1. উদ্য়ানশস্য়

Brinjal Tub Farming : ঘৰতে সহজ উপায়েৰে টাবত বেঙেনা খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

বেঙেনা সাধাৰণতে শীতকালত হয়। কিন্তু কিছুমান বেঙেনা আছে আছে বাৰ মাহে লাগি থাকে। যেনে- অসমৰ খহুৰা বেঙেনা। বৰ্তমান গাঁৱে-ভূঁঞে এই জাতৰ বেঙেনাবোৰ নেদেখা হৈ গৈছে। সাধাৰণ বেঙেনাতকৈ এই বেঙেনাৰ জাতটো অধিক পুষ্টিদায়ক। কিন্তু আজি আমি এই আলোচনাত সহজ উপায়েৰে টাবত বেঙেনা খেতি কৰি ১২ মাহে কিদৰে খাই থাকিব পাৰি সেই বিষয়ে আলোচনা কৰিম।

সঠিকভাৱে খেতি কৰিলে ঘৰুৱা এই ব্যৱস্থাতো ভাল উৎপাদন হোৱাৰ সম্ভাৱনা থাকে। এটা টাবত বেঙেনা গজাবলৈ ১০ৰ পৰা ১২ ইঞ্চিৰ টাব এটাৰ প্ৰয়োজন হয়। টাবত বেঙেনা খেতি কৰিবলৈ উপযুক্ত মাটিৰ প্ৰয়োজন হয়। পলসুৱা মাটি এইখেতিৰ বাবে আদৰ্শ। পলসুৱা মাটিৰ লগত গোবৰ আৰু জৈৱিক সাৰ মিহলাই মাটিখিনি প্ৰস্তুত কৰিব লাগিব।

লগতে পঢ়ক- 

ভাতকেৰেলা আলু আৰু কুন্দুলিৰ লতাৰ বাবে উল্লেখিত নাম্বাৰত যোগাযোগ কৰক

ভাল নাৰ্চাৰীৰ পৰা বেঙেনাৰ পুলি আনি প্ৰস্তুত কৰা মাটিত ৰোপণ কৰিব লাগে। গছজোপাক নিয়মিতভাৱে পানী দিব লাগে। উদ্ভিদৰ বৃদ্ধিৰ বাবে পৰ্যাপ্ত সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। কিন্তু ইয়াক পানীৰো প্ৰয়োজন। গতিকে গছজোপা ৰ’দত এৰি দিলে মাটি শুকাই যাব সেই অনুপাতে শুকাই যোৱা মাটিখিনিত পানী দিব লাগে। সূৰ্যৰ পোহৰে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। বজাৰত পোৱা জৈৱিক সাৰ বা প্ৰাকৃতিক সাৰ উদ্ভিদৰ বাবে উপকাৰী। ১ চামুচ ইউৰিয়া, ১ চামুচ ফছফেট, ১ চামুচ পটাছ আৰু আধা চামুচ মেগনেছিয়াম ছালফেট একেলগে মিহলাই সাৰ প্ৰস্তুত কৰিব লাগে। ৰোপণ কৰাৰ ১ সপ্তাহৰ পিছত এই সাৰৰ মিশ্ৰণ ২০ দিনৰ মূৰে মূৰে ডেৰ ২ চামুচত প্ৰয়োগ কৰিব লাগে।

গছজোপাক মকৰা আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগে। টিপ আৰু ফল বৰা বেঙেনা গছৰ বাবে অতি ক্ষতিকাৰক। এই ৰোগ আৰু পোক-পৰুৱাৰ আক্ৰমণৰ পৰা গছজোপাক ৰক্ষা কৰিবলৈ হ’লে গছবোৰত উচ্চমানৰ কীটনাশক আৰু ভেঁকুৰনাশক ঔষধ স্প্ৰে’ কৰিব লাগিব। এনেদৰে সঠিকভাৱে খেতি কৰিলে বেঙেনা গছজোপাই প্ৰায় ২ বছৰলৈ আপোনাক বেঙেনা দি থাকিব।

লগতে পঢ়ক- 

ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক

English Summary: Brinjal & its tub Farming Methods

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.