লেটেকু হৈছে ফাইলেনথেছিয়া পৰিয়ালৰ অন্তৰ্গত এজোপা মন্থৰ গতিত বৃদ্ধি হোৱা চিৰসেউজীয়া উদ্ভিদ। সমগ্ৰ এছিয়া মহাদেশত এই উদ্ভিদ দেখা পোৱা যায়। ভাৰত আৰু মালয়েছিয়াত সাধাৰণভাৱে খেতি কৰা হয় লেটেকুৰ। ইয়াক চিৰসেউজীয়া অৰণ্যত বিস্তৃত ভাবে গজা দেখা যায়। ইয়াৰ ফলবোৰ খাবলৈ বাবে আৰু সুৰা প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা হয়। চৰ্মৰোগৰ বাবে ঔষধ হিচাপেও ব্যৱহৃত হয় লেটেকু। ইয়াৰ বাকলি, কাঠ আৰু শিপাবোৰো ঔষধ হিচাপে ব্যৱহৃত হয়।
লেটেকু ফল পুষ্টিকাৰক। যথেষ্ট পৰিমাণে আইৰণ থকাৰ উপৰি ক্ৰমিয়াম, পটাছিয়াম, মেগনেছিয়াম, কেলচিয়াম, ফছফোৰাছ আদি খনিজ পদাৰ্থৰ লগতে আছে ভিটামিন বি, চি আৰু এমিন’ এছিড। ইয়াৰ ফল, শিপা, গছৰ বাকলি আৰু কাঠ ছালৰ ৰোগ, বাতবিষ, পেটৰ ৰোগ আদিত বনৌষোধিৰুপে ব্যৱহাৰ কৰা হয়। প্ৰতি গ্ৰাম লেটেকুৰ ফলত মেগনেছিয়ামৰ পৰিমাণ মগজ(তৰমুজৰ গুটি), চকলেট, তিচি, আলমণ্ড বাদাম আৰু বেলিফুলৰ গুটিত থকাতকৈ বেছি থাকে বাবে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হৃদয়, বৃক্ক, মগজু আদিও সুস্থ কৰি ৰাখে। ফল, শিপা আৰু গছৰ বাকলি ৰঙচুৱা-মুগা বা হালধীয়া ৰ্ং তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। এনে ৰঙেৰে সূতা, কাপোৰ আদি বোলোৱা হয়। লেটেকু গছৰ কাঠ মধ্যমীয়া মানৰ, বেছিদিন টিকে আৰু ঘৰুৱা আচবাব, খেতিৰ সঁজুলি, নাও আদি তৈয়াৰ কৰাৰ বাবে উপযুক্ত ইয়াৰ পুৰঠ গুটিবোৰৰ পৰা পুলি হয়। গুটিবোৰ সহজে গজে।
অসমৰ লগতে সমগ্ৰ এছিয়াত লেটেকু পোৱা যায়। ইয়াৰ গছ চিৰসেউজ, জোপোহা আৰু দহ মিটাৰতকৈও অধিক ওখ হয়। পাত সৰল একান্তৰ ওপৰফালে মিহি সেউজীয়া, তলফালে মুগা-সেউজীয়া, খহতা, নৰ পৰা পঁচিশ চেণ্টিমিটাৰ দীঘল আৰু তিনিৰ পৰা ন চেণ্টিমিটাৰ বহল।
লেটেকু ফলৰ বাকলি সেউজীয়া আৰু পুৰঠ হ’লে হালধীয়া বা হালধিয়া-মুগা হয়। কিছুমান প্ৰজাতিৰ ফল গুলপীয়া, ৰঙা বা কজলা। বাকলিবোৰ ডাঠ আৰু কোমল। ফলত দুটাৰ পৰা চৰিটা গুটি থাকে। গুটিবোৰ ৰঙচুৱা-কজলা। গুটিবোৰ মঙহাল অংশই আৱৰি থাকে। কেঁচাতে টেঙা-কেঁহা যদিও পুৰঠ হ’লে মঙহাল অংশখিনি সুগন্ধি, কোমল, ৰসাল আৰু সোৱাদ হয় আৰু এই মঙহাল অংশখিনি খোৱা হয়।
লগতে পঢ়কঃ তিয়াই থোৱা বাদামেৰে আৰম্ভ কৰক আপোনাৰ দিনটো, হ’ব এইকেইটা লাভ!