1. News

ছাগলী গাখীৰ, গোলাপ ফুল, ভোলৰ জালেৰে চাবোন প্ৰস্তুত কৰি সাফল্য চুমি বৰা শইকীয়াৰ

Mrigakshi Phukan
Mrigakshi Phukan
Sumi Bora Saikia
Sumi Bora Saikia

প্ৰাকৃতিকভাৱে উপলব্ধ জৈৱিক দ্ৰব্যৰে গা ধোৱা চাবোন প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে শিৱসাগৰৰ এগৰাকী মহিলা। চুমি বৰা শইকীয়া নামৰ মহিলাগৰাকীয়ে নিম, কেঁচা হালধী, চাউল, দাইল, কমলা টেঙা, বিলাহী, চেনী, পকা অমিতা, এল’ভেৰা, ছাগলীৰ গাখীৰ, গোলাপ ফুল, বেচন, আমলখি, মণিছাল, ঔটেঙাৰ বীজ, নৰসিংহ, নিমপাত, মিথিগুটি, জবাফুলৰ পাত আৰু ফুল আদি ব্যৱহাৰ কৰি প্ৰায় দহবিধ গা ধোৱা চাবোন প্ৰস্তুত কৰি শিৱসাগৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থান তথা পাঞ্জাব, ত্ৰিপুৰা আদিত বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

প্ৰস্তুতি
প্ৰস্তুতি

বন্ধুৰ পৰা চাবোন প্ৰস্তুত কৰাৰ কৌশল আয়ত্ব কৰি এই ব্যৱসায় আৰম্ভ কৰিছিল মহিলাগৰাকীয়ে। ৫ মাহমান পূৰ্বে কেৱল আঠশ টকা ব্যয় কৰি প্ৰথমে নিজে ব্যৱহাৰ কৰিবলৈ আৰু পাছত ব্যৱসায়িকভাৱে এই কাম তেওঁ আৰম্ভ কৰে। ব্যৱসায় আৰম্ভ কৰাৰ এমাহৰ ভিতৰত তেওঁ প্ৰায় ৫০০০ টুকুৰা চাবোন বিক্ৰী কৰিবলৈ সক্ষম হয়। ‘মৰম’ নামৰ এই চাবোনে বৰ্তমান সমগ্ৰ ৰাজ্যত জনপ্ৰিয়তা লাভ কৰিছে।

morom neem soap with loofah
morom neem soap with loofah

শেহতীয়াকৈ চাবোনৰ সৈতে ভোলৰ জাল সংলগ্ন কৰি সামগ্ৰীবিধক এক অনন্য মাত্ৰা প্ৰদান কৰিছে চুমি বৰা শইকীয়াই।

turmeric soap
turmeric soap

আনহাতে গুৱাহাটী পৰ্যটন বিভাগৰ সহযোগিতাও লাভ কৰিছে মৰম ব্ৰেণ্ডৰ চাবোনে। গুৱাহাটীৰ অতিথিগৃহত পৰ্যটকক আকৰ্ষিত কৰিবলৈ এই চাবোন ৰখা হৈছে বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে।

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়কঃ নলবাৰীত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিলে জিলা উপায়ুক্ত গীতিমনি ফুকনে

English Summary: Sivasagar woman's success in her organic soap business

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.