1. News

নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী কিন্তু কি কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
No JoB No Tension ( চাকৰি নাই  চিন্তা নাই)
No JoB No Tension ( চাকৰি নাই চিন্তা নাই)

দেশৰ শিক্ষিত যুৱকসকলৰ নিৰানব্বৈ শতাংশই চৰকাৰী চাকৰি পাছত দৌৰি আছে। কিন্তু নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী। চাকৰি লাভ কৰিছে অতি মেধা সম্পন্ন ছাত্ৰী-ছাত্ৰীসকলে, পইচা ঘোচ দিব পৰা দেউতাকৰ সন্তানে বা কোনো ৰাজনৈতিক নেতা বা অৰ্থনৈতিকভাৱে শক্তিশালী লোকৰ লগত হলি-গলি থকা এখিনি যুৱক-যুৱতীয়ে। কিন্তু চাকৰিয়েই শেষ কথা নহয়। চাকৰি নকৰাকৈ বহুলোকে স্বচ্ছল জীৱন কৰা উদাহৰণ সুলভ। তলত চাকৰিৰ অবিহনে স্বচ্ছল জীৱন-কটোৱা কেইজনমান ব্যক্তিৰ বিষয়ে সংক্ষিপ্তভাৱে আলোচনা কৰা হ’ল-

এসময়ৰ নিৱনুৱা পল্লৱ গগৈয়ে এতিয়া দৈনিক ৩ জনক নিজৰ পামত

গোলাঘাট জিলাৰ বনগাঁও কৃষি চক্ৰৰ অন্তৰ্গত বুঢ়ালিকচন গাঁৱৰ এজন সকল কৃষক পল্লৱ গগৈ। এটি সৰু পৰিয়ালৰ সৈতে জীৱন নিৰ্বাহ কৰা এইজন কৃষকে ২০ বিঘা মাটিত সমন্বিত কৃষিৰে কৃষিকাৰ্য কৰি আহিছে। চাহখেতি, কলখেতি, তামোল, সাঁচি ইত্যাদিৰ লগতে গাহৰি আৰু মীন পালনেৰে তেওঁ নিজৰ পামখন গঢ়ি তুলিছে। ২০১১ চনতে উদ্যমী পল্লৱৰ গগৈৰ বাৰীতে গোলাঘাট জিলাৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (Agriculture Technology Management Agency, চমুকৈ ATMA) ৰ জৰিয়তে স্থাপন হৈছিল এখনি গাহৰি এখন পাম বিদ্যালয়। সেইয়াই আৰম্ভণি। পৰৱৰ্তী সময়তে কৃষি আৰু আনুসঙ্গিক দিশৰ কৰ্মসূচীৰে এখন পাম খোলে। তেওঁ নিজে নিয়োজিত হোৱাৰ উপৰিও পামখনত গোটেই বছৰ জুৰি দৈনিক গড়ে ২-৩ জনকৈ শ্ৰমিক নিয়োজিত কৰি আহিছে। পামখনত মন কৰিবলগীয়া দিশটোৱেই হ’ল- চাহখেতিত প্ৰয়োজন হোৱা গতানুগতিক ছাঁ গছ ৰোপন কৰাৰ পৰিৱৰ্তে তেওঁ উদ্যান শস্য কলখতি ৰোপন কৰিছে আৰু সোনকালেই উপাৰ্জন পাবলৈ সক্ষম হৈছে। তেওঁৰ পামত প্ৰায় ১,২৫০ জোপা কলগছ আছে। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে তেওঁ ব্ৰয়লাৰ মুৰ্গী, গৰু আৰু গাহৰিৰ গোৱৰ ব্যৱহাৰ কৰে।

কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰ নামৰ এগৰাকী বোৱাৰী

কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰ নামৰ এগৰাকী বোৱাৰী৷ কুমাৰীকাটাৰ এখন ভিতৰুৱা গাঁৱৰ জীয়ৰী প্ৰণিতা নিকটবৰ্ত্তী ভেৰাখাটৰ বোৱাৰী হৈ স্বামীক সাৰথি কৰি ভৱিষ্যতৰ সপোন ৰচি নিজ কৰ্মৰে মহিয়ান হবলৈকে পোণতে আৰম্ভ কৰিছিল কাঠফুলাৰ দৰে খেতি৷ সমান্তৰালভাৱে আৰম্ভ কৰে গাহৰি পালন, গাইগৰু পালনৰ দৰে উৎপাদনমুখী কৰ্ম৷ তেওঁ কৃষিবিভাগৰ পৰা পাঁচ কিলগ্ৰাম কলাধানৰ বীজ সংগ্ৰহ কৰিছিল৷

চাকৰি এৰি পৰীমিতা শৰ্মাই আৰম্ভ কৰিলে ছাগলীৰ ফাৰ্ম

আপুনি মই চাকৰি বিচাৰি ফুৰিছো! যিকোনো প্ৰকাৰে আমাক চাকৰি এটা লাগে। চাকৰিৰ বাবে যোগ্যতা নাথাকিলেও আমি বহুতে ধাৰ-ঋণ কৰি, সম্প্ৰতি বিক্ৰি কৰি ঘোচ দি হ’লেও চাকৰি এটা ল’ব বিচাৰো। গুৱাহাটীৰ ৰূপনগৰত জন্ম হোৱা তথা বিবাহসূত্ৰে নলবাৰীৰ বাসিন্দা মহিলা পৰীমিতা শৰ্মাৰ কিন্তু আমাৰ বহুতৰে পৰা পৃথক। এসময়ত বেংকত চাকৰি কৰিছিল পৰীমিতা শৰ্মাই। কিন্তু কামৰ বোজা আৰু মানসিক চাপৰ বাবে বেংকৰ চাকৰি এৰিছিল। পৰৱৰ্তী সময়তে স্বাধীন মনেৰে কৰিব পৰা এটি ব্যৱসায়ৰ সন্ধানত নামি পৰে তেওঁ৷ অৱশেষত ২০১৮ চনত পৰীমিতাই নিজা ছাগলী ফাৰ্ম আৰম্ভ কৰিলে। নাম ৰাখিলো “আস্হা ছাগলী ফাৰ্ম’’। মাত্ৰ দুজনী থলুৱা ছাগলীৰে ফাৰ্মখন আৰম্ভ কৰে৷ প্ৰায় তিনিমাহধৰি ছাগলী দুজনী পোহাৰ পাছতে বৰ্ণিহাতৰ পৰা আৰু দুটামান উন্নত জাতৰ ছাগলী আনি থলুৱা ছাগলীৰ সৈতে ক্ৰচ কৰায় ৷ ইয়াৰ পাছতে আত্মীয়ৰ সহায়ত ৰাজস্থানৰ পৰা চিৰহি প্ৰজাতিৰ তিন্জনী ছাগলী আনে। ছাগলীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তেওঁ ছাগলী পালন সন্দৰ্ভত অধিক জানিবৰ বাবে প্ৰশিক্ষণ লোৱা ইউ কো আৰচিটীত প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত আৰু উভটি চাব লগা হোৱা নাই পৰিমীতাই।

কৃষিকৰ্মৰে বিপ্লৱৰ সপোন বনজিতৰ

দিল্লী বিশ্ববিদ্যালয়ৰপৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অসমৰ বনজিৎ হুছেইনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শৈক্ষিত দিশত সুনাম অর্জন কৰিছিল। প্রথমে হুছেইনে দিল্লীতেই অধ্যাপনা কৰিছিল। কিন্তু দক্ষিণ কোৰিয়াৰ এংলিকেন বিশ্ববিদ্যালয়ৰ আমন্ত্রণ ক্রমে ২০০৬ চনৰ পৰা ২০১০ চনলৈ সেই বিশ্ববিদ্যালয়ৰ আমন্ত্রণ ক্রমে ২০০৬ চনৰ পৰা ২০১০ চনলৈ সেই বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ৰাষ্ট্ৰসংঘৰ তদাৰকত আফগানিস্তানৰ নিৰ্বাচনৰ নিৰপেক্ষ পর্যবেক্ষকৰ কামো কৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিভিন্ন কাম কৰি অৱশেষত ২০১৯ চনত নলবাৰীৰ ঘগ্ৰাপাৰাৰ বড়িদতৰাগাঁৱৰ পিতৃ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ মাটিত খেতি কৰিবলৈ বনজিৎ হুছেইনে ঘূৰি আহিছিল। কৃষিকৰ্মৰে বিপ্লৱৰ সপোন দেখা বনজিৎ এতিয়া ৰাজ্যত সফল খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

৫৯ বছৰ বয়সতো দুই লক্ষাধিক টকা শুক্লাইৰ বিষ্ণু খড়েল

অসমত স্বাৱলম্বণৰ এনে কিছুমান সুলভ ক্ষেত্ৰ আছে যিবোৰ সাধাৰণতে অন্য ৰাজ্যত দুৰ্লভ। কিন্তু আমাৰ দৃষ্টিয়ে এইক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ আমি অসমৰ্থ হওঁ। যাৰবাবে বহু সময়ত আমি হাতৰটো এৰি বাটৰটো ধৰিবলৈ খপজপ কৰোঁ। সোণ বিচাৰি থাকো কিন্তু হাততে সোণ থকাৰ দৰে হয় আকৌ বহুসময়ত হাতৰ সোণ ডখৰ নিচিনা অভাৱত। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল ডিমাকুছিৰ ভাৰত-ভূটান সীমান্তৰ ছেখাৰ মৌজাৰ অন্তৰ্গত ৩নং শুক্লাইৰ বিষ্ণু খড়েল। যুৱ অৱস্থাতেই চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি সৰ্বশ্ৰান্ত হোৱাৰ পৰিৱৰ্তে নিজ পৈতৃক ভূমিত বিভিন্ন প্ৰকাৰৰ খেতি কৰি স্বাৱলম্বী হৈছিল বিষ্ণু খড়েল। বৰ্তমান তেওঁৰ বয়স ৫৯ বছৰ। শোহতীয়াকৈ তেওঁ নিজৰ বাৰীৰ ৩০০ জোপাতকৈয়ো অধিক তামোল গছত জালুকৰ খেতি কৰিছিল। এই জালুকৰ খেতিৰ পৰা তেওঁ এতিয়া বছৰি ইকামক কৰে দুই লক্ষাধিক টকা।

কাঠফুলা খেতিৰে আন্তঃৰাষ্ট্ৰীয় সন্মান আঁজুৰিলে মালামণিয়ে

অসমত কাঠফুলাৰ খেতিৰে সফলতাৰ লাভ কৰাসকলৰ নাম ল’লেই প্ৰথমেই আহিব মালামণি হাজৰিকাৰ নাম। দশম শ্ৰেণীৰ পৰাই মালামণিয়ে কৰি আহিছে কাঠপুলাৰ খেতি। দশম শ্ৰেণীত পঢ়ি থাকোতেই বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমত কাঠফুলা খেতিৰ প্ৰশিক্ষণ লৈছিল মালামণিয়ে। প্ৰশিক্ষণৰ পাছতে ঘৰতে কাঠফুলাৰ খেতি কৰি পঢ়া-শুনাৰ খৰচ উলিওৱাৰ লগতে ঘৰ চলাত সহায় কৰিছিল দশমশ্ৰেণী ছাত্ৰী। মালামণিয়ে যেন অসমৰ সকলো থলুৱা খাদ্য সামগ্ৰীকে আচাৰৰ সামগ্ৰী কৰি ল'লে। বিশেষকৈ বাঁহ গাঁজৰ ০৫ বিধ, ভূত জলকীয়াৰ ০২ বিধ, ঔ টেঙাৰ ০২ বিধ, আমৰ ০২ বিধ, জলফাইৰ ০২ বিধ, কণ-জলকীয়া, পকা জলকীয়া, কেঁচা জলকীয়া, ফিৰিংগী, জলকীয়া, বগৰী, কলডিল, থেকেৰা, মিহলি আচাৰ, বেঙেনাৰ মিঠা আচাৰ, নহৰু, কৰ্দৈ, নেমু, তিতাকেৰেলা, অৰুণাচলৰ কিউবিকৰ মিঠা আৰু টেঙা আচাৰ, কেঁচা হালধিৰ আচাৰ ইত্যাদিৰে মুঠ ৩৮ বিধ আচাৰ প্ৰস্তুত কৰি ব্যৱসায় চলাই আছে। নিজৰ উৎপাদন প্ৰতিভাৰ দক্ষতাৰে মালামণিয়ে ২০০৮ চনত ইজিপ্তত অনুষ্ঠিত আন্তঃ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। একে বছৰতে 'এমএছএমই' (micro small & mediam enterprises)এ প্ৰদান কৰা বছৰৰ শ্ৰেষ্ঠ মহিলা উদ্যোগী হিচাপেও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। ২০০৩ চনত নৃপেন কুমাৰ নাথৰ লগত বিবাহ পাশত আৱদ্ধ হৈ এটি সন্তানসহ মাতৃক লৈ পৰিয়াল চলাই থকা মালামণিয়ে ১০ গৰাকী মহিলা, ০২ গৰাকী পুৰুষ কৰ্মচাৰী আৰু ২২ জন যোগানকাৰীৰে মুঠ ৩২ জনৰ পৰিয়াল চলাই আছে। দশম শ্ৰেণীতে আত্মসংস্থাপনৰ চিন্তা মনলৈ অহা আৰু তাক বাস্তৱত ৰূপ দিবলৈ সকলো বাধাবিঘিনি নেওচি আপ্ৰাণ চেষ্টাৰে লক্ষ্যত উপনীত হোৱা মালামণি হাজৰিকাৰ উদাহৰণ সঁচাকৈয়ে বিৰল।

লগতে পঢ়ক- 

সন্তানৰ বাবে মাতৃয়ে সকলো ত্যাগ কৰিব পাৰে!

 

English Summary: No JoB No Tension

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.