অসমত প্ৰাপ্ত স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত বাঘ, গঁড়, নলগাহৰী, খাগৰিকটা শহাৰ দৰেই সোনালী বান্দৰো আমাৰ অসমত প্ৰাপ্ত বিলুপ্তপ্ৰায় তালিকাভুক্ত এক আপুৰুগীয়া প্ৰাণী। পিছে আন প্ৰাণীসমূহৰ পৰা এই সোনালী বান্দৰক স্পষ্টকৈ বেলেগ এক শাৰীত ৰাখিব পাৰি কাৰণ এই প্ৰাণীক অসমৰ এটা সৰু অঞ্চল আৰু ভূটানৰ পাহাৰৰ এক বিশেষ অঞ্চলৰ বাদে পৃথিবীৰ আন ক'তোই পোৱা নাযায়। ভাৰতৰ ভিতৰত কেৱল অসমতে সোনালী বান্দৰ পায়। পূৱে মানাহ নৈৰ পৰা পশ্চিমে সোণকোষনৈ আৰু উত্তৰে ভূটান পাহাৰৰ (ব্লেক মাউন্টেন) ২৪০০ মিটাৰ উচ্চতাৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদলৈ এক সৰু অঞ্চলৰ জংগল সমূহে এই প্ৰাণী বিধৰ বিচৰণস্হলী। কিন্তু কিয়...? মজাৰ কথা হ'ল এই বান্দৰে সাঁতুৰিবলৈ নজনাৰ বাবে এই ডাঙৰ নৈ কেইখনৰ মাজতেই গোটেই প্ৰজাতিটোই আবদ্ধ হৈ ৰ'ল। দেখাত প্ৰায় একেই হোৱা বাবে বহুতেই টুপিমূৰিয়া বান্দৰকে সোনালী বান্দৰ বুলি ভুল কৰে।
সোণালী বান্দৰৰ ইংৰাজী নাম Golden langur, বাংলাত সোনালী বানৰ বড়ো ভাষাত ইয়াৰ নাম মাকৰিগফুৰ ভূটিয়া ভাষাত সোণালী বান্দৰৰ নাম সুগ্ৰীৱ, গোৱালপৰীয়াত ইয়াক বগা বান্দৰ বুলিও কয়। ইয়াৰ বৈজ্ঞানিক নাম ট্ৰেকিপিথেকাছ জী (Trachypithecus geei)। ১৯৫৩ চনত চাহখেতিয়ক আৰু প্ৰকৃতিবিদ এডৱৰ্ড প্ৰিচাৰ্ড জীয়ে (E.P. Gee) পোনপ্ৰথম বাৰৰ বাবে সোনালী বান্দৰৰ অস্তিত্ব পোহৰলৈ আনে আৰু সেয়েই সোণালী বান্দৰৰ বৈজ্ঞানিক নামৰ লগত তেখেতৰ নামটোও সাঙোৰ খাই আছে। সোণালী বান্দৰৰ উপক্রান্তীয় আর্দ্র পর্ণপাতি বনৰ (subtropical moist deciduous forest) বাসিন্দা। ইহঁত ওখ গছত বিচৰণ কৰে। সোনালী বান্দৰে শিলিখা, ভোমৰা, মৰাই, তিতাচপা,পাৰলি, সিংগুৰী, বান্দৰডিমা, নাহৰ, পলাস, মদাৰ, কাঞ্চন, তেতেলি, ঔটেঙা, ছেলেঙ, ওদাল, থেকেৰা, নলবাঁহ, আম, শিমলু, ছতিয়না আদি গছৰ পাত, ফল বা ফুল খায়। সোনালী বান্দৰে পানীৰ বাবে খুউৱ কমেইহে মাটিত নামে, গছৰ পাতৰ ৰসে ইয়াৰ শৰীৰত পানীৰ অভাৱ পূৰণ কৰে।
সোনালী বান্দৰ ৰাতিপুৱা আৰু আবেলি ভাগত বেছিকৈ সক্রিয় থাকে আৰু সেই সময়তে ইহঁত খাদ্য গ্ৰহণ কৰে। দুপৰীয়াৰ সময় খিনি ইহঁতে ওখ গছত জিৰণি লয়। সোনালী বান্দৰ অতি লাজুক আৰু শান্ত স্বভাৱৰ, আন বান্দৰৰ দৰে ইহঁতে হুলস্থুল নকৰে। সোনালী বান্দৰৰ নেজডাল সাধাৰণ বান্দৰতকৈ দীঘলীয়া হয় আৰু ইহঁত এটা জাকত বিচৰণ কৰে। দল এটাত এটাই মতা বান্দৰৰ থাকে, বাকীবোৰ ম'তা বান্দৰে ল'গহৈ সৰু সৰু জাক পাতে। সোনালী বান্দৰ ৫-৬ বছৰত প্ৰজননৰ উপযুক্ত হয়, ডিচেম্বৰ- জানুৱাৰী ইহঁতৰ প্ৰজননৰ সময়। এই সময়ত ইহঁতৰ গাৰ বৰণ আটাইতকৈ গাঢ় সোনালী হয়। ২০০ দিনৰ গৰ্ভাবস্থাৰ পিছত জুলাই-চেপ্টেম্বৰ মাহত সোনালী বান্দৰে পোৱালী দিয়ে। প্ৰাপ্তবয়ষ্ক সোনালী বান্দৰ এটা দীঘলে ৫০ৰ পৰা ৬০ ছে.মি. লৈকে হয় আৰু ইহঁতৰ ওজন ৯.৫ৰ পৰা ১১ কিলোগ্ৰাম লৈকে হয়।
সোনালী বান্দৰ পোৱা কেইখন উল্লেখযোগ্য হাবি হ'ল কাকৈজানা সংৰক্ষিত বনাঞ্চল, বামুণগাঁও প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, নাককাটি সংৰক্ষিত বনাঞ্চল, ভূমিশ্বৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, ভৈৰৱচূড়া প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, চক্ৰশীলা অভয়াৰণ্য, মানাহ সংৰক্ষিত বনাঞ্চল, ৰিপু আৰু চিৰাং সংৰক্ষিত বনাঞ্চল আদি। অসমৰ চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও আৰু ধুবুৰী জিলা আৰু ভূটানৰ ২৪০০মি. উচ্চতালৈ এক অতি ঠেক পৰিসৰৰ বাহিৰে পৃথিবীৰ আন ক'তো নোপোৱা সোনালী বান্দৰ আমাৰ অসমবাসীৰ বাবে গঁড়ৰ দৰেই এক আপুৰুগীয়া বনজ সম্পদ। অৱশ্যে মানুহে ধৰি নি এৰি দিয়া কিছু সোনালী বান্দৰ গুৱাহাটীৰ উমানন্দ মন্দিৰ, ত্ৰিপুৰাৰ চিপাইজালা আৰু ত্ৰিষ্ণা অভয়াৰণ্যতো আছে যিবোৰ কিন্তু সোনালী বান্দৰ স্বাভাৱিক বাসস্থান নহয়। অসমৰ ক্ৰমবৰ্দ্ধমান বনাঞ্চল ধ্বংসৰ ফলত আপুৰুগীয়া এইবিধ প্ৰাণী আজি তীব্ৰ সংকটৰ গৰাহত, বনধ্বংস ৰুধিৰ নোঁৱাৰিলে আমি অচিৰেই হেৰাই পেলাম আপুৰুগীয়া এই প্ৰাণীবিধকো।টুপিমূৰিয়া বান্দৰ, গাৰ বৰণৰ পৰা আৰাম্ভ কৰি দেখাত প্ৰায় একে হোৱা বাবে বহুতেই ইয়াক সোনালী বান্দৰ বুলি ভুল কৰে।