Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 January, 2019 6:24 PM IST

আহাৰে মানৱ দেহক শাৰিৰীক তথা মানসিক শক্তি যোগাই কৰ্মক্ষম কৰি ৰাখে। সেইবুলি, একে আহাৰকে সকলো বয়সৰ লোকৰ বাবে উপযোগী হ’ব নোৱাৰে, কিয়নো বয়সভেদে দেহৰ হজম ক্ষমতা সুকীয়া সুকীয়া হয়। সেয়ে, এজন শিশুৰ আহাৰ আৰু এজন ডেকাৰ আহাৰৰ মাজত প্ৰভেদ ৰখাটো প্ৰয়োজনীয়। একে কাৰণতে, এজন শিশু বা ডেকাৰ আহাৰৰ মাজত প্ৰভেদ ৰখাটো প্ৰয়োজনীয়। এইটো মন কৰিব লগা যে বৃদ্ধাৱস্থাত এফালে দাঁতৰ জোৰ কমি যাবলৈ ধৰে আৰু আনফালে হজম শক্তিও হ্ৰাস পাব ধৰে, গতিকে তেনে অৱস্থাত এনে আহাৰহে উপযোগী হ’ব, যি আহাৰ সহজে হজম হোৱাৰ লগতে শৰীৰত যথোচিত শক্তি প্ৰদান কৰিব পাৰে, অথচ ৰক্তচাপ বৃদ্ধি,  ৰক্তত ছুগাৰ বৃদ্ধি আৰু কলেষ্টেৰল বৃদ্ধি ঘটাই জীৱন দুখময় কৰি তুলিব নোৱাৰে।গতিকে উক্ত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধাৱস্থাৰ উপযোগী আহাৰ যে সাত্ত্বিক আহাৰহে হ’ব পাৰে সেই কথাই বৰ্তমানে সকলো ঠাইতে গুৰুত্ব পাবলৈ লোৱাটো পৰিলক্ষিত হৈ উঠিব ধৰিছে। সাত্ত্বিক আহাৰৰ স্বৰূপ সম্পৰ্কে গীতাত এইদৰে উল্লেখ কৰা হৈছে- ‘আয়ু:মত্ত্ব বলাভোগ্য সুখ প্ৰীতি বিবৰ্দ্ধায়া: ব্যাখ্যা: স্নিগ্ধা: স্থিৰাহৃদ্যা আহাৰ: সাত্ত্বিক প্ৰিয়া।’ অৰ্থাৎ, সাত্ত্বিক আহাৰে আয়ুস, উৎসাহ বৃদ্ধি কৰে, সুখ-প্ৰীতি, আনন্দ বঢ়ায়, ই ৰসযুক্ত, স্নিগ্ধ আৰু হৃদয়ৰ বাবে উপকাৰী। এনে আহাৰ সাত্ত্বিক লোকৰ প্ৰিয়’। সাত্ত্বিক আহাৰ বুলিলে অৱশ্যে আমাৰ সৰ্বসাধাৰণৰ ধাৰণাত নিৰামিষ আহাৰ বুলি ধৰাৰ হয়। পিছে, দৃষ্টিশক্তি, স্মৰণ শক্তি আৰু হৃদযন্ত্ৰৰ সক্ৰিয়তাৰ বাবে সাত্ত্বিক আহাৰৰ লগতে কিছু পৰিমাণে মাছ (সাধাৰণতে সৰু মাছ) আৰু কণী মাজে সময়ে হ’লেও গ্ৰহণৰ প্ৰয়োজন থাকে। সি যি কি নহওক বৃদ্ধাৱস্থাৰ আহাৰ কেনে হোৱা উচিত সেই সম্পৰ্কে ভেষজ ৰত্ন গুণাৰাম খনিকৰে তেওঁৰ ‘সুস্বাস্থ্যৰ মূল চাবিকাঠি আহাৰ’ শীৰ্ষক গ্ৰন্থত বাৰুকৈ উল্লেখ কৰিছে। তাৰে মূল অংশ ইয়াত সন্নিৱষ্ট কৰা হৈছে-

১) বৃদ্ধাৱস্থাত সন্মুখীন হোৱা গা-ছাল সোতোৰা পৰা কোষ দুৰ্বল হোৱা কাৰ্য প্ৰতিহত কৰাৰ বাবে প্ৰতিদিনে যথেষ্ট পৰিমাণে (১০/১২ গিলাচ) পানী বা ফলৰ ৰস খাব লাগে। এই অৱস্থাত পাচন তন্ত্ৰ দুৰ্বল হোৱাৰ বাবে হজম শক্তি হ্ৰাস পায় আৰু সেয়ে তাক বাধা দিয়াৰ বাবে পকা বা কেঁচা অমিতাৰ আঞ্জা, দোৰোণ শাকৰ আঞ্জা, ভেদাইলতাৰ আঞ্জা, ত্ৰিফলা, কেঁচা নহৰু ৩/৪ ফুটা, ২/৩ চকল আদা ভাতৰ লগত নিয়মীয়াকৈ খোৱা উচিত। আঁহজাতীয় ফল-মূল আৰু শাক-পাচলি আদি খোৱাও ভাল। ভাত খোৱাৰ পিছত তামোল নাখাই এটা শিলিখা চোবাই খোৱা উচিত।

২) বৃদ্ধাৱস্থাত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে চাহ চামুচেৰে ২ চামুচ আমলখিৰ গুড়ি, দুই চামুচ মৌ আৰু ১৫-২০ চামুচ পানী মিশ্ৰণ কৰি দিনে এবাৰকৈ নিয়মীয়াভাৱে খাব লাগে। তেনেকৈ খালে সাধাৰণ পানী লগাৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগ, পেটৰ ঘাঁ, মেলিনা আদি খালেও দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায়।

৩) বৃদ্ধাৱস্থাত হোৱা এলাহ, ভাগৰ, বুকু ধপ্‌ধপনি, নিম্ন ৰক্তচাপ, হাঁওফাঁওজনিত ৰোগ, ৰক্তহীনতা আদি দূৰ কৰাৰ কাৰণে আটাইতকৈ ভাল ঔষধ হৈছে অৰ্জুন গছৰ ছালৰ গুড়ি। তেনেকৈ বৃদ্ধাৱস্থাত ভৰি আৰু হাতৰ গাঠিত হোৱা বিষ আদি এৰাই চলাৰ বাবে মাংস সম্পূৰ্ণকৈ এৰি দিয়াই ভাল। এনে ৰোগসমূহৰ মহৌষধ হৈছে- ভেদাইলতা, নহৰু, ওলকবি, পচতীয়াৰ পাত, কেঁচা হালধি, পুৰণি গুড় আদি। ভেদাইলতাৰ আঞ্জাৰ উপৰি ইয়াৰ পাত নহৰুৰ লগত চাটনি কৰি দিনে এবাৰকৈ একেৰাহে ৩০/২৫ দিন খালে বাতবিষ আদি সহজে ভাল হয়।

৪) বৃদ্ধাৱস্থাত শৌচ কঠিন হোৱা সমস্যা দূৰ কৰাৰ বাবে পানী, জুলীয়া পদাৰ্থ, আঁহজাতীয় দ্ৰব্য, ফলৰ ৰস যথেষ্ট পৰিমাণে খাব লাগে। শৌচ বেছি দিন ধৰি কঠিন হৈ থাকিলে সোণাৰু গছৰ ফলৰ বীজ ৮/১০ টা পিহি পানীৰ লগত মিহলি কৰি দিনে এবাৰকৈ ৮/৯ দিন খালে শৌচ স্বাভাৱিক হয়। পকা, অমিতা, পকা বেল, পকা আম আদি সুপথ্য।

৫) শ্বাস-প্ৰশ্বাসৰ ৰোগে বৃদ্ধাৱস্থাত আমনি কৰা দেখা যায়। এই ক্ষেত্ৰত ষেষ্ঠমধু খোৱাৰ অভ্যাস কৰিলে জমা হোৱা কফ বাহিৰ হয়। বগা বাহকৰ পাতৰ ৰস, কলীয়া তুলসীৰ পাতৰ ৰস লেটাগুটিৰ গুড়ি, জালুকৰ গুড়ি, পিপলিৰ গুড়ি, আদাৰ ৰস আৰু মৌ মিহলাই নিয়মীয়াকৈ খালে হাইফাই যক্ষ্মা ৰোগ ভাল হয়। বৃদ্ধাৱস্থাত মিঠা জাতীয় খাদ্য পৰাপক্ষত কমাই খাব লাগে। পনীয়া বা লুণীয়া খাদ্য যথেষ্ট পৰিমাণে খোৱাৰ উপৰি ভালদৰে সিদ্ধ হোৱা আহাৰহে গ্ৰহণ কৰা উচিত। বহুমূত্ৰ ৰোগ উপশমৰ বাবে মহানিমৰ পাত আৰু তিতা কেহা আদি বস্তু খোৱাৰ অভ্যাস কৰিলে এই ৰোগ প্ৰতিৰোধ হোৱাৰ আশা থাকে।

লিখক: অৰ্পণ দত্ত, দৈনিক অসম।

English Summary: Foods To Keep You Healthy As You Age
Published on: 28 January 2019, 06:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now