
কেইটামান মৃত হাঁহ হাতত লৈ আৰক্ষী থানা পালেগৈ এগৰাকী মহিলা। থানাত উপস্থিত হৈ হুকহুকাই কান্দি উঠিল মহিলাগৰাকীয়ে। আৰক্ষীৰপৰা তেওঁ হাঁহকেইটাৰ মৃত্যুৰ ন্যায় দাবী কৰিলে।
মহিলাগৰাকীৰ দাবী অনুসৰি তেওঁ ঘৰত নথকা অৱস্থাত কোনোবাই বিহ দি হত্যা কৰিছে তেওঁ আটোলটোলকৈ ডাঙৰ কৰা হাঁহকেইটা। এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ গিৰিশগঞ্জত।

মহিলাগৰাকীৰ নাম ফয়ছুৰ নেছা। হাঁহ পালন কৰিয়ে তেওঁ পৰিয়ালৰ ভৰণ পোষণ কৰিছিল।
তেওঁ প্ৰতিদিনে হাঁহকেইটা ঘৰৰ কাষৰ বিলত চৰিবলৈ এৰি দিয়ে। পিছে সেইদিনা ঘৰলৈ ঘূৰি নাহিল ফয়ছুৰৰ পোহনীয়া হাঁহকেইটা।

পিছদিনা হাঁহকেইটা বিচাৰি যাওঁতে তেওঁ বিলত মৃত অৱস্থাত হাঁহকেইটা উদ্ধাৰ কৰে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি কোনো চিনাকি লোকে জানি-শুনিয়ে বিলত বিহ ঢালি তেওঁৰ হাঁহকেইটা হত্যা কৰিছে।
লগতে পঢ়কঃ ফুল আৰু বাগিচাৰ সৈতে সময় কটোৱাসকলৰ ভালে থাকে মানসিক স্বাস্থ্য
Share your comments