Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 October, 2021 6:59 PM IST
CM Himanta Biswa Sarma

২০২২ চনৰ ভিতৰত অসমৰ পৰিবহন বিভাগক সম্পূৰ্ণৰূপে অনলাইন ব্যৱস্থাৰে স্বয়ংক্রিয় কৰি ন-ৰূপ দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব সফল হোৱাৰ দিশত। যোৱা কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অনলাইন ড্রাইভিং লাইচেন্স আৰু ডুপ্লিকেট ড্রাইভিং লাইচেন্স প্রাপ্তি সেৱা মুকলি কৰি মুখ্যমন্ত্রী শর্মাই কয় যে এই সুবিধা আৰম্ভ কৰাৰ ফলত সাৰথি প'ৰ্টেলত আবেদন কৰি ২৪-৪৮ ঘণ্টাৰ ভিতৰত ডুপ্লিকেট বা নৱীকৃত অনুজ্ঞাপত্ৰ লাভ কৰাটো সম্ভৱ হৈ উঠিব। অহা ৩১ ডিচেম্বৰৰ ভিতৰত অতিৰিক্ত ৮-৯টা সেৱা আৰু ২০২২ চনৰ ৩১ মার্চৰ ভিতৰত জিলা পৰিবহন বিষয়া কার্যালয়ৰ আটাইবােৰ সেৱা ডিজিটেল মাধ্যমলৈ লৈ যােৱা হ'ব, যাতে কোনাে ব্যক্তিয়ে চৰকাৰী কার্যালয়লৈ অহাৰ প্রয়ােজন নহয়। ঘৰত বহিয়েই ড্রাইভিং লাইচেন্সৰ নৱীকৰণ আৰু ডুপ্লিকেট লাইচেন্স লাভ কৰিব পাৰিব। ডুপ্লিকেট আৰু নৱীকৃত অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে বছৰি দুই লাখ ব্যক্তিয়ে জিলা পৰিবহন বিষয়াৰ কার্যালয়লৈ আহিবলগীয়া হয়। 

আৰু পঢ়ক- হালধি ভেজাল পৰীক্ষা কৰা পাঁচটা সহজ উপায়

শেহতীয়াকৈ অনলাইনযােগে লার্নাৰ লাইচেন্স পাব পৰা ব্যৱস্থা প্রৱর্তনৰ ফলত যােৱা দুমাহত ১.৩৯ লাখ লার্নাৰ লাইচেন্সৰ আবেদন অভূতপূর্ব সঁহাৰি লাভ কৰাত ইয়াৰ চিন্তাচর্চা কৰা হৈছে। পূর্বতে এইসকলে জিলা পৰিবহন বিষয়াৰ কার্যালয়লৈ আহিবলগীয়া হােৱাত যথেষ্টসংখ্যক লােকৰ কর্মদিনৰ বৃহৎ ক্ষতি হৈছিল। লার্নাৰ লাইচেন্স ঘৰতে বহিয়েই লাভ কৰিব পাৰিব যদিও মূল লাইচেন্স পাবলৈ হ'লে প্রার্থীয়ে এদিন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।

কিদৰে আবেদন কৰিব (How to apply)

পর্যায়১ঃ www.parivahan.gov.inত গৈ ৰাজ্য হিচাপে ‘ASSAM'বাছনি কৰক

পর্যায়২ঃ পপ আপ উইণ্ডোৰ পৰা Renewal of Driving Licence বা Issue of Duplicate Driving Licence নির্বাচিত কৰক

পর্যায় ৩ঃ আধাৰ নম্বৰ, ড্রাইভিং লাইচেন্স নম্বৰ আৰু জন্ম তাৰিখৰ সৈতে আবেদন কৰিব।

পর্যায় ৪ঃ ক) ৪০ উৰ্দ্ধৰ আবেদনকাৰী আৰু বাণিজ্যিক বাহনৰ গৰাকীয়ে ড্রাইভিং লাইচেন্সৰ নৱীকৰণৰ বাবে পঞ্জীয়নভুক্ত চিকিৎসকৰ দ্বাৰা Form1Aত স্বাক্ষৰিত চিকিৎসা প্রমাণপত্র স্কেন কৰা প্রতিলিপি আপলােড কৰিব।

আৰু পঢ়ক- প্রতি কুইণ্টলত ১৯৪০ টকাকৈ কৃষকৰ ধান ক্ৰয়ৰ বাবে ১৬০ কোটি টকা অনুমােদন

খ) ড্রাইভিং লাইচেন্স হেৰালে ডুপ্লিকেট লাইচেন্স পাবৰ বাবে আবেদনকাৰীয়ে পুলিচ ৰিপ’ৰ্টৰ স্কেন কৰা প্রতিলিপি আপলােড কৰিব লাগিব।

পর্যায় ৫ঃ অনলাইনত মাচুল পৰিশােধ কৰিব।

পর্যায় ৬ঃ আপলােড কৰা নথি-পত্ৰবােৰ সংশ্লিষ্ট ডিটিঅ’ৰ দ্বাৰা অনলাইনযােগে পৰীক্ষা কৰা হ'ব আৰু ইয়াৰ অনুমােদন দিয়া হ'ব।

পর্যায়৭ঃ ডাকযােগে স্মার্ট কার্ড লাভ নকৰা পর্যন্ত mParivahan, Digilocker অথবা SMS যােগে পঠোৱা লিংক যােগেদি লাইচেন্সৰ ছফটকপি ডাউনলােড কৰি ল'ব পাৰিব, যিটো আইনগতভাৱে গ্রহণযােগ্য। আবেদনকাবীৰ পঞ্জীয়নভুক্ত ঠিকনালৈ তেওঁলােকৰ ড্রাইভিং লাইচেন্স স্পীড পােষ্ট যােগে প্রেৰণ কৰা হ'ব।

বি.দ্র: ড্রাইভিং লাইচেঞ্চৰ নৱীকৰণৰ আধাৰ আধাৰিত যােগাযােগবিহীন সেৱা কেৱল তেওঁলােকৰ বাবে উপলব্ধ যিসকলৰ গাড়ী চলাবলৈ দক্ষতা পৰীক্ষাৰ প্রয়ােজন নাই। যদি লাইচেন্স ম্যাদ উকলি যােৱাৰ এবছৰতকৈ অধিক সময় হয় তেখেতসকলৰ গাড়ী চালনাৰ পৰীক্ষা ডি. টি. অ’, অফিচত লােৱা হ'ব।

আৰু পঢ়ক- আপুনি আধাৰ কাৰ্ডখন ড্ৰাইভিং লাইচেঞ্চৰ সৈতে সংযোগ কৰিব পৰা নাই নেকি? ইয়াতে শিকক

English Summary: cm himanta biswa sarma launched online contactless driving license renewal and puplicate driving licence service
Published on: 30 October 2021, 10:10 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now