Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 July, 2021 11:06 AM IST
Paper Mill, Nagaon

কাছাৰ কাগজ কলৰ চৌহদত সম্ভেদ পাইছে তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ। অনুমান অনুসৰি তিনিটা তেলৰ কূপ আছে কাছাৰ কাগজ কলৰ চৌহদতটোত। প্রতিবেদন অনুসৰি তৈল কোম্পানী ONGCয়ে কূপ কেইটা উদ্ধাৰ কৰাৰ পিছত চুক্তি স্বাক্ষৰ কৰাও হৈছিল। কিন্তু নিলামৰ জাননীত কাছাৰ কাগজ কলৰ সংৰক্ষিত মূল্যত এই কূপকেইটাৰ মূল্য নির্ধাৰণ কৰিব পৰা নাই। এইদৰে দাবী কৰে স্বয়ং কাগজ কলটোৰে কৰ্মচাৰী ইউনিয়নে।

গুৰত্বপূর্ণভাৱে কৰ্মচাৰী ইউনিয়নৰ তৰফৰ পৰা ইতিমধ্যে জুলাইৰ ৩ তাৰিখে Hindustan Paper Corporationৰ কলকাতাস্থিত Liquidator কুলদীপ বাৰ্মাক এই সন্দর্ভত পত্রযোগে জনায়। পত্ৰখনত সংৰক্ষিত মূল্য নিৰ্ধাৰণ কৰোঁতে কেঁচা তেলৰ মূল্যায়ন সংযোজন কৰিব লাগিব বুলি স্পষ্টৰূপে লিপিবদ্ধ কৰে। তদুপৰি কৰ্মচাৰী ইউনিয়নে সকীয়াই দিয়ে যে কলটোৰ উচিত মূল্যা নির্ধাৰণ নকৰাকৈ অতি কম মূল্যত যাতে নিলাম কৰাৰ সিন্ধান্ত গ্রহণ নকৰে ।

 ইউনিয়নৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে প্রকাশ কৰে যে – “নিলামৰ জাননীত ভূমি খণ্ডক তৈল ভূমি হিচাপে চিহ্নিত কৰিব লাগিছিল।’’ তেওঁ তৈল কূপৰ মূল্যায়ন কৰি নতুন সংৰক্ষিত মূল্য প্ৰকাশ কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে ইউনিয়নে এই সন্দৰ্ভত এখন পত্ৰ কেন্দ্ৰীয় বহৎ উদ্যোগৰ সচিবালয়লৈও প্ৰেৰণ কৰে। প্রণিধানযোগ্য এয়ে যে 2020 চনৰ অক্টোবৰৰ 20 তাৰিখৰ পৰাই কাছাৰ কাগজ কল বন্ধ হৈ পৰি আছে। আনহাতে নগাঁও কাগজ কলো বন্ধ হৈ পৰি আছে 2017 চনৰ 31 মার্চৰ পৰাই। যোৱা 54 মাহ ধৰি কাগজ কল দুটাৰ কৰ্মচাৰীসকলে দৰমহাৰ পৰাও বঞ্চিত হৈ আছে। অৱশ্যে নতুন চৰকাৰখনে নিয়ম অনুসাৰে ১৮ মাহৰ দৰমহা লাভ কৰিছিল যদিও বর্তমানলৈ পোৱা নাই। উল্লেখযোগ্য যে কল দুটা বন্ধ হোৱা যোৱাৰ পিছত আজি পর্য্যন্ত 91জন কৰ্মচাৰীৰ মৃত্যু হৈছে।

ইতিমধ্যে NCLTৰ নিৰ্দেশ অনুসৰি HPCLৰ liquidatorএ দুখনকৈ নিলামৰ জাননী প্রকাশ কৰিছে। শেষৰ জাননীখনত কল দুটাৰ নুন্যতম মূল্য 969 কোটি টকা বুলি কোৱ হৈছে। গুৰত্বপূর্ণ এয়ে যে প্ৰথমখন জাননীত প্ৰকাশ কৰা মূল্যতকৈ নতুন মূল্যত ১৭০ কোটি টকাৰ ব্যৱধান আছে। খৱৰ অনুসৰি বর্তমানলৈ কল দুটা ক্রয় কৰাৰ কোনেও ইচ্ছা প্ৰকাশ কৰা নাই।

English Summary: cachar paper mill campus have huge stock of natural gas
Published on: 06 July 2021, 11:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now