Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 January, 2019 7:40 PM IST

আধুনিক যুগৰ বাইচাইকেল পাবলৈ বহুতে বহুবছৰ বিভিন্ন সময়ত কষ্ট কৰিবলগীয়া হৈছিল।১৭৯১ খ্ৰীষ্টাব্দত ফ্ৰান্সৰ কমে (Comte mede de Sivrac)নামৰ লোক এজনে বহিব পৰা আসনখন ওখত স্থাপন কৰি এখন বাই চাইকেল বনাইছিল।বাই চাইকেলখনৰ পেডেল নাছিল।মাটিত ভৰি থৈ ঠেলি ঠেলিহে আগবাঢ়ি যাব লাগিছিল।১৮১৭ খ্ৰীষ্টাব্দ মানত জাৰ্মানীৰ বৰণ (Baron karl von drais de Soverbrun)নামৰ মানুহ এজনে এনে বাইচাইকেলত ঘুৰাব পৰা হেণ্ডেল লগালে আৰু সমজোখৰ দুটা চকা লগাই ৰয়েল গাৰ্ডেনত ঘুৰি ফুৰিব পৰাৰ ব্যৱস্থা কৰিলে।প্ৰথম চকাটো ঘুৰাব পাৰি,কিন্তু আগুৱাই যাবলৈ ভৰিৰে মাটিত ঠেলিহে যাব লাগে।এই বাই চাইকেল খন সম্পুৰ্ণ কাঠেৰে সজোৱা হৈছিল।এই বাইচাইকেলখন হ’বী হৰ্ছ বুলি জনাজাত হ’ল।কিন্তু সমাজত জনপ্ৰিয় নহ’ল। ১৮৩৯ খ্ৰীষ্টাব্দত স্কটলেণ্ডৰ কিৰপ্ৰেট্ৰিক মেকমিলান নামৰ এগৰাকী কমাৰে বাই চাইকেল তৈয়াৰ কৰি পেডেল লগাই দিলে যাতে পাহাৰৰ ওপৰলৈ উঠি যাব পাৰি।এনে আৰ্হিৰ বাইচাইকেলখন মানুহৰ মাজত জনপ্ৰিয় হৈ উথিল।এই বাইচাইকেলখন ‘বেগী ভৰি’হিচাপে জনাজত হৈ পৰিল।বাইচাইকেলখন সম্পুৰ্ণ কাঠেৰে নিৰ্মিত আৰু টায়াৰ বনোৱা হ’ল ধাতুৰে ।বাইচাইকেলখন চলাওঁতে ওখোৰা-মোখোৰা পথত দেহৰ হাড় জিকাৰ খাই উঠে।সেই কাৰণে বাইচাইকেলখনক ‘হাড় কঁপোৱা’যন্ত্ৰ বুলিহে মানুহে ক’বলৈ ধৰিলে। ১৮৬৫ খ্ৰীষ্টাব্দত দুটা চকাৰ বাইচাইকেল এখন ওলাল আৰু সন্মুখৰ চকাটোত পেডেলৰ ব্যৱস্থা কৰা হ’ল।

১৮৭০ খ্ৰীষ্টাব্দত ধাতুৰ যন্ত্ৰ ওলোৱাত বাইচাইকেলৰ সন্মুখৰ বৃহৎ চকাটোত দীঘলীয়া স্পক আৰু কঠিন টায়াৰ তৈয়াৰসংলগ্ন কৰিলে যাতে বাইচাইকেল আৰোহীয়ে আৰমেৰে চলাব পাৰে।লাহে লাহে কাৰখানাত সন্মুখৰ চকা বনোৱা কাম আৰম্ভ হ’ল।সকলোৱেই বুজি পালে ৱযে যিমানেই চকাটো ডাঙৰ হয়,সিমানেই বেছি পেডেল মাৰিলে বাইচাইকেলখন আগুৱাই যায়। ১৮৮০ খ্ৰীষ্টাব্দত জেমছ ষ্টাৰলি নামৰ ইংৰাজ এজনে এখন বাইচাইকেল সাজি উলিয়ালে,য’ত একে আকৃতিৰ দুটা চকা আৰু চেইনৰ ব্যৱস্থা কৰিলে।সেয়েহে এনে বাই চাইকেলখন ‘নিৰাপদ বইচাইকেল’বুলি জনপ্ৰিয় হৈ উঠিল।কিছু বছৰ পিছত কাৰখানাত উন্নত ধৰণৰ বাইচাইকেল নিৰ্মাণ হ’বলৈ ধৰিলে,য’ত লোহাৰ চকাৰ ফ্ৰেম,লোহাৰ চেইন আৰু বহা আসনখন এটা নিৰ্দিষ্ট উচ্চতাত স্থাপন কৰিলে।তদুপৰি বাইচাইকেলৰ পিছফালেও আন এখন আসনৰ ব্যৱস্থা কৰা হ’ল।যাতে আৰোহীৰ স’তে আন এজনো বহি যাব পাৰে।লগে লগে বাইচাইকেলখনত পোহৰআৰু ঘণ্টাৰ ব্যৱস্থাও কৰা হ’ল।অৱশ্যে বাই চাইকেলখনত আইৰিছ পশু চিকিৎসক ডাললোপেই প্ৰথম টায়াৰ লগাই নিজৰ ল’ৰাকেই চলাবলৈ দিছিল। এইদৰে বাইচইকেল আৱিষ্কৃত হৈহৈ আজিৰ যুগৰ বিভিন্ন মডেলৰ বাইচাইকেল কাৰখানাত তৈয়াৰ হ’বলৈ ধৰিলে।

English Summary: History of Bicycle
Published on: 16 January 2019, 07:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now