযোগ কৰি ৰাখে।এনেদৰে সংযোগ কৰি ৰখা সুতাডালেৰে এবাৰ কোঠাটোৰ ওচৰলৈ আকৌ এবাৰ পানীৰ ওপৰলৈ অহা-যোৱা কৰি থাকে।ইয়াৰ কাৰণ হ’ল-মকৰাৰ জালখনত বা কোঠাটোৰ গাত কিছুমান অতি সৰু সৰু শুং থাকে আৰু মকৰাটোৱে সেই শুংবোৰৰ মাজত একোটাকৈ বায়ুৰ কণা পানীৰ ওপৰৰ পৰা সংগ্ৰহ কৰি নি তললৈ গৈ বাহটোত সুমুৱাই থয়গৈ।এনেদৰে বাৰে বাৰে বায়ুকণা সংগ্ৰহ কৰি নি কোঠাটো বায়ুৰে পৰিপুৰ্ণ কৰি ৰাখে।বায়ুৰ মাজত অক্সিজেন থাকে কাৰণেই মকৰাই তাৰ সহায়ত অতি সহজে বায়ু সেৱন কৰি চলি থাকিব পাৰে।

উৎস:দৈনিক অসম

English Summary: How do Spiders hunt
Published on: 02 May 2019, 05:34 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now