আজিকালিৰ অধিকাংশ লোকেই শাৰীৰিক পৰিশ্ৰম কমকৈ কৰে। কেৱল শ্ৰমজীৱী লোক আৰু কৃষিকৰ্মৰ সৈতে জড়িত ব্যক্তিসকলেহে দিনৰ দিনটো শাৰীৰিক শ্ৰম কৰিব লগা হয়। যিকোনো কাৰাখানা বা উৎপাদনমুখী ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰা লোকৰো শাৰীৰিক শ্ৰম যথেষ্ট হয়। এই লোকসকলে দিনটোৰ কামৰ মাজত অকণমান আহৰি উলিয়াই ক্ষন্তেক সময় জিৰণি লয় আৰু সেইকণ সময়ৰ জিৰণিয়ে দেহটো পুনৰ কৰ্মক্ষম কৰি তোলে যদিও কৰ্মদিনৰ শেষৰ ফালে ভাগৰুৱা হৈ পৰে। এনেদৰে কাম কৰি ভাগৰি পৰা লোকে এটাকৈ পকা কল খালে দেহৰ ভাগৰুৱা ভাৱটো নাইকিয়া হয় আৰু পুনৰ কাম কৰাৰ উদ্যম লাভ কৰে।
কলে শৰীৰৰ আভ্যন্তৰত অনতিপলমে শক্তিৰ যোগান ধৰে। শৰীৰৰ পৰা ক্লান্তিৰ ভাৱ দূৰ কৰে আৰু পুনৰ কামত লাগিবলৈ উদ্যম যোগায়। সেয়ে ভাগৰি পৰা লোকক যিমান পাৰে কল খাবলৈ দিব লাগে। কল খাই থাকিলে শৰীৰটো শক্তিশালী আৰু উদ্যমী হৈ থাকে। অৱশ্যে ডায়েবেটিছত ভুগি থকা লোকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বেছি পৰিমাণত কল নেখাব। কলে শৰীৰত যথেষ্ট পৰিমাণে অতিৰিক্ত কেলৰিৰ যোগান ধৰে আৰু অতিৰিক্ত কেলৰি ডায়েবেটিছৰ ৰোগীৰ কাৰণে বেয়া।