Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 May, 2021 4:24 PM IST
Chaina become second state to land on Mars

চীনৰ মানৱবিহীন মহাকাশ যান টিয়ানৱেন-১এ যোৱা ৰবিবাৰে মঙল গ্রহত সফলতাৰে অৱতৰণ কৰে। চীনৰ চৰকাৰী প্ৰচাৰ মাধ্যমে এই কথা ঘােষণা কৰে। ইয়াৰ লগে লগে ৰঙা গ্ৰহটোত মহাকাশ যান আৰু এখন ৰভাৰ নমােৱা চীন পৃথিৱীৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হয়। মঙল গ্রহত মহাকাশ সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ আছিল আমেৰিকা। উল্লেখযোগ্য যে মঙল গ্ৰহত জীৱৰ সন্ধান চলাবলৈ ২০২০ চনৰ ২৩ জুলাইত টিয়ানৱেন-১ নামৰ মানৱবিহীন মহাকাশ যানখন উৎক্ষেপণ কৰা হৈছিল। 

যানখনত ঝুৰং নামৰ এখন ৰভাৰ, এটা অর্বিটাৰ আৰু এখন লেণ্ডাৰ আছে। ছটা চকা থকা, সৌৰ শক্তি চালিত ঝুৰং নামৰ ৰভাৰখনৰ ওজন প্রায় ২৪০ কিল’গ্রাম আৰু ছটা বৈজ্ঞানিক আহিলাই লৈ গৈছে। তিনি মাহজোৰা এটা অভিযানৰ বাবে পাছত ৰভাৰখন লেণ্ডাৰখনৰ পৰা নমােৱা হ'ব। গুৰত্বপূর্ণ কথা এয়ে যে চীনৰ কিংবদন্তিত থকা জুই আৰু যুদ্ধৰ দেৱতা ঝুৰঙৰ নামেৰে ৰভাৰখনৰ নামকৰণ কৰা হৈছে। পূর্বনির্ধাৰিত স্থান, মঙল গ্রহৰ ইউটপিয়া প্লেনিচিয়াত ৰবিবাৰে ৰভাৰখনে সফলতাৰে অৱতৰণ কৰে। চাইনা নেশ্যনেল স্পেচ এডমিনিস্ট্রেশন (CNSA) এই বিবৃতিত কয় যে ৯ মিনিটৰ চৰম উৎকণ্ঠাপূর্ণ মুহূৰ্তৰ পাছত ৰ'ভাৰখনে সফলতাৰে অৱতৰণ কৰে। মঙলৰ দক্ষিণ দিশৰ পূর্বনির্ধাৰিত অঞ্চলত টিয়ানৱেন-১ নামৰ যানখনে সফলতাৰে অৱতৰণ কৰা বুলি ৰ'ভাৰখনে সংকেত প্ৰেৰণ কৰে। মঙল গ্রহত চীনৰ মহাকাশ যানখনৰ সফল অৱতৰণ এক বৃহৎ সফলতা, কাৰণ এই কামটো আছিল অতি জটিল। এই পর্যন্ত কেৱল আমেৰিকাহে ৰঙা গ্ৰহটোত মহাকাশ যান অৱতৰণ কৰাবলৈ সক্ষম হৈছিল।

 এতিয়া মঙল গ্রহত ৰভাৰ নমােৱা চীন আমেৰিকাৰ পাছতে দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হ’ল। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰেৰণ কৰা ৰ'ভাৰখনে তিনি মাহৰ আগতে গ্ৰহটোত সফলতাৰে অৱতৰণ কৰিছিল। যদিও পূর্বতে আমেৰিকা, ৰাছিয়া, ইউৰােপিয়ান ইউনিয়ন আৰু ভাৰতে মঙল গ্ৰহলৈ মহাকাশ যান প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। পূর্বৰ ছােভিয়েট দেশে (ৰাছিয়া) যান এখন মঙল গ্রহত নমাবলৈ সক্ষম হৈছিল যদিও অৱতৰণৰ ঠিক পাছতে যানখনৰ সৈতে সংযােগ বিচ্ছিন্ন হৈছিল। টিয়ানৱেন-১ৰ সফল অৱতৰণৰ বাবে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে চি এন এছ এক শাসনাধিষ্ঠিত কমিউনিষ্ট পার্টি অব চাইনা (চি পি চি), চেস্ট্রেল কমিটী, ষ্টেট কাউন্সিল আৰু চেস্ট্রেল মিলিটেৰি কমিছনৰ (চি এম চি) হৈ আন্তৰিক অভিনন্দন জনায়।

 

English Summary: Chaina become second state to land on march on saturday
Published on: 19 May 2021, 04:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now