বহাগ মাহৰ পৰাই অসমীয়া নতুন বছৰৰ আৰম্ভ হয়। নতুন পঞ্জিকা আৰম্ভ হয়। বসন্ত ঋতুৰ প্ৰয়োভৰ হয়। গছে পাত সলায় আৰু গছ-লতিকাত নতুন পাত ওলায়, গছে বৰণ সলাই পাতে ফুলে জাতিষ্কাৰ হয়। এটা মনোমোহা নতুন পৰিৱেশৰ সৃষ্টি হয় আৰু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন হয়। ৰং-ধেমালি , বিহু, হুঁচৰি, পিঠা পনা, জা-জলপান খোৱা-বোৱাকে আদি কৰি প্ৰকৃতিৰ লগতে সকলোৱে নতুন কাপোৰ পৰিধান কৰি এটা আনন্দৰ পৰিৱেশ। সপ্তাহ পষেকৰ পাছত কৃষকসকলে কৃষি পৰিৱেশলৈ উভতি যায়।
বহাগ মাহৰ পৰাই গ্ৰীষ্মকালীন শাক-পাচলি আৰু ফুল শস্যৰ খেতি আৰম্ভ কৰে যদিও আজিকালি ফাগুন মাহৰ পৰাই এই বিলাক খেতি আৰম্ভ কৰে। এই সময়ৰ শাক-পাচলি যেনে ভেন্দি, তিয়ঁহ, জিকা, কোমোৰা, কেৰেলা, পটল আদি শস্যৰ বীজ ৰোপণ বা গছ বগাবলৈ জেং বা ডাল পুতি সুবিধা কৰি দিব লাগে। বন-বাত নিৰাব লাগে, গুৰিত পানী জমা হ’বলৈ দিব নালাগে। লতাজাতীয় শস্যবোৰ সাধাৰণতে ওখ ভেটি কৰি দিব লাগে বহাগৰ পৰা আৰম্ভ হোৱা বৰষুণে শস্য নষ্ট কৰিব নোৱাৰে। বহাগত ফুল শস্য যেনে জিনিয়া, কলচাম, গ্লেৰদিয়া, পৰটুলেকা আদি ঋতুভিত্তিক ফুল ৰোপণ কৰি বাগিচা সুশোভিত কৰে। কিন্তু বেছিভাগ গাঁৱৰ কৃষকে বাৰীত হোৱা তগৰ, কাঞ্চন, চম্পা, পাৰিজাত, অশোক, লিলি আদি বহুবৰ্ষজীৱী ফুল শস্যৰ যতন ল’ব লাগে। আলোক, কাঞ্চন, হাছ নাহানা আদি ফুল গছৰ গুৰিত ডালবোৰ কাটি দিব। মাজৰ সৰু ডালবোৰ কাটি দিব লাগে। গছৰ গুৰিৰ পৰা বন বাতবোৰ আঁতৰাই পৰিষ্কাৰ কৰি দিব লাগে। গছৰ গুৰিত গোবৰ সাৰ প্ৰয়োগ কৰি মাটি চপাই দিব লাগে। এলামেন্দা, মে’ ফ্লাৱাৰ, মোৰোণ্ডা গছৰ দীঘল পুৰণা ডালবোৰ কাটি দিব লাগে যাতে নতুন পোখা মেলি গছবোৰ জোপোহা হয় আৰু সুন্দৰ হয় আৰু ফুল ফুলে, কাৰণ এই ফুল শস্যবোৰত নতুনকৈ পোখা মেলা ডালত ফুল ফুলে।
লগতে পঢ়ক-
বিদ্যালয়-মহাবিদ্যালয়ত কৃষি শিক্ষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা
বহাগ মাহত ফলমুল শস্যত কৃষি কৰ্ম কৰিব লগীয়া বহুত থাকে। নাৰিকল-তামোল গছৰ গুৰিৰ পৰা বন-বাতবোৰ চিকণাই গছৰ চাৰিওফালে পাতলীয়াকৈ এবাৰ কো ৰ মাৰি দিব লাগে, যাতে বৰষুণ পৰিলে বৰষুণৰ পানী সহজে শোষণ কৰিব পাৰে। পানীৰ অভাৱৰ বাবে তামোলৰ তামোল ফুলা সমস্যা দেখা দিয়ে। নাৰিকলৰ সৰু সৰু নাৰিকলবোৰ সৰি পৰে। গছৰ চাৰিওফালে পাতলীয়া নলা কৰি অনুমোদিত হাৰত গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে। গোবৰ সাৰ মাহেকত এবাৰকৈ প্ৰয়োগ কৰি থাকিলে গছৰ উৎপাদনত সহায় হয়। গছত থকা শুকান পাতবোৰ আঁতৰাই পাতৰ খোৰোংবোৰৰ পৰা জাবৰবোৰ (পুংপুষ্পৰ শুকান অৱস্থা) আঁতৰাই পৰিষ্কাৰ কৰি দিব লাগে। বহাগ মাহত টেঙা শস্য যেনে-নেমু, কমলা, সুমথিৰা, চকলা, ৰবাটেঙা, বৰটেঙা, জৰা টেঙা আদি শস্যৰ গুৰিৰ পৰা সম্পুৰ্ণভাৱে বন-বাতবোৰ আঁতৰাই পৰিষ্কাৰ কৰি গছৰ গুৰিৰ ৩/৪ ফুট অংশ চুণৰ এটা প্ৰলেপ দিব লাগে। চুণৰ সলনি যদি বৰডো মিশ্ৰণৰ লেপন দিব পৰা যায় তেন্তে ভাল। তামোল-নাৰিকল গছৰ গুৰিত চুণৰ বা বৰডো মিশ্ৰণৰ প্ৰলেপ দিব লাগে। টেঙা শস্যৰ গুৰিত বহাগৰ শেষত অনুমোদিত সাৰৰ তিনিভাগৰ এটা ভাগ প্ৰয়োগ কৰিব লাগে। বৰষুণ নোহোৱা শুকান বতৰত গছৰ গুৰিত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে পোকৰ উপদ্ৰৱ কমি যায়। নহ’লে ৩০ টোপাল মালাথিয়ন ৫০ ইচি দৰব এক লিটাৰ পানীত মিহলাই গছত ছটিয়াব লাগে। বহাগ মাহত মধুৰি, লিচু, কঁঠাল, লেটেকু, পনিয়ল, বগৰী আদি শস্যত অনুমোদিত সাৰৰ আধাভাগ গছৰ চাৰিওফালে লোৰ কৰি সমভাৱে প্ৰয়োগ কৰিব লাগে। এই ফলমুল শস্যবোৰতো গছৰ গুৰিত চুণৰ এটা প্ৰলেপ দিব পাৰিলে ভাল।
কল গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই, শুকান কলথৰুৱাবোৰ কাটি গছজোপা পৰিষ্কাৰ কৰি দিব লাগে। নতুনকৈ ৰোপণ কৰিবলগীয়া কলৰ বাৰীত কলৰ পোখা পুলিবোৰ ৰোপণ কৰিব লাগে। পুৰণা কলবাৰীৰ পৰা মাতৃগছৰ কাষত এটা স্বাস্থ্যৱান পোখাপুলি ৰাখি বাকীবোৰ পুলি মাতৃ গছে আঘাত নোপোৱাকৈ আঁতৰাই দিব লাগে। মাটি কঁঠালৰ গছৰ গুৰিৰ পৰা বন-বাত-লতাবোৰ আঁতৰাই পৰিষ্কাৰ কৰি দিব লাগে। বহাগ মাহত বিহুৰ পাছত ধানৰ পথাৰত এবাৰ দকৈ হাল মাৰিব বা কোৰ মাৰিব লাগে, যাতে বন বাতবোৰ পোত খাই পাছত পচি সাৰ হয়। লগতে মাটিডোখৰ লুটিয়াই দিলে আগৰ বছৰৰ পোখা নৰাবোৰৰ গুৰিত বাসকৰা অনিষ্টকাৰী পোকবোৰ মৰি যাব বা চৰায়ে খাই নষ্ট কৰিব।
লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস , উৎস : বিকাশপেডিয়া,
লগতে পঢ়ক-