Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 February, 2023 12:53 PM IST
Farmers Avoid These Mistakes

১.মাটিৰ ব্যৱস্থাপনা বেয়া

সকলো সফল কৃষকেই জানে]যে শস্যৰ ৰোপনৰ পৰা শস্য চপোৱালৈকে কৃষিৰ সকলো স্তৰৰ নিশ্চয়তা প্ৰদান কৰে মাটিয়ে। অনুৰ্বৰ আৰু মাটিৰ লগত নিমিলা শস্যৰ খেতি কৰা মানে কৃষকে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লোৱা দৰে হয়। গতিকে খেতি কৰাৰ আগতে পৰাপক্ষত মাটি পৰীক্ষা কৰি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। কিন্তু আমাৰ কৃষকসকলে কোনোদিন মাটি পৰীক্ষা নকৰে। এইটো এটা  এজন কৃষকৰ ডাঙৰ প্ৰথম ভুল।

২/ নিম্নমানৰ বীজ ক্ৰয় কৰা

শাক-পাচলি খেতিৰ ক্ষেত্ৰত নতুন খেতিয়কসকলে কৰা আন এটা শীৰ্ষ ভুল হ’ল নিম্নমানৰ বীজ ৰোপণ। এই নিম্নমানৰ বীজবোৰ ৰোপন কৰিলে কেতিয়াবা বীজবোৰ নোলাব পাৰে বা ওলালেও শস্যবোৰৰ বিকাশ নহ’ব, শস্যবোৰ ৰুগীয়া হ’ব, নাইবা  গছ ডাঙৰ হ’লেও গছজোপাত ফল নালাগিব পাৰে। গতিকে উন্নত মানৰ বীজৰ ওপৰত সদায় কৃষকসকলে গুৰুত্ব আৰোপ কৰিব লাগে। পৰম্পৰাগত বীজ ৰোপণ ক্ৰমান্বয়ে ম্লান হৈ আহিছে আৰু  উন্নত বীজ আহি আছে। সাধাৰণতে কৃষকসকলে, হাইব্ৰিড বীজৰ বাবে যোৱাটো বাঞ্ছনীয়। কাৰণ ইয়াৰ উৎপাদন ভাল

৩/ পানী ব্যৱস্থাপনা বেয়া

শস্যৰ উতপাদন ভাল হ’বলৈ শস্যত নিয়মিত পানী যোগান অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ খৰালিৰ সময়ত শাক-পাচলি খেতিৰ বাবে জলসিঞ্চন অতি গুৰুত্বপূৰ্ণ। শাক-পাচলি ভালদৰে জলসিঞ্চন কৰিলে খৰালিত অধিক স্বাস্থ্যকৰ, সতেজ হয়। সেইবাবেই ব্যৱসায়িক উদ্দেশ্যত খৰালি কালত শাক-পাচলি খেতি সৰ্বোত্তম। এই ঋতুত খেতি কৰা কৃষকসকলে বৰষুণৰ বতৰৰ তুলনাত ৫ গুণ লাভ কৰে। মনত ৰাখিব যে শাক-পাচলিত সঠিক পৰিমাণৰ পানী দিয়াৰ প্ৰয়োজন হয়, অতিমাত্ৰা পানী দিলে ফলবোৰ ফাটি যাব পাৰে বা পাতবোৰ মৰি যাব পাৰে। প্ৰচণ্ড বৰষুণ বা জলসিঞ্চনৰ পিছত পানী ওলাই যাবলৈ এটা পথৰ পথ নিশ্চিত কৰক।

লগতে পঢ়ক- 

Nashpati Farming : এইদৰে কৰিলে ডেৰবিঘা মাটিত উৎপাদন হ’ব ৬০০ কুইণ্টল নাচপতি

৪) বেছিকৈ ৰোপণ কৰাটো ঠিক নহয়।

কিছুমান কৃষকে কম ঠাইত বেছি উতপাদনৰ বাবে বেছি হৈ যোৱা বীজসমূহ পেলাই দিবলৈ বেয়া পায় নিৰ্দিষ্ট ঠাইখিনিতে সিঁচি দিয়ে। এনে  কম মাটিত অত্যধিক বীজ /পুলি ৰোপণ কৰাটো ভুল। যিকোনো মূল্যতে ইয়াৰ পৰা আঁতৰি থাকক।

৫/ অপৰ্যাপ্ত ব্যৱধান

ৰোপন কৰা গছবোৰ ডাঙৰ হ’বলৈ যথেষ্ট ঠাই দিয়ক আৰু লগতে আপুনি উপলব্ধ ঠাইখিনিও সৰ্বাধিক ব্যৱহাৰ কৰক।

৬/ নন মেইণ্টেনেন্স সংস্কৃতি

স্থান, পানী আৰু মাটিৰ পুষ্টিকৰ উপাদানৰ বাবে কৃষকে ৰোপন কৰা শস্যৰ লগত অপতৃণই প্ৰতিযোগিতা নামে। প্ৰথম দিনত এনে সমস্যাৰ সৈতে মোকাবিলা কৰিব নোৱাৰিলে অপতৃণবোৰ অতিমাত্ৰা বাঢ়িব আৰু শেষত আপোনাৰ শস্যবোৰ ঢাকিব। লগতে কৃষকজনে শাক-পাচলিত কীট-পতংগ বা পোক-পৰুৱাৰ লাগিলে দুৰ্বল ব্যৱস্থা গ্ৰহণ কৰে। ফলত পোক-পৰুৱাই আক্ৰমণ কৰিবলৈ সুবিধা পায়।

৬/ প্ৰত্যাহ্বানক আওকাণ কৰা

ধৰি লওক পাতবোৰ হালধীয়া হৈ আহিছে, আপুনি চিন্তিত হোৱা উচিত কাৰণ ই বহু কথাৰ ফলত হ’ব পাৰে, যেনে; কোনো বিশেষ পুষ্টিকৰ উপাদানৰ অভাৱ বা অত্যধিক পানী গ্ৰহণ কৰা। গতিকে কৃষকজনে শস্যডৰাৰ প্ৰতিটো সৰু সৰু কথাত মন দিব লাগে। কিন্তু আমাৰ বহু কৃষকে সৰু সৰু কথাবোৰক আওঁকান কৰে। ফলত সৰু সৰু ঘটনাবোৰেই শেষত ডাঙৰ হৈ পৰে।

৮) সময়মতে নচপোৱাটো শাক-পাচলি খেতিৰ এক সাধাৰণ ভুল

শাক-পাচলিৰ শস্য সময়মতে চপোৱা উচিত, শস্যৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন সময়ত শাক-পাচলি চপোৱা হয়।

লগতে পঢ়ক- 

Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

English Summary: Farmers Avoid These Mistakes
Published on: 10 February 2023, 06:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now