Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 March, 2023 5:59 PM IST

শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিলে কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। এইবাৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা প্ৰদান কৰা হয় ডাঃ তপন শইকীয়াক। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ সজাগতা বৃদ্ধিৰ বাবে কৰি অহা প্ৰচেষ্টা আৰু সেৱাৰ বাবে মুম্বাইৰ প্ৰিন্স আলি খান চিকিৎসালয়ৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডা: তপন শইকীয়ালৈ আগবঢ়োৱা হয় অসম বৈভৱ বঁটা। একেদৰে জাতীয় জীৱনৰ উন্নয়নৰ বাবে কাম কৰি অহা কেইবাজনো ব্যক্তিলৈ আগবঢ়োৱা হ’ল অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। এইবাৰ অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা লাভ কৰিলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা ১৫ গৰাকীকৈ ব্যক্তিয়ে। ইয়াৰে ৭ গৰাকী কৃষক আৰু কৃষিখণ্ডৰে জড়িত। তেওঁলোক হ’ল ক্ৰমে- ড° যোগেশ দেউৰী, ডাঃ পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী,  মানথাং মাৰ, ড° ধ্ৰুৱজ্যোতি শৰ্মা, মানজে লা, আৰু দেৱজিৎ বৰ্মনে।

তলত কৰ্মৰাজিৰ ওপৰত এক চমু আলোকপাত কৰা হ’ল-

° যোগেশ দেউৰী

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ৰেচম বিভাগৰ প্ৰাক্তন সঞ্চালক ড° যোগেশ দেউৰীয়ে উন্নতমানৰ পাট সূতা উৎপাদনৰ লগতে বিশেষকৈ অসম চৰকাৰৰ সোণালী সূতা আৰু সোণালী ধাৰা প্ৰকল্পৰ অধীনত অগ্ৰণী ভূমিকা লৈছিল। ৰেচম ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে নতুন দিল্লীৰ ইনষ্টিটিউট অৱ ইক'নমিক ষ্টাডিজৰ পৰা উদ্যোগ ৰত্ন বঁটা লাভ কৰিছে।

ডাঃ পংকজ লাল গগৈ

১৯৯৯ চনৰে পৰা কুকুৰা পালনৰে জড়িত ডাঃ পংকজ লাল গগৈয়ে মালিকানাধীন গুৱাহাটীৰ নৰ্থ ইষ্ট এগ্ৰ'ভেট প্ৰাইভেট লিমিটেডে প্ৰতিমাহে ৮ লাখ কিল'গ্ৰাম ব্ৰইলাৰ কুকুৰা উৎপাদন কৰে। তেখেতৰ এই কোম্পানীত ১৩০জন যুৱকে কৰ্মসংস্থান লাভ কৰাৰ লগতে তেখেতে ১০০০তকৈও অধিক উৎপাদনকাৰীক সংগঠিত কৰিবলৈ সমৰ্থ হৈছে। ব্যৱসায়িক কাম-কাজৰ লগতে তেখেতৰ প্ৰতিষ্ঠানটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ শিক্ষাৰ্থীলৈ শিক্ষাগ্ৰহণৰ বাটত আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।

সৰ্বেশ্বৰ বসুমতাৰী

চিৰাঙৰ এগৰাকী প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে আধুনিক কৃষি সঁজুলি যেনে- ড্ৰিপ স্প্ৰিংকলাৰ আৰু সৌৰ-চালিত পাম্প ছেট আদিৰ সৈতে এখন আদৰ্শ বহুমূখী কৃষিপাম আৰু ১৫ বিঘা পৰিসৰৰ মীন পালন গোট প্ৰতিষ্ঠা কৰিছে। তেখেতে এৰী বীজ আৰু এৰী কাপোৰ উৎপাদনৰ লগতে প্ৰশিক্ষক আৰু যোগানধাৰী হিচাপে কাম কৰাৰ লগতে নগাঁৱৰ কৃষি বিকাশ কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত ৰঞ্জিত-১ প্ৰজাতিৰ ধানৰ প্ৰত্যায়িত বীজ উৎপাদন কৰে।

লগতে পঢ়ক- 

New Variety Betel nut : পুলি পাবৰ বাবে উল্লেখিত নম্বৰত যোগাযোগ কৰক

মানথাং মাৰ

কাছাৰ জিলাৰ নতুন কালাম পুঞ্জি গাঁৱৰ মাৰ এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ পৰিচালনা সমিতিৰ সদস্য শ্ৰীমানথাং মাৰে কৃষক সৃষ্টিকাৰী কোম্পানীসমূহৰ অধীনত কৃষক গোট আৰু ক্লাষ্টাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ২০১৯-২০ আৰু ২০২১-২২ৰ ভিতৰত অসমৰ উদ্যানশস্য আৰু কৃষি সংসাধন বিভাগৰ অধীনত কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে আনাৰস ৰপ্তানিৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল।

° ধ্ৰুৱজ্যোতি শৰ্মা

উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ নাৰ্ছাৰী 'ডেফ'ডিল নাৰ্ছাৰী পুৰণি'ৰ স্বত্বাধিকাৰী ড° ধ্ৰুৱজ্যোতি শৰ্মাই কৃষি খণ্ডলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছে। প্ৰায় ৩০০গৰাকী লোকক সংস্থাপন প্ৰদান কৰা এই নাৰ্ছাৰীখনত ৪,০০০তকৈ অধিক প্ৰজাতিৰ ফুল, ফল-মূল, শাক-পাচলি, ঔষধি গুণসম্পন্ন উদ্ভিদ আৰু আলংকৰিক উদ্ভিদ পোৱা যায়। ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° শৰ্মাই ২০১৯ চনত ক্ষেত্ৰীত ডেফ'ডিল কলেজ অৱ হৰটিকালচাৰ প্ৰতিষ্ঠা কৰে।

মানজে লা

চিংফৌসকলৰ পৰম্পৰাগত চাহ 'ফালাপ'ক জনপ্ৰিয় কৰি তোলাৰ আঁৰৰ অন্যতম ব্যক্তি হ'ল শ্ৰীমানজে লা। এই চাহবিধ 'কইন টী' বা 'বেম্ব' টী' বা 'স্মোকড্ টী' বুলিও জনাজাত। 'চিংফৌ হেৰিটেজ টী'ৰ স্বত্ত্বাধিকাৰী হোৱাৰ লগতে চিংফৌসকলৰ খাদ্যাভ্যাস, কৃষ্টি-সংস্কৃতি আৰু জীৱন- ধাৰণক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে সমুহীয়াভাৱে হাতত লোৱা প্ৰকল্প 'চিংফৌ ইক'লজ'ৰো তেখেত পৰিচালন সঞ্চালক। এই চিংফৌ ইক'লজে বহু স্থানীয় যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ উপৰি থলুৱাভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰি কৃষকসকলৰ উপকাৰ সাধন কৰিছে।

দেৱজিৎ বৰ্মন

দেৱজিৎ বৰ্মনে ৯০ৰ দশকৰে পৰা মীনপালনৰ সৈতে জড়িত হৈ আহিছে। তেখেতে এক বিশেষ চীনা পদ্ধতি ব্যৱহাৰ কৰি প্ৰথমাৱস্থাত কমন কাৰ্প প্ৰজাতিৰ মাছৰ প্ৰাকৃতিক আৰু বিশেষীকৃত ব্ৰীডিং আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত অন্য প্ৰজাতিৰ মাছৰ ক্ষেত্ৰতো এই পদ্ধতি ব্যৱহাৰ কৰে। কৃষি আৰু সহযোগী খণ্ডত বিশেষ সফলতা লাভ কৰা শ্ৰীবৰ্মনে ডিজেল বা বিদ্যুৎ ৰাহি কৰিব পৰা স্বল্প ব্যয়ৰ এক জলসিঞ্চন ব্যৱস্থাৰো উদ্ভাৱন কৰিছে।

উল্লেখ্য যে পাঞ্জাৱ-হাৰিয়ানাত কৃষক হোৱাটো গৌৰৱ। এই ৰাজ্যসমূহত কৃষকৰ সন্তানে পঢ়া-শুনা কৰি উচ্চশিক্ষিত হৈয়ো দেউতাকৰ কৃষক বৃত্তিটো গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিন্ত অসমত কৃষক হোৱা মানে দুৰ্ভাগ্য বুলি ভৱা হয়। কৰিবলৈ একো নাপাইহে খেতি কৰাৰ ধাৰণা এটা অসমত পৰম্পৰাগত বৰ্তমানেও চলি আছে। ইয়াৰ মাজতে শেহতীয়াকৈ ৭ জনকৈ কৃষি আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিয়ে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ সন্মান অসম গৌৰৱ বঁটা আঁজুৰি আনিলে। এই ঘটনাই প্ৰমাণ কৰি দিলে যে খেতি কৰাটো দুৰ্ভাগ্য নহয়। ভালকে খেতি কৰিলে কৃষিকো গ্লেমাৰ হিচাপে গঢ় দিব পাৰি। ইয়াৰ প্ৰমাণ হিচাপে আমি সৰ্বেশ্বৰ বসুমতাৰী, ডাঃ পংকজ লাল গগৈ, দেৱজিৎ বৰ্মন, ভৱেন শালৈ, দেৱজিত চাংমাই, জিতু গগৈ, ধনীৰাম চেতিয়াৰ দৰে কৃষকসকলৰ কথা ক’ব পাৰো। আজি তেওঁলোকৰ নাম সকলোৰে মুখে মুখে। তেওঁলোকৰ আছে এক নিজা পৰিচয় আছে এক স্বতন্ত্ৰ দৰ্শন।

লগত পঢ়ক- 

Brinjal Tub Farming : ঘৰতে সহজ উপায়েৰে টাবত বেঙেনা খেতি কৰক

English Summary: 7 ASOM GOURAV AWARD FOR AGRICULTURE SECTOR
Published on: 27 March 2023, 05:51 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now