1. উদ্য়ানশস্য়

Drumstick farming : এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Drumstick farming System & its benefits
Drumstick farming System & its benefits

বৰ্তমান সময়ৰ লাভজনক খেতিসমূহৰ অন্যতম এবিধ খেতি হল চজিনা খেতি। চজিনা আজিকালি বজাৰত চুপাৰ ফুড হিচাবে বিখ্যাত। কিন্তু এই খেতি ব্যৱসায়িকভাৱে অসমৰ খেতিয়কসকলে নকৰে। এই খেতি কৰি কৃষকসকলে সহজতে অধিক লাভৱান হোৱাৰ স্থল আছে। বৰ্তমান সময়ত ৫ পৰা ৬ ডাল চজিনাতে ১০ ৰপৰা পোন্ধৰ টকা। গতিকে এজনে কৃষকে যদি বাৰীতে কেইজোপামান ছজিনা ৰুই লয় ঘৰতে খোৱাৰ লগতে বিক্ৰিও কৰিব পাৰিব। বিদেশত চজিনাৰ খেতি কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশতো চজিনাৰ খেতি কৰা হয়। ভাৰতৰ বাহিৰেও ফিলিপাইনছ, শ্ৰীলংকা, মালয়েছিয়া, মেক্সিকো আদি দেশত চজিনা খেতি কৰা হয়। উল্লেখ্য যে চজিনা কেৱল পাচলি হিচাপেই নহয় ইয়াৰ পৰা বহু বেমাৰৰ ঔষধো প্ৰস্তুত কৰা হয়।

যোৱা কেইবছৰমানৰ পৰা অসমৰো দুই এজন কৃষক চজিনাৰ খেতি কৰিবলৈ লৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল কৃষকসকলে কম খৰচত ইয়াৰ পৰা উন্নত সুবিধা লাভ কৰে। শেহতীয়াকৈ বাক্সাৰ এজন যুৱ কৃষকে এবিঘা মাটিত চজিনাৰ খেতি আৰম্ভ কৰিছে। চজিনা বহুবৰ্ষজীৱী শাক-পাচলিৰ উদ্ভিদ । কোনো বিশেষ যত্ন নোলোৱাকৈ ঘৰতে গছ ৰোপণ কৰিব পাৰে। বাৰীৰ ঢাপতো কৃষকসকলে ছজিনাৰ খেতি কৰিব পাৰে।  তলৰ ফটোত ৰুৱাৰ দৰেই ছজিনাবোৰ ৰুৱ পাৰে কৃষকসকলে।

লগতে পঢ়ক- 

এই জাতৰ মধুৰি পুলিৰ বাবে উল্লিখিত নম্বৰত ফোন কৰক

চজিনা খেতিৰ ৰোপন পদ্ধতি
চজিনা খেতিৰ ৰোপন পদ্ধতি
চজিনা খেতিৰ ৰোপন পদ্ধতি
চজিনা খেতিৰ ৰোপন পদ্ধতি
চজিনা খেতিৰ ৰোপন পদ্ধতি
চজিনা খেতিৰ ৰোপন পদ্ধতি

জাত :

ODC. 3 জাতৰ চজিনাৰ পুলি ৰুলে পাচ মাহতে ফুল-ফল লাগে। কৃষকজনে এবাৰ ছজিনা ৰুলে চজিনাজোপাই বাৰ বছৰলৈ ফল দিব। এই জাতৰ পুলিৰ বাবে আগ্ৰহী কৃষকে এই নাম্বাৰত যোগাযোগ কৰিব পাৰে-70869-55616। উল্লেখ্য যে ODC3 জাতৰ চজিনা বছৰত দুবাৰ ফলন হয়। এক একৰ মাটিত ৭৫০ গ্ৰাম গুটি লাগে। মে-জুন মাহত ৰোলে জানুৱাৰীত প্ৰথম বাৰ আৰু জুলাইত দ্বিতীয়বাৰ ফচল কাটিব পাৰিব। ১বিঘা মাটিত বছৰত ১লাখ টকা উপাৰ্জন কৰিব পাৰিব। যদিহে ৩০/টকা কেজিকৈ চজিনা বিক্ৰী কৰে। কিন্তু আমাৰ ইয়াত ১০০/টকাৰ ওপৰত বিক্ৰী হয়।

চজিনাৰ পুলি ৰুলে পাচ মাহতে ফুল-ফল লাগে
চজিনাৰ পুলি ৰুলে পাচ মাহতে ফুল-ফল লাগে

উল্লেখ্য যে অসমৰ বজাৰত দেখা বেছিভাগ চজিনাই বহি:ৰাজ্যৰ পৰা অহা। আমাৰ কৃষকসকলে এই খেতি কৰিলে ঘৰতে বহি বহি বছৰি এবিঘা-দুবিঘা মাটিত খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পৰা স্থল আছে। দেখা যায় আমাৰ অসমৰ যুৱকসকলে হাতৰটো এৰি বাটৰটোলৈ ঢাপলি মেলে। বহি:ৰাজ্যত ১২ ঘন্টা কাম কৰে। কিন্তু এনেবোৰ কাম কৰি নিজে উপাৰ্জন কৰাৰ লগতে ৰাজ্যখনৰৰ অৰ্থনীতিলৈ বৰঙনি আগবঢ়াব পাৰে।

লগতে পঢ়ক- 

Nashpati Farming : এইদৰে কৰিলে ডেৰবিঘা মাটিত উৎপাদন হ’ব ৬০০ কুইণ্টল নাচপতি

English Summary: Drumstick farming System & its benefits

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.