প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ কেন্দ্রীয় চৰকাৰে মৰণােত্তৰভাৱে পদ্মভূষণ বঁটা আগবঢ়াইছে (Former Chief Minister of Assam Tarun Gogoi given Padma Bhushan Award posthously)
যোৱা কালি কেন্দ্রীয় চৰকাৰে ঘােষণা কৰা পদ্ম বঁটা অসমৰ মুঠ ৯জন ব্যক্তিয়ে লাভ কৰে। ইয়াৰে তৰুণ গগৈলৈ পদ্মভূষণৰ লগতে অন্য ৮জন ব্যক্তিক পদ্মশ্রীৰে সন্মানিত কৰা হৈছে। পদ্মশ্রী লাভ কৰিছে ক্রমে সমাজকর্মী লখিমী বৰুৱা, বীৰুবালা ৰাভা, কলা সাধক গােপীৰাম বৰগায়ন বুঢ়াভকত, দুলাল মাকি, ৰাজনীতিক বিজয়া চক্রবর্তী, শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত ইমৰান শ্বাহ, মংগল সিং হাজোৱাৰী, শিক্ষা-সাহিত্য আৰু সাংবাদিকতা ক্ষেত্ৰত ৰমেন শৰ্মাই। পদ্ম বিভূষণেৰে সন্মানিত কৰাসকলৰ ভিতৰত জাপানৰ প্রাক্তন প্রধানমন্ত্রী শ্বিনজো আবে সংগীতকাৰ এছ পি বালসুব্রমণিয়াম (মৰণােত্তৰভাৱে), কর্ণাটকৰ চিকিৎসক বেলে মনাপ্পা হেগড়েও আছে। এইবছৰ ৭জন ব্যক্তিলৈ পদ্মবিভূষণ আগবঢ়োৱা হয়। ইফালে লােকসভাৰ প্রাক্তন অধ্যক্ষা সুমিত্রা মহাজন, প্রধানমন্ত্রী প্রাক্তন প্রধান সচিব নৃপেন মিশ্র, প্রাক্তন কেন্দ্রীয় মন্ত্রী প্রয়াত ৰামবিলাস পাছােৱান (মৰণােত্তৰভাৱে) আৰু গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী কেছুই পেটেলকে (মৰণােত্তৰভাৱে)ধৰি ১০জনলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে।