Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 February, 2019 4:57 PM IST

আজিৰ কৰ্মব্যস্ততাময় দৈনন্দিন জীৱন যাত্ৰাত মানুহৰ বাবে ফিট্‌ হৈ থকাটো এটি অন্যতম সমস্যাত পৰিণত হৈছে। ফিট্‌নেছ থাকিলেহে এগৰাকী ব্যক্তিয়ে দীৰ্ঘ জীৱন উপভোগ কৰিব পাৰে। ফিট্‌নেছ অটুট ৰাখিবলৈ হ’লে শাৰিৰীক পৰিশ্ৰমৰ লগতে ব্যায়ামৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ট্‌নেছ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে, নিয়ম অনুসৰি ব্যায়াম কৰিলে ব্যক্তি এগৰাকীৰ হৃদযন্ত্ৰ; হাঁওফাঁও সবল হোৱাৰ লগতে দেহৰ হাড় আৰু জোৰাসমূহ মজবুত হয় আৰু ওজনো নিয়ন্ত্ৰণত থাকে। নিয়মীয়া ব্যায়ামৰ অভ্যাসৰ জৰিয়তেই অনেক ৰোগ প্ৰতিৰোধ কৰিব পাৰি। বিশেষকৈ ডায়বেটিছ, উচ্চ ৰক্তচাপ, অষ্টিঅ’পৰছিছ, মেদবহুলতা আদি ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যায়ামৰ বিশেষ ভূমিকা আছে। ফিট্‌নেছ বিশেষজ্ঞসকলৰ মতে, ব্যায়াম কৰাৰ সবাতোকৈ সুফলটো হ’ল-এই অভ্যাসটোৱে মানুহৰ মনত স্ফূৰ্তিভাৱ আৰু উদ্যম জগাই তোলে। 

এই উদ্যমে ব্যক্তি এগৰাকীক দীৰ্ঘজীৱি হোৱাত সহায় কৰে। ব্যায়াম কৰাৰ সময়ত মানুহৰ শৰীৰত ‘এণ্ড’ৰ্ফিল্‌ছ’ নামৰ ৰাসায়নিক দ্ৰব্য এবিধ নিৰ্গত হয় যাৰ প্ৰভাৱত মানুহে সুখ অনুভৱ কৰে। বিশেষজ্ঞসকলে সপ্তাহত পাঁচদিন দৈনিক ৩০ মিনিট সময়কৈ ব্যায়াম কৰাৰ পৰামৰ্শ দিছে। বিশেষকৈ ব্ৰিস্ক ৱাকিং, এৰ’বিক্‌ছ, সাঁতোৰ, চাইক্লিং, জগিং হৈছে সবাতোকৈ উপকাৰী ব্যায়াম। এই ব্যায়ামসমূহ পুৰুষ-মহিলা উভয়ে অনুশীলন কৰিব পাৰে। মাৰ্কিন স্বাস্থ্য গৱেষকে ব্যায়াম আৰু দীৰ্ঘ জীৱনৰ যোগসূত্ৰ সম্পৰ্ক গৱেষণা চলাই কৈছে যে নিয়মীয়াকৈ ব্যায়াম নকৰি আৰামদায়ক তথা বিলাসী জীৱন-শৈলী গঢ়ি তোলা ব্যক্তিতকৈ স্বাস্থ্য নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। গৱেষকসকলৰ মতে, নিয়মীয়াকৈ ব্যায়াম কৰা ব্যক্তিসকল মানসিকভাৱেও উদ্যমী আৰু সুখী হয়। তদুপৰি ব্যায়াম কৰা ব্যক্তিৰ ৰোগ প্ৰতিৰোধক ক্ষমতাও আৰামদায়ক জীৱনশৈলীত অভ্যস্ত লোকৰ তুলনাত অধিক হয় বুলি স্বাস্থ্য গৱেষণাত প্ৰকাশ পাইছে।

লিখক: দিব্যজ্যোতি ভূঞা, দৈনিক অসম।

পূৰ্বপ্ৰকাশঃ বিকাশপেডিয়া

English Summary: Exercise for Fitness
Published on: 21 February 2019, 04:57 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now