1. স্বাস্হ্য আৰু জীৱন

Curry Leaf: নৰসিংহৰ ঔষধি গুণ আৰু ইয়াৰ স্বাস্হ্য উপকাৰিতা

KJ Staff
KJ Staff
Medicinal Value of Curry Leaf
Medicinal Value of Curry Leaf

নৰসিংহ এবিধ ঔষধি উদ্ভিদ৷ ইংৰাজীত ইয়াক Curry leaf বুলি কয়৷ বৈজ্ঞানিক নাম Murraya koenji ৷ আমাৰ অসমত অতীজৰে পৰা ঔষধি খাদ্য ৰূপে ইয়াৰ ব্যৱহাৰ হৈ আহিছে৷ দক্ষিণ ভাৰতত ইয়াৰ (কাৰীপতা)ব্যৱহাৰ সৰ্বাধিক৷  ই শূন্য চৰ্বিযুক্ত আৰু প্ৰচুৰ পৰিমাণে ভিটামিন তথা খনিজ লোণসমৃদ্ধ৷ কেলচিয়াম, ফচফৰাচ, আইৰণ, মেগনেছিয়াম, ভিটামিন এ, বি, ই আদি পোৱাৰ উপৰিও এমাইন’এচিড, গ্লাইক’চাইড আৰু ফ্লেবিনয়ড পোৱা যায়৷ বিভিন্ন গৱেষণাই কৈছে যে ইয়াৰ পাত এন্টিঅক্সিডেন্টযুক্ত আৰু কৰ্কট প্ৰতিৰোধী গুণযুক্ত৷

আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰুপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে। খাদ্য হিচাপে ব্যৱহাৰৰ সময়ত আমাৰ ৰাজ্যত ইয়াৰ কোমল পাতে আগস্থান পোৱা দেখা যায়। কিয়নো, এনে পাত পিহা বা সিজোৱা সহজসাধ্য হোৱাৰ উপৰি ৰন্ধনতো ইন্ধনৰ ব্যয় আৰু সময় কম লাগে। কেঁচাই খোৱাৰ সময়ত ইয়াৰ কোমল পাত আদা, নহৰু আৰু জলকীয়াৰ লগত মিহলাই পিহি মগুৰ ৰুপত চাটনি কৰি খোৱা হয়। ইয়াৰ বিপৰীতে কেঁচা পাত দাইলত দি বা তৰকাৰি কৰিও খাব পাৰি। তেনেকৈ ইয়াৰ পাত পিহি পোৱা ৰসৰ লগত কাঠমাছ, যেনে কাৱৈ,গৰৈ,শ’ল,শাল,মাগুৰ,শিঙি আদিৰ লগত জোল কৰি খালে বহু তৃপ্তি পোৱা যায়।

নৰসিংহৰ ঔষধি গুণৰ সন্দৰ্ভত ভালেখিনি তথ্য পোৱা গৈছে । তাৰে কেইটামান হৈছে-

  • ইয়াৰ পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয়।

  • ইয়াৰ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায়।

  • পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে।

  • পেটৰ বিষ হ’লে চাৰি কাপ পানীত নৰসিংহ গছৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই উঠি পোৱা পানী খালে পেটৰ বিষ ভাল হয়।

  • পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয়।

  • পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয়।

  • দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায়।

  • মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায়।

  • মেদবহুলতাত ভোগা লোকে নিয়মিতভাৱে নৰসিংহৰ জোল খালে সুফল পোৱা যায়।

  • কীট-পতংগই কামুৰিলে বা বিষাক্ত প্ৰাণীয়ে দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম-পৰিমাণৰ নেমুৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায়।

  • নৰসিংহৰ পাত সিজাই পোৱা অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে নৰসিংহ এবিধ গুৰুত্বপূৰ্ণ উদ্ভিদ। বসন্তৰ আগমনৰ লগে লগে ইয়াৰ গছত কোমল পাতৰো আগমন ঘটে আৰু শীতৰ সময়ত ইয়াৰ বুঢ়া পাতবোৰ সৰিব ধৰে। গতিকে ইয়াৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সহজলভ্যতাৰ সময়ত খোৱাৰ প্ৰতি আমি যত্নপৰ হোৱাটো উচিত।

লগতে পঢ়ক-তিয়াই থোৱা বাদামেৰে আৰম্ভ কৰক আপোনাৰ দিনটো, হ’ব এইকেইটা লাভ!

উৎসঃ লেখক : অৰ্পণ দত্ত (সংগৃহীত)

English Summary: Curry Leaf: Medicinal Plant, Health Benifit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.