1. পশুপালন

Integrated farming: সমন্বিত হাঁহ আৰু মাছ পালন

RAHUL ALI
RAHUL ALI
Integrated Farming, a profitable Business for farmers
Integrated Farming, a profitable Business for farmers

সমন্বিত হাঁহ আৰু মাছ পালন পদ্ধতিটো বিশেষকৈ অসমত এটা অতি পূৰণীকলীয়া পদ্ধতি। বৰ্তমান সময়ত এই পুৰণি পদ্ধতিটোৰেই বৈজ্ঞানিক ভিত্তিত কলা কৌশল প্ৰয়োগেৰে বিকাশ ঘটাই কিছু সালসলনি কৰি নতুনত্ব দিয়া হৈছে। এই আধুনিক পদ্ধতিটোৰ মূল উদ্দেশ্য হৈছে একে সময়তে ক’ম খৰছত হাহঁৰ মাংস, কণী আৰু মাছ এক বহুমুখী উৎপাদনৰ যোগেদি পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰা। ইয়াত হাহঁৰ মল আৰু হাহঁক যোগান ধৰা এৰেহা খাদ্য মাছ পোহা পুখুৰীত সাৰ আৰু মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰি মাছ পালনৰ সঞ্চালন ব্যয় কম পক্ষেও ৬০ শতাংশলৈকে হ্ৰাস কৰিব পৰা যায়।

সমন্বিত হাহঁ আৰু মাছ পালনৰ সুবিধাসমূহঃ

  • পুখুৰীৰ পাৰত বা পুখুৰীৰ পানীৰ ওপৰত হাহঁৰ গঁৰাল বনোৱাৰ বাবে হাঁহ পালনৰ আন এডোখৰ ঠাই প্ৰয়োজন নহয়।

  • হাঁহৰ মল-মুত্ৰত ০.৯১ শতাংশ নাইট্ৰজেন আৰু ০.৩৮ শতাংশ ফচফৰাচ থাকে আৰু বছৰি প্ৰতিটো হাহঁৰ পৰা ৪৪-৫০ কিঃ গ্ৰাঃ পৰ্যন্ত মল-মূত্ৰ নিৰ্গত হয়। হাঁহৰ মল ব্যৱহাৰৰ ফলত পুখুৰীৰ পানীত পুনৰ আন সাৰ বা মাছৰ পৰিপূৰক খাদ্যৰ পৰিমাণ কমাই মাছ পালনৰ খৰচ বহুলাংশে কমায়।

  • পুখুৰীত হাঁহ চাৰিওফালে চৰি ফুৰি মল ত্যাগ কৰাৰ কাৰণে হাঁহৰ মল মূত্ৰ প্ৰয়োগ কৰিবলৈ কোনো বনুৱাৰ প্ৰয়োজন নহয়।

  • পুখুৰীৰ পানীত উৎপন্ন হোৱা অলাগতিয়াল কীট, পতংগ, শামুক, লালুকী, কেঁচু, কুমতি, শেলুৱৈ, পুণি জাতীয় জলজ উদ্ভিদ হাঁহে খাদ্য হিচাপে গ্ৰহণ কৰে।

  • হাঁহে পুখুৰীত সাতুৰি থকাৰ ফলত পানীৰ উপৰিভাগত ঢৌৰ সৃষ্টি হয় যাৰ দ্বাৰা পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ বাঢ়ে। উক্ত কাৰণৰ বাবে হাঁহক ‘জৈৱিক বায়ু যোগান ধৰোতা’ বোলে। পানীৰ তললৈ গৈ বোকা অংশত ঘোন্দালি দিয়াৰ বাবে মাটিত থকা পোষক দ্ৰব্য মুক্ত হৈ প্ৰাথমিক উৎপাদকতা বৃদ্ধি কৰাতো ই সহায় কৰে।

  • এই সমন্বয়ৰ বাবে একে ঠাইৰ পৰা মাছ, মাংস আৰু কণীৰ উৎপাদন সম্ভৱ হৈ উঠে।

  • হাঁহৰ প্ৰতিপালন অতি সহজ আৰু সুবিধাজনক হয়।

  • হাঁহৰ মলৰ পৰা হ’ব পৰা প্ৰদূষণ ৰোধ কৰিব পৰা যায়।

  • পামৰ সামগ্ৰিক আয় বৃদ্ধি হয়।

উন্নত জাতৰ হাঁহঃ

খাকী কেম্পবেল (Khaki Campbell)

  • ই কণী উৎপাদন কৰা খুউব এটা ভাল বিদেশী জাত।

  • ইহঁতৰ প্ৰতিজনীয়ে বছৰত ৩০০ টা কণী দিয়ে যিবোৰৰ ওজন ৬৫ ৰ পৰা ৭৫ গ্ৰাম হয়।

  • মতা হাঁহৰ শৰীৰৰ ওজন ২.২ কিলোগ্ৰাম আৰু মাইকীজনীৰ শৰীৰৰ ওজন ২.০০ ৰ পৰা ২.২ কিলোগ্ৰাম হয়।

  • এইবিধ হাঁহৰ মাইকীজনীয়ে ৪-৫ মাহ বয়সৰ পৰা কণী পীৰিবলৈ আৰম্ভ কৰে আৰু একেৰাহে তিনি বছৰ পৰ্যন্ত কণী পাৰি থাকে।

  • এই হাঁহবোৰৰ মূৰ, ডিঙি আৰু ডেউকাৰ ৰং সেউজীয়া গা খাকী ৰঙৰ আৰু পাখিৰ ৰং চিকচিকিয়া সেউজীয়া আৰু বাকী অংশ মিহি খাকী ৰঙৰ বা শুকান ঘাঁহ বনৰ দৰে।

Khaki Campbel Duck, Photo Source- Google
Khaki Campbel Duck, Photo Source- Google

চাৰা চাম্বেলী (Charra- Chambelli)

  • ই এটা কণী উৎপাদন কৰা দোঁভচীয়া দেশী হাঁহৰ জাত। ইহঁতৰ উৎপত্তিস্হল হ’ল কেৰালাত আৰু বৰ্তমান অসমৰ বিভিন্ন চৰকাৰী বেচৰকাৰী পামত পোৱা যায়।

  • এইবিধ হাঁহৰ মূৰ আৰু ডিঙি উজ্জ্বল সেউজীয়া, বাকী অংশ খাকী আৰু ঠেং তথা পাতা সুমঠিৰা ৰঙৰ।

  • ইঙঁতৰ প্ৰতজনীয়ে বছৰত ২০০ টা কণী পাৰে আৰু প্ৰথম কণী ৫ মাহ বয়সৰ পৰা পাৰিবলৈ আৰম্ভ কৰে।

হোৱাইট পেকিন (White Pekin)

  • এইটো খুউব সোনকালে ডাঙৰ হোৱা মাংস উৎপাদনকাৰী বিদেশী জাত

  • এই হাঁহৰ দেহৰ বৰণ শুদ্ধ বগা আৰু ঠেং তথা পাতা আৰু ঠোঁট পাতল হালধীয়া বৰণৰ।

  • ইহঁতৰ শৰীৰৰ ৪২ দিনত ২.২ ৰ পৰা ৩.০ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু প্ৰতি কিলোগ্ৰাম মঙহ বৃদ্ধি কৰিবৰ বাবে ৩.০ কিলোগ্ৰাম সুষম দানাৰ প্ৰয়োজন।

  • আজিকালি এইবিধ হাঁহক বিভিন্ন সংস্হাবোৰে আমদানি কৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী হবলৈ উৎসাহিত কৰিছে।

 

ডি গডা চুপাৰ এম (Vigova Super-M)

  • ই এটা মাংস উৎপাদনকাৰী (ব্ৰইলাৰ) হাঁহৰ জাত।

  • এইবিধ হাঁহৰ দেহৰ বৰণ বগা হয়। ইহঁতৰ ঠেং তথা পতা আৰু ঠোঁট পাতল সুমথিৰা বৰণৰ হয়।

  • ইহঁতৰ শৰীৰৰ ওজন ৬-৭ সপ্তাহ বয়সত ২.৩ ৰ পৰা ২.৫ কিলোগ্ৰাম হয় আৰু প্ৰতিটোৱে ৬ সপ্তাহলৈকে ৫.৮ ৰ পৰা ৬.২ কিলোগ্ৰাম সুষম দানা খায়।

  • এই হাঁহবিধক আজিকালি বিভিন্ন সংস্হাবোৰে বাংগালোৰৰ পৰা আমদানি কৰি অসমৰ গ্ৰামাঞ্চলত পালন কৰাৰ প্ৰচেষ্টা হাতত লৈছে।

লগতে পঢ়ক-Fisheries: কাৰ্পৰ লগত চিতল আৰু মাগুৰ মাছ পালন!

হাঁহৰ গড়াল নিৰ্মানঃ

সহজে উপলব্ধ খেৰ, বাঁহ, বেত ব্যৱহাৰ কৰি কম খৰছতে এই গঁড়ালবিলাক সহজে নিৰ্মান কৰি ল’ব পৰা যায়। অত্যন্ত মিহি বাঁহৰ কামিৰ পিঠিভাগ ওপৰলৈ থকাকৈ গঁড়ালৰ মজিয়াখন তৈয়াৰ কৰা হয়। এই মজিয়াখন পালন কৰিবলগীয়া হাঁহৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি আহল বহলকৈ সজা হয়। সাধাৰণতে প্ৰতিবিঘা পানীকালিৰ বাবে ৪০ টা হাঁহৰ প্ৰয়োজন হয়। প্ৰত্যক হাঁহৰ বাবে ০.৩-০.৫ বৰ্গমিটাৰ ঠাইৰ আৱশ্যক হয়। বাঁহৰ চাংখন পানীৰ পৰা ১-১.২ মিটাৰ ওপৰত হ’ব লাগে। গঁৰালৰ পৰা পুখুৰীলৈ অহা যোৱা কৰিবৰ বাবে এখন দলঙৰ ব্যৱস্হা কৰিব লাগে। লগতে হাঁহবোৰ পুখুৰীৰৰ পাৰৰ পৰা বাহিৰলৈ যাব নোৱাৰাকৈ পুখুৰীৰ পানীৰ চাৰিওকাষে বাহঁৰ এখন জেওঁৰা দিব লাগে যাতে হাঁহৰ মল সম্পূৰ্ণকৈ পুখুৰীত ব্যৱহাৰ কৰা হয়। হাঁহৰ বয়স  ৫-৭ মাহ মান হলেই গঁড়ালৰ মজিয়াৰ এচুকত ডাঠকৈ ধান খেৰ পাৰি দিব লাগে। গঁড়ালত হাঁহৰ খাদ্য যোগানৰ বাবে সু ব্যৱস্হা থাকিব লাগে।

মাছ পালনঃ

পুখুৰী প্ৰস্তুতিঃ পুখুৰীত থকা অলাগতিয়াল ঘাঁহ বন, অদৰকাৰী মাছ উঠাই পেলোৱাৰ পিছত পানীৰ পি এইচ অনুসৰি সংমিশ্ৰিত পালন পদ্ধতিৰ দৰেই বিঘাই প্ৰতি বছৰি ১০০ কিঃ গ্ৰাঃ চূণ প্ৰয়োগ কৰা হয়। পানীকালি অনুসৰি প্ৰয়জনীয় চূণখিনি সমানে তিনি ভাগ কৰি এভাগ প্ৰস্তুতি সময়তেই আৰু বাকী দুভাগ পুনৰ দহ ভাগ কৰি মাহে মাহে প্ৰয়োগ কৰা হয়।

সমন্বিত হাঁহ মাছ পালনৰ ক্ষেত্ৰত পুখুৰী চাফ চিকুণ কৰি চূণ দিয়াৰ পিছত মাছ এৰাৰ ১০-১৫ দিন আগতে হাঁহ আনিব লাগে। এই ১৫-২০ দিনৰ ভিতৰত পুখুৰীত হাঁহৰ মল পৰাৰ বাবে পানী সাৰুৱা হয় আৰু যথেষ্ট পৰিমাণৰ উদ্ভিদ আৰু পানী প্লাৱক উৎপাদন কৰিবলৈ সক্ষম হয়। পানীৰ ৰং পাতল সেউজীয়া হ’লে পুখুৰীত যথেষ্ট পৰিমাণৰ উৎপাদন হোৱা বুলি ঠাৱৰ কৰিব পাৰি আৰু সেই সময়তেই মাছ এৰিব লাগে। প্ৰতিবিঘা পানী কালিৰ পুখুৰীৰ বাবে মুঠ ৬৬৭ টা মান ১৫ ছেঃমিঃ দৈৰ্ঘ্য বা জোখৰ বছৰেকীয়া মাছ পোনা এৰিব লাগে। প্ৰকৃতিক কাৰণত শতকৰা ১০ টাকৈ মাছ মৰে বুলি ধৰি অতিৰিক্ত ১০ শতাংশ মাছ মুঠ মাছৰ লগত দিয়া উচিত। এতেকে প্ৰতিবিঘাত মুঠ ৭৪০ টা মান মাছ দিয়া হয়।

তালিকা নং ১

মাছ পোনাৰ সংখ্যা আৰু অনুপাত (প্ৰতি বিঘাত)

প্ৰজাতি

 

শতাংশ

সংখ্যা

 

চিলভাৰ কাৰ্প

 

২০

 

১৪৮ টা

 

গ্ৰাছ কাৰ্প

 

১০

 

৭৪ টা

 

ৰৌ

 

১৫

 

১১১ টা

 

মিৰিকা

 

২০

 

১৪৮ টা

 

বাহু

 

১৫

 

১১১ টা

 

কমন কাৰ্প

 

২০

 

১৪৮ টা

 

মুঠ

 

১০০

 

৭৪০ টা

 

মাছ পোনা মেলাৰ পিছত লবলগীয়া ব্যৱস্হাৱনী

পানীৰ ভৌতিক গুণাগণ বিশেষকৈ আবিলতা (Transparency) আৰু ৰাসায়নিক গুণাগুণ যেনে পি এইছ, দ্ৰৱীভূত অক্সিজেন, কাৰ্বন ডাই অক্সাইড ক্ষৰকতা, কঠিনতা আদি নিৰ্দিষ্ট হাৰত ৰাখিব পৰাটোৱে সমন্বিত মীন পালন পদ্ধতিৰ সফলতাৰ মূল চাবি কাঠি। হাঁহৰ মল আৰু এৰেহা  খাদ্যই পুখুৰীৰ সাৰ আৰু মাছৰ আহাৰ হিচাপে কাম কৰে বাবে গ্ৰাছ কাৰ্প মাছৰ বাদে অন্য প্ৰজাতিৰ মাছৰ বাবে এই পদ্ধতিত বাহিৰৰ পৰা কোনো খাদ্য যোগান ধৰা নহয়। পানীৰ বৰণ ঘন সেউজীয়া বা মাটিয়া বা ৰঙচুৱা হলে পুখুৰীত সাময়িকভাৱে হাঁহৰ মল পৰাটো বন্ধ কৰিব লাগে। পুখুৰীৰ পানীৰ ৰং পাতল সেউজীয়া সাধাৰণতে পুখুৰীটোৰ উৎপাদনশীলতা সূচল হৈ থকা সূচায় আৰু ইয়াৰ তাৎক্ষণিক পৰিবৰ্তন দেখিলে পানীৰ গুণাগুণ পৰীক্ষা কৰিব লাগে। মাজে মাজে জাল মাৰি মাছৰ স্বাস্হ্য পৰীক্ষা কৰিব লাগে। জাল মৰাৰ আগতে পটাছিয়াম পাৰমাংগানেটৰ দ্ৰৱনত জালখন জুবুৰিয়াই বীজানুমুক্ত কৰি ল’ব লগে আৰু জাল মৰাৰ পিছত জালখন ৰ’দত ভালদৰে শুকুৱাব লাগে।

উৎপাদনঃ

প্ৰতিবিঘা পানীকালিযুক্ত পুখুৰীৰ পৰা এই সমন্বিত পদ্ধতিৰ দ্বাৰা বছৰি ৪০০-৫০০ কেজি মাছ, ৩০০০-৩৩০০ টা কণী আৰু ৭০ কিলোগ্ৰাম হাঁহৰ মাংস উৎপাদন কৰিব পাৰি।

লগতে পঢ়ক-মাছৰ পুষ্টিগুণ আৰু থাওঁকতে মৎস্য উৎপাদনৰ সম্ভাবনীয়তা

লেখকঃ শ্ৰী পৰাগ শইকীয়া

বিষয়বস্তু বিশেষজ্ঞ (মীন বিভাগ)

কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ

অসম কৃষি বিশ্ববিদ্যালয়

 

English Summary: Integrated Duck and Fish Farming

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.