1. অন্যান্য

নামঘৰ, গীৰ্জাৰ বাবে লাখ টকা খৰচ কৰাতকৈ গাঁওবোৰত শীতল ঘৰ একোটাকৈ বনোৱা হ’লে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Cold Storage
Cold Storage

নামঘৰ, মছজিদ, গীৰ্জা জনসাধাৰণৰ নিজৰ তথা আৱেগৰ বস্তু। এইবোৰ যিকোনো প্ৰকাৰে ৰাইজে নিজেই বনাই ল’ব আৰু বহু উদাহৰণ আছে এনেকেই বনাই লোৱা। কিন্তু গ্ৰামাঞ্চলসমূহত এনেকুৱা বস্তু কিছুমানৰ প্ৰয়োজন আছে যিবোৰ গঞাই নবনায়। আৰু সেইবোৰৰ কথা গঞা ৰাইজে ভাবিব নোৱাৰে! কিন্তু ইয়াৰ অভাৱত গঞা ৰাইজে প্ৰতিদিনে লোকচানৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ গ্ৰামাঞ্চলৰ কৃষকসকল। হয় মই ইয়াত শীতল ঘৰ অৰ্থাৎ Cold Storage ৰ কথা ক’ব বিচাৰিছো। এই শীতল ঘৰবোৰৰ সহায়ত ফলমূল, শাক-পাচলি, মাংস, দুগ্ধজাত সামগ্ৰী, মছলা, শুকান ফল, গুড়, ৰাসায়নিক পদাৰ্থ, ঔষধৰ সামগ্ৰী আদি সংৰক্ষণ কৰা হয়। কাৰণ শীতল ঘৰৰ ভিতৰত ঘৰত যিকোনো সামগ্ৰী বহুত দিনৰ বাবে ভাল হৈ থাকে । কিন্তু সেই একেই বস্তুবোৰ আমি ঘৰত ৰাখিলে গেলি-পচি, বেমাৰ লাগি শেষ হৈ যায়।

শীতল ঘৰবোৰ নথকাত কি কি সমস্যাৰ সন্মুখীন হয় কৃষকসকল :

১ । সম্প্ৰতি আমাৰ কৃষকসকলে কোনো এবিধ ফচল পথাৰৰ পৰা তোলাৰ পাছতেই বিক্ৰিবৰ বাবে খদমদম লগা হয়। কাৰণ বিক্ৰি নহ’লে দুই-এদিনতে ফচলসমূহ বেয়া হৈ যাব। এনেকই বহু কৃষকৰ উৎপাদিত শস্য বেয়া হৈ গৈছে। গৰুক খোৱাবলগীয়া হয় শাক-পাচলি, বস্তাই কৃষকে নেমু পানীত পেলাই দিব লগীয়া হয়, কভিডৰ সময়ত এনে শীতল ঘৰবোৰৰ নথকাৰ বাবেই কৃষকৰ পথাৰৰ শাক-পাচলি পথাৰতেই গেলি গৈছিল। বৰ্তমানেও বহু ঠাইত গ্ৰাহকৰ এনেকুৱা হৈ আছে। আৰু  বহু কৃষকে গেলি নষ্ট হৈ যোৱাতকৈ গ্ৰাহক-বেপাৰীক কম দামত বিক্ৰি কৰি লোকচানৰ সন্মুখীন হ’ব লগা হয়।

লগতে পঢ়ক-

অসমৰ থলুৱা ফল-মূল আৰু পাচলিৰ সংৰক্ষণ আৰু মূল্য সংযোজন

২। শীতল ঘৰবোৰ গাঁওবোৰত নথকাৰ বাবেই দাম নহ’লেও কৃষক এজনে ফচলসমূহ বিক্ৰি কৰিব লগা হয়। উদাহৰণস্বৰূপে, বৰ্তমান আলু কেজি অসমত ধৰি লওঁক ১০-১৫ টকা। কিন্তু ছমাহৰ পাছতেই ২৫-৩০ টকা হ’ব। কিন্তু আমাৰ কৃষকসকলে ১০ টকাতেই বিক্ৰি কৰিব লগা হয় কাৰণ ছমাহলৈ ৰাখি থলে ইয়াৰ অধিকাংশই গেলি শেষ হ’ব। লাভ হোৱাতকৈ লোকচানৰ সন্মুখীন হ’ব কৃষকসকল। গতিকে  শীতল ঘৰবোৰ নথকাৰ বাবে কৃষকসকল কম দামতে তেওঁলোকৰ উৎপাদিত শস্যসমূহ বিক্ৰি কৰিব লগা হয়। এইবোৰৰ ওপৰি শীতল ঘৰবোৰ নথকাৰ বাবে অনেক সমস্যাৰ সন্মুখীন হয় কৃষকসকল।

কিন্তু কৃষকৰ আয় দুগুণৰ বাবে কাম কৰি অহা চৰকাৰৰখনৰ এইবোৰৰ প্ৰতি আকৰ্ষণ নাই। বহাগী মেলা, দুৰ্গা, নামঘৰ, মছজিদৰ বাবে লাখ লাখ টকা মুক্ত হস্তে উলিয়াই দিয়ে। সেয়া ভাল কথা। তাৰ সমান্তৰালভাৱে গাঁৱে গাঁৱে শীতল ঘৰবোৰ স্থাপনৰ বাবে এনেদৰে পইচা আবন্টন দিয়া হ’লে অসমৰ কৃষকসকলে নিজ উতপাদিত ফচল গৰুক খোৱাবলগীয়া বা পথাৰত গেলি যোৱা চাই থাকিবলগীয়া বা ৩০ টকা খৰচ কৰি ২০ টকাত বিক্ৰি কৰিব লগা নহলহেঁতেন।

উল্লেখ্য যে আজি দুই এদিন ধৰি ধেমাজি আৰু লখিমপুৰৰ আলু কৃষকসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ বিগত বছৰবোৰত তেওঁলোকে অৰুণাচলৰ বান্দৰদোৱাস্থিত শীতল ঘৰত বীজৰ বাবে সংৰক্ষণ কৰি আহিছিল আলু। কিন্তু এইবাৰ এজন ব্যৱসায়ী শীতল ঘৰটো কনটেকত লৈ লোৱাত কৃষকসকলে থব সংৰক্ষণ কৰিব পৰা নাই। ইফালে, ধেমাজি জিলাৰ চিলাপথাৰত এটা শীতল ঘৰ আছে যদিও এজন ব্যৱসায়ী কনটেকত লৈ থৈছে। ফলত আমাৰ সাধাৰণ কৃষকৰ অৱস্থা নাইকীয়া হৈছে। 

লেখক-পংকজ খনিকৰ

লগতে পঢ়ক-

অসমৰ কৃষক ৰাইজে পাহৰি যোৱা বীজ সংৰক্ষণৰ এটা পৰম্পৰাগত পদ্ধতি

English Summary: Benefit of the cold Storage

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.