1. News

কোলাত পোহনীয়া হাঁহৰ মৃতদেহ লৈ থানা পালেগৈ এগৰাকী মহিলা

KJ Staff
KJ Staff
Woman with dead ducks
Woman with dead ducks

কেইটামান মৃত হাঁহ হাতত লৈ আৰক্ষী থানা পালেগৈ এগৰাকী মহিলা। থানাত উপস্থিত হৈ হুকহুকাই কান্দি উঠিল মহিলাগৰাকীয়ে। আৰক্ষীৰপৰা তেওঁ হাঁহকেইটাৰ মৃত্যুৰ ন্যায় দাবী কৰিলে।

মহিলাগৰাকীৰ দাবী অনুসৰি তেওঁ ঘৰত নথকা অৱস্থাত কোনোবাই বিহ দি হত্যা কৰিছে তেওঁ আটোলটোলকৈ ডাঙৰ কৰা হাঁহকেইটা। এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ গিৰিশগঞ্জত।

মহিলাগৰাকীৰ নাম ফয়ছুৰ নেছা। হাঁহ পালন কৰিয়ে তেওঁ পৰিয়ালৰ ভৰণ পোষণ কৰিছিল।

তেওঁ প্ৰতিদিনে হাঁহকেইটা ঘৰৰ কাষৰ বিলত চৰিবলৈ এৰি দিয়ে। পিছে সেইদিনা ঘৰলৈ ঘূৰি নাহিল ফয়ছুৰৰ পোহনীয়া হাঁহকেইটা।

পিছদিনা হাঁহকেইটা বিচাৰি যাওঁতে তেওঁ বিলত মৃত অৱস্থাত হাঁহকেইটা উদ্ধাৰ কৰে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি কোনো চিনাকি লোকে জানি-শুনিয়ে বিলত বিহ ঢালি তেওঁৰ হাঁহকেইটা হত্যা কৰিছে।

লগতে পঢ়কঃ ফুল আৰু বাগিচাৰ সৈতে সময় কটোৱাসকলৰ ভালে থাকে মানসিক স্বাস্থ্য

English Summary: Woman goes to police seeking justice for the death of her ducks

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.