চৰ-চাপৰিৰ অৰ্থনীতিৰ ভেটি কৃষিৰেই বন্ধা। সামান্য এটা অংশৰ বাদে বাকীসকল খেতিয়ক। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে এই চৰ-চাপৰিসমূহত বাৰিষা বানে পেলুৱা পলসেই সাৰৰ দৰে কাম কৰে। কৃষকে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈয়ো প্ৰচুৰ উৎপাদন কৰিব পাৰিছে। অৱশ্যো সম্প্ৰতি কৃষি উৎপাদন আৰু অধিক কৰিবলৈ ৰাসায়নিক সাৰৰো প্ৰয়োগ কৰিবলৈ ধৰিছে কৃষকসকলে। চৰ-চাপৰিসমূহত সাধাৰণত গ্ৰীষ্মকালত মৰাপাট, আহুধান, শালিধান, লেচেৰা মাহ, বিন, ধেমচি, বিভিন্ন ঘাঁহজাতীয় শস্য, টিচি আদিৰ খেতি কৰাৰ লগতে বিভিন্নধৰণৰ শাক-পাচলিৰ খেতি কৰা হয় ।
ইপিনে শীতকালত সৰিয়হ, বৰোধান, আলু, ৰহৰ মাহ, মাটি মাহ, মগু মাহ, আদিৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতি কৰা হয়। লগতে চৰচাপৰিৰ বাসিন্দাসকলে বছৰটোত দুগ্ধ উৎপাদন, হাঁহ-কুকুৰা পালন, মৎস্য উৎপাদন, পশু পালন আদিতো মনোনিৱেশ কৰি অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু দীৰ্ঘদিনৰেপৰা অসমৰ কৃষি অৰ্থনীতিত উল্লেখনীয় অৱদান থকা চৰ-চাপৰিৰ কৃষকসকল সৰ্বদায় বঞ্চিত হৈ আহিছে, বাট-পথৰ অভাৱত নিজৰ উৎপাদিত শস্য বজাৰলৈ লৈ যোৱাৰপৰা আৰম্ভ কৰি চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰতো বঞ্চিত এওঁলোক ।
ইফালে বাৰিষা কালত এই কৃষকসলৰ অৱস্থা পানীত হাঁহ নচৰা দৰে হয়। নদীত কৃষিভূমি জাহ, লগতে বানে শস্য নষ্ট কৰি গুচি যায়। চৰকাৰৰ পৰা নাই কোনো ক্ষতিপূৰণ। আনফালে প্ৰতিমুহূৰ্তে এইসকললোকে বাংলাদেশী বুলি এটা গ্লানি লৈ আহিছে। যদি প্ৰকৃত বাংলাদেশী চিনাক্তকৰণ কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু তেনে নকৰি ভোট বেংকৰ আশাত প্ৰতিখন চৰকাৰেই এওঁলোকক ভয়-ভীতি তথা আশা দেখুৱাই ভোটৰ আৰ্হিলা কৰি আহিছে।
লগতে পঢ়ক- ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰি কৰি বিপাঙত কৃষক ৰাইজ
তদুপৰি বিভিন্ন সময়ত কাকতে-পত্ৰই চৰকাৰে কৃষকৰ বাবে যোগান ধৰা খবৰ পোৱা যায়। কিন্তু সেইবোৰ এইসকল কৃষকৰ কাষ নাপায়হি সেইখবৰসমূহ টিভি, বাতৰি কাকতৰ বিজ্ঞাপনৰ মাজতেই সীমাৱদ্ধ হৈ থাকে। কৃষকৰ সমস্যাৰ সীমা-সংখ্যা নাই যদিও চৰ-চাপৰিৰ কৃষকৰ সমস্যাসমূহ লৈ মাত মতাৰ লোকৰ অভাৱ নিশ্চয় আছে । সমস্যাসমূহ জনমানসত প্ৰতিষ্ঠা কৰিব নোৱৰাৰ বাবেও বহু সমস্যাৰ সমাধানসূত্ৰ আজিও আৱিষ্কাৰ আজি হোৱা নাই ।
উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনো বৰ্তমানে সাম্প্ৰদায়িকতাৰ কৰাল গ্ৰাসত পৰি কক্বকাই আছে৷ স্বাভাৱিকতে চৰ-চাপৰিবাসীক শতৰু জ্ঞান কৰা ৰাজনৈতিক দলৰ দ্বাৰা গঠিত চৰকাৰে এনে সমস্যাসমূহ সমাধানৰ চেষ্টা নকৰে৷ সেয়ে ৰাজনৈতিক পৰিবৰ্তনৰ প্ৰয়োজন হ’ব৷ পৰিবৰ্তিত পৰিস্থিতিতো চৰ-চাপৰিবাসীৰ হৈ কাম কৰা সংগঠনবোৰে যদি খেতিয়কসকলৰ এনেবোৰ দাবী পূৰণ কৰাৰ বাবে দাবী উত্থাপন নকৰে, তেন্তে চৰ-চাপৰিৰ কৃষি ব্যৱস্থাই মূৰ দাঙি উঠাটো সম্ভৱ নহ’ব৷ আৰু আৰ্থিক উন্নতি অবিহনে কোনো এটা সম্প্ৰদায়েই নিজৰ নায্য প্ৰাপ্তিৰ বাবে বুকু ফিন্দাই থিয় দিয়াটো সম্ভৱ নহয়– এই কথাও সকলোৱে মনত ৰখা উচিত ৷
বিঃদ্ৰঃ লেখাটো প্ৰস্তুত কৰোঁতে আশ্ৰাফুল হুছেইনৰ ‘মুক্ত চিন্তা’ত প্ৰকাশিত‘অজস্ৰ সমস্যাৰে ভাৰাক্ৰান্ত চৰ-চাপৰিৰ কৃষক’শীৰ্ষক লেখাটোৰ সহায় লোৱা হৈছে।
লগতে পঢ়ক-