Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 1 January, 2023 1:08 PM IST
Tapan Gogoi

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি টীয়কত এটি বিশুদ্ধ খোৱাপানীৰ ATM মেচিন উদ্বোধন কৰে। টীয়ক পৌৰসভাই প্ৰবেশ কৰ ১৪-১৫ বৰ্ষৰ ৰাহি পুজিৰে টীয়কৰ মিধাঘাট তিনিআলিৰ সমীপত জ্যোতি বিদ্যাপীঠৰ চৌহদত এই মেচিনটো স্থাপন কৰা হৈছে।

অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা উক্ত মেচিনত খুচুৰা দুটকা আৰু পাঁচ টকা ভৰাই দুই লিটাৰৰ পৰা বিশ লিটাৰ পৰ্যন্ত বিশুদ্ধ খোৱাপানী ৰাইজে পোৱাৰ সু ব্যৱস্থা আছে।

উক্ত বিশুদ্ধ খোৱাপানীৰ ATM মেচিনটো উদ্বোধনৰ সময়ত উক্ত স্থানত টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ,উপ পৌৰপতি মাধৱী হাজৰিকা,কেইগৰাকী ৱাৰ্ড আয়ুক্ত,জ্যোতিৰ্বিদ্যাৰ টীয়কৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস,সম্পাদক অশোক কুমাৰ বৰা,জেষ্ঠ শিক্ষাবিদ ভাৰত ভূষণ বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে এই ব্যৱস্থাই বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে নগৰলৈ অহা বিভিন্ন জনৰ খোৱা পানীৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে।

লগতে পঢ়কঃ ২০২২ ৰ আটাইতকৈ ভোকাতুৰ ব্যক্তিজনঃ অৰ্ডাৰ কৰি খালে ৭৫,৩৭৮ টকাৰ খাদ্য

English Summary: Water ATM innaugurated in teok
Published on: 01 January 2023, 01:08 IST