তেতিয়া মই খুব সম্ভব বিএ তৃতীয় যাণ্মাসিকৰ ছাত্ৰ। অসমীয়া মোৰ মেজৰ বিষয় আৰু পাছ কৰ্চ আছিল ৰাজনীতি বিজ্ঞান। এদিন পাছ কৰ্চৰ ক্লাছ কৰি থাকোতে এজন ছাৰে সুলভ মূল্যৰ চাউলে দৰিদ্র সীমাৰেখা তলৰ মানুহবোৰক কেনেদৰে এলেহুৱা কৰি আহিছে তাৰ এক ব্যাখ্যা দাঙি ধৰি বিনামূলীয়া আঁচনিসমূহ বন্ধ কৰাৰো পোষকতা কৰি এই আঁচনিসমূহে দুখীয়া মানুহক কৰ্মবিমুখ, এলেহুৱা কৰিছে বুলি এটা দিঘলীয়া বক্ততা দিছিল। কথাটো মোৰ সহা নহৈছিল। মই লগে লগে থিয় হৈ ছাৰক ক'লে— ছাৰ, সুলভ মূল্য চাউলকেইটা নিদিয়া হ'লে হয়তো মই হয়তো এনেদৰে আজি আপোনাৰ ক্লাছত বহি থাকিব নোৱাৰিলোঁহেঁতেন। কাৰণ, মোৰ দেউতাই ঘৰখনৰ পাঁচটা মানুহৰ চাউলৰ বাবে যিখিনি পইচা খৰচ কৰিব লাগিছিল। তাৰ তৃতীয়াংশ এতিয়া মোৰ পঢ়াৰ নামত খৰচ কৰিবলৈ সুবিধা পাইছে। নহ'লে মোৰ ওপৰ দুটাৰ দৰে মোৰো পঢ়া নহ'লহেঁতেন। ছাৰে মোৰ কথাটোত খুব কষ্ট কৰি হয়ভয় দিয়া-নিদিয়াকৈ, এইটো এটা বেলেগ বিষয় বুলি কথাটোত মুখনি মাৰিছিল। সেইদিনা মোৰ ছাৰক ক'বৰ মন গৈছিল—আপুনি চাৰিটা ক্লাছ কৰি মাহিলি সত্তৰ পৰা আশী হাজাৰ টকা দৰমহা পায় তাত একো নাই। তেতিয়া আপোনালোকে এলেহুৱা হৈ নাযায় আৰু আপোনালোকৰ ল'ৰা-ছোৱালী দেশ-বিদেশৰ ভাল শিক্ষানুষ্ঠানসমূহত পঢ়িব আৰু দুখীয়া মানুহখিনিয়ে মাহেকত চৰকাৰৰ ঘৰৰ পৰা সুলভ মূল চাউল কেইটামান পাব তাকে লৈ আপোনালোকৰ সুখ নাইকিয়া হ'য়। কিন্তু নক’লো। কাৰণ চৰকাৰৰ বিৰুদ্ধে যোৱা পুলিচ আৰু কলেজত প্ৰফেচৰ বিৰুদ্ধে যোৱা ছাত্ৰৰ পৰিণাম লটিঘটি।
বর্তমান সময়তো অসমৰ অধিকাংশ সচেতন তথা তথাকথিত সচেতন মানুহেই ৰাজনীতি বিজ্ঞান বিভাগৰ ছাৰজনৰ দৰেই ভাবে। কাৰণ, তেওঁলোকে ভাবে চৰকাৰে গ্ৰহণ কৰা এই আঁচনিসমূহে অসমীয়া মানুহক এলেহুৱা কৰি তুলিছে। তেওঁলোকৰ দৃষ্টিত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনিয়ে জীয়াই থাকিবৰ বাবে যি লাগে সকলো চৰকাৰৰ পৰা পাইছে। আগতে যদি খেতি কৰিছিল। এতিয়া এৰিলে, এনৰেগা আঁচনিৰ অধীনত কাম কৰিছিল যদি সেয়া আজিকালি নকৰে বা অন্যান্য জীয়াই থাকিবৰ বাবে যি কাম কৰিছিল সেইবোৰ কাম নকৰে। মানে একেবাৰে শ্রমবিমুখ হৈ পৰিছে। কিন্তু কথাটো কিমান সঁচা। আপুনি যদি লক্ষ্য কৰে দেখিব- এতিয়াও গঞা ৰাইজে পূৰ্বৰ দৰেই বাৰিষা পথাৰত অকণো মাটি খালি নকৰাকৈ মাটিত কৰিছে। এবাৰ বানে মৰাৰ পাছতো পুনৰ কৰিছে। এতিয়াও টাউনত হাজিৰা কৰিবলৈ গৈ কাম নাপাই মানুহবোৰ ঘুৰি আহিছে। দৰিদ্ৰতাৰ লগত চিনাকি নথকা মানুহে বহু কথা কয়, গুৱাহাটী মহানগৰীত থকা বুদ্ধিজীৱীসকলে কি বুজিব ধেমাজিৰ বানত সৰ্বস্ব হেৰুৱা এটা পৰিয়ালৰ বাবে সুলভ মূল্যৰ চাউলকেইটাৰ প্ৰয়োজনীয়তা কিমান। চৰকাৰে দৰিদ্ৰ মানুহখিনিক মাহটোত চাউলকেইটামান দি বা এহাজাৰ পোন্ধৰ শ এটা দিয়াৰ বাবদ দৰিদ্র পৰিয়ালসমূহলৈ হাঁহি আহিছে। শিক্ষক, কেৰাণী, পুলিচ আদি চৰকাৰী চাকৰিয়ালসকলৰ দৰমহা বঢ়ালে কোনেও সমালোচনা নকৰে। এজন কলেজ শিক্ষকে দিনটোত চাৰিটা ক্লাছ কৰে। তেওঁ মাহিলি দৰমহা পায় আশী হাজাৰৰ পৰা ডেৰলাখ পৰ্যন্ত, তাততো কোনেও আজিলৈকে মাত মতা নাই। কিন্তু বিধবা মানুহগৰাকীক, বিয়া নহৈ ঘৰতে থকা ছোৱালীজনীক বা লঘোণে-ভোকে থকা মানুহখিনিক মাহেকত পইচাকেইটামান বা চাউলকেইটামান দিয়াত ইমান চর্চা কিহৰ ! বহুতে ক'ব বিচাৰে কেবল দৰিদ্ৰ মানুহখিনিৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহে দেশখন অর্থনৈতিক সংকটৰ মাজলৈ লৈ গৈছে। বাকী অন্য কাৰণবোৰ নগন্য। দৰিদ্র মানুহখিনিৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ বন্ধ কৰি দিলেই ভাৰতৰ অৰ্থনীতিৰ গ্ৰাফডাল আপোনা-আপুনি উঠি যাব বুলি বহুতে সপোন দেখি আছে এতিয়াও। মন্ত্রী, এমএলএ, ঠিকাদার, ইঞ্জিনীয়াৰ, বাতৰি কাকত-নিউজ চেনেলৰ মালিক, ডাঙৰ ব্যবসায়ী, উদ্যোগপতিয়ে কোটি কোটি চৰকাৰী পইচা হজম কৰক একো নাই। কিন্তু দৰিদ্ৰ মানুহখিনিয়ে পোৱা অকণমান অর্থনৈতিক সকাহে দেশখনক অর্থনৈতিক সংকটৰ দিশলৈ লৈ গ'ল। সিদিনা ডিম্পু বৰুৱাৰ ইউটিউব ভিডিঅ' এটা চাই থাকোঁতে গম পালোঁ ইংলেণ্ডত হাজিবা কৰা মানুহ পাবলৈ নাই। তেতিয়াহে গম পালোঁ। তাতো ফ্রী চাউল খাই গায়েই কাৰো গা- নলৰা হ'ল। কিন্তু অসমৰ ক্ষেত্ৰত এইষাৰ কিমান সঁচা, অসমৰ কোনোবা এখন টাউনলৈ আপুনি ওলাই গ'লেই দেখিৰ হাতত দা, খণ্টি, কোৰ লৈ হাজিৰা কৰিবলৈ মানুহবোৰ পুৱাৰে পৰা ৰৈ থাকে। আপুনি কাষেৰে গেলেই আপোনাক সুধিব—— ছাৰ, হাজিৰা কৰা মানুহ লাগিব নেকি? মই এনেকুৱা মানুহ বহুজনক চিনি পাওঁ যিয়ে হাজিৰা নাপাই ১২ বজাত ঘৰলৈ খালি হাতেৰে ঘূৰি আহে।
লগতে পঢ়ক-
কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰিলে কি কি দিশত লাভান্বিত হ’ব আপুনি
দেখিবলৈ পাইছোঁ, চাউলৰ বাবে চিন্তা কৰিব নলগাৰ বাবেই মানুহবোৰে অনা কিছুমান পজিটিভ কথা চিন্তা কৰিবলৈ সময় পাইছে। ধানখেতি নহ'লেও ধান খেতিকে কৰি থকা পথাৰবোৰত এতিয়া শাক-পাচলিৰ খেতিক পৰীক্ষামূলকভাবে কৰি চাবলৈ অকণমান সুবিধা পাইছে। মাহেকত চাউলকেইটা বিনামূল্য পোৱাৰ বাবে চাউল কিনাৰ পৰা ৰাহি হোৱা পইচাকেইটাৰে দৰিদ্ৰ সীমাৰেখা তলৰ মানুহখিনিয়ে ঘৰটোৰ বাবে দুখনমান টিনপাত, ছোৱালীজনীক কলেজলৈ যাবলৈ বাছৰ ভাড়াটো, ল'ৰাটোক চাইকেলখন, পঢ়িবলৈ এখন টেবুল বনাই দিব পাৰিছে। আমাৰ প্রগতিশীল চিন্তাৰ ধাৰকসকলে বিচাৰে নেকি যে দুখীয়া ঘৰৰ ল'ৰাকেইটাই বস্তাত বহি কিতাপ পঢ়ক বা ছোৱালীজনী পইচা পাতিৰ অসুবিধাৰ বাবে কলেজলৈ নগৈ বুদ্ধিজীৱিসকলৰ ঘৰত বনকৰা ছোৱালী হিচাপে কাম কৰক। নে খাবলৈ নাপাই দৰিদ্র সীমাৰেখা তলৰ মানুহখিনিয়ে মধ্যবিত্তৰ ভৰিত পৰিব নলগাৰ বাবেই মধ্যবিত্তই এনেদৰে দৰিদ্ৰৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিৰুদ্ধে চৰ্চা আৰম্ভ কৰিছে।
দেশ তথা ৰাজ্যৰ শেহতীয়া যি পৰিস্থিতি তাৰ বাবে বর্তমান সময়ত জগৰীয়া কৰা হৈছে দৰিদ্ৰ সীমাৰেখা তলব লোকসকলৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহক। কিন্তু মোৰ চিন্তা-ধাৰাৰে প্রকৃত দরিদ্র মানুহখিনিৰ বাবে আৰু বিশেষ আঁচনি গ্রহণ কৰাৰ প্রয়োজনীয়তা আছে। কারণ মুদ্রাস্ফীতিয়ে এতিয়া তেওঁলোকৰ জীৱনত এনেদৰে প্রভাৱ পেলাইছে যে বিনামূল্য চাউলকেইটাৰ লগতে বিভিন্ন আঁচনিৰ পৰা লাভ কৰা সুবিধাসমূহ পোৱা-নোপোৱা একেই কথাৰ দৰে হৈছে। চাউলকেইটাহে ফ্রীকে পাইছে বাকী অত্যাৱশ্যকীয় সামগ্ৰীসমূহত যিদৰে কৰ লগাইছে চৰকাৰে সেয়া মাছৰ তেলেৰে মাছ ভাজি থকাৰ দৰে হৈছে। দৰিদ্ৰ সীমাৰেখা মানুহখিনিৰ বাবে গ্ৰহণ কৰা এই আঁচনিসমূহ এনেকুৱা হ'ব লাগে যাৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখা তলৰ লোকসকলে কামৰ নিশ্চয়তা আৰু উপযুক্ত সম্মান লাভ কৰে আৰু এই মানুহখিনিয়ে সম্পাদন কৰা কামৰ পৰা চৰকাৰে ৰাজহ লাভ কৰিব পাৰে। কাৰোবাৰ পৰা ধন ঋণলৈ লৈ কেৱল খোৱাই থাকিলে, খাই থাকিলে বা তাক সদব্যৱহাৰ নকৰিলে এদিন দেওলীয়া হ'ব, সেয়া এখন ঘৰ হওক সেয়া এখন দেশ হওক। নিজৰ সম্পত্তি বিক্রী বা বন্ধক দি লাহ বিলাহ কৰাসকলৰ খুব সোনকালে অৱস্থা নাইকিয়া হয়। পৰাপক্ষত নিজৰ যিখিনি আছে তাক ব্যৱহাৰ কৰি তাৰ পৰা উৎপাদন বৃদ্ধি কৰাটোহে এখন সুস্থ চৰকাৰ বা এজন সুস্থ ব্যক্তিৰ চিন। ইয়াৰ বিপৰীতে ধাৰ-ঋণ লৈ, সম্পত্তি বিক্ৰী কৰি এখন দেশে জনসাধাৰণৰ আৰু এজন ব্যক্তিয়ে পৰিয়ালটোলৈ বিপদ মাতি আনে। ঋণ লোৱাটো ভাল বুলি অর্থনীতিবিদসকলে কয় কিন্তু ঋণ লৈ ধন আমি কি কামত ব্যৱহাৰ কৰিছোঁ আৰু ঋণ মাৰিবৰ বাবে সেই ধন কেনেদৰে উৎপাদনৰ বাবে খৰচ কৰিছোঁ সেইটো কিন্তু বর্তমান সময়ত এটা চিন্তা কৰিবলগীয়া কথা।
লগতে পঢ়ক-