1. News

২০২২ ৰ আটাইতকৈ ভোকাতুৰ ব্যক্তিজনঃ অৰ্ডাৰ কৰি খালে ৭৫,৩৭৮ টকাৰ খাদ্য

KJ Staff
KJ Staff
Chicken Biryani
Chicken Biryani

২০২২ বৰ্ষত ভাৰতীয়সকলে কি খাদ্য সর্বাধিক ভক্ষণ কৰিলে জানেনে? অনলাইন খাদ্য যোগনীয়াৰ সংস্থা ছুইগীৰ তথ্য অনুসৰি ২০২২ বৰ্ষত অনলাইনত চিকেন বিয়ানীৰ অৰ্ডাৰ আহিছিল সৰ্বাধিক। ছুইগীয়ে অলপতে প্রকাশ কৰা এখন তালিকাৰ শীৰ্ষত আছে চিকেন বিৰয়ানী। উল্লেখ্য যে, একেৰাহে সপ্তম বছৰৰ বাবে চিকেন বিৰয়ানীয়ে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ছুইগীয়ে এই তালিকাৰ লগতে প্ৰকাশ কৰিছে কেইটামান আমোদজনক ঘটনা।

ছুইগীয়ে প্ৰকাশ কৰা মতে অলপতে বাংগালুৰুৰ এজন ব্যক্তিয়ে ছুইগী ইনষ্টামাৰ্টৰপৰা ১৬ লাখ টকাৰ গেলামালৰ অৰ্ডাৰ দিছিল। এই কথা বিশ্বাস কৰিবলৈ টান যদিও সঁচা। একেদৰে যোৱা দীপাৱলীত বাংগালুৰুৰে এজন ব্যক্তিয়ে ছুইগীত ৭৫,৩৭৮ টকা মূল্যৰ খাদ্যৰ অৰ্ডাৰ দিছিল। পুনেৰ বাসিন্দা এজনেও ৭১,২২৯ টকা মূল্যৰ বাৰ্গাৰ আৰু ফ্লাইজৰ অৰ্ডাৰ দিছিল ছুইগীক। ২০২২ বৰ্ষত ভাৰতীয়ই অর্ডাৰ দি ভক্ষণ কৰা খাদ্যৰ তালিকাত চিকেন বিৰিয়ানী প্রথম স্থানত থকাৰ লগতে এই বৰ্ষটোত ভাৰতীয়ই তন্ডুৰী আৰু মোগলাই খাদ্যও যথেষ্ট পৰিমাণে ক্রয় কৰিছিল। ছুইগীৰ মতে, খাদ্যৰ ক্ষেত্ৰত ২০২২ত ভাৰতীয়ই বহু পৰীক্ষা-নিৰীক্ষাও চলাইছিল আৰু নতুন নতুন বিদেশী ব্যঞ্জনৰ সোৱাদ লৈছিল।

ভাৰতীয় খাদ্য ৰসিকে চলিত বৰ্ষত নানা ধৰণৰ কোৰিয়ান আৰু ইটালীয়ান খাদ্যৰো সোৱাদ লৈছিল ছুইগীৰ জৰিয়তে। এনেবোৰ বিদেশী খাদ্যৰ ভিতৰত ২০২২ত ভাৰতীয়ই ছুইগীৰ জৰিয়তে সৰ্বাধিক অৰ্ডাৰ দিয়া বিদেশী খাদ্য হৈছে ইটালীয়ান পাস্তা, পিজ্জা, মেক্সিকান বউল, মচালেদাৰ ৰেমন, চুছী, ইটালিয়ান, ৰেবিয়’লী আৰু কোৰিয়ান বিবিংবে’প। আনহাতে, ২০২২ বৰ্ষত মুখৰোচক খাদ্য হিচাপে ভাৰতীয়সকলে ছুইগীক সৰ্বাধিক অৰ্ডাৰ দিয়া খাদ্যবিধ হৈছে চিংৰা। ইয়াৰ পাছত ভাৰতীয়ৰ সৰ্বাধিক প্রিয় স্নেক্সৰ তালিকাত আছে প'পকৰ্ণ, পাওভাজী, ফ্রেন্স ফ্রাইছ আৰু গার্লিক ব্ৰেড।

২০২২ বৰ্ষত ছুইগীৰ জৰিয়তে ভাৰতীয়ই অৰ্ডাৰ দি সৰ্বাধিক ক্ৰয় কৰা মিঠাইৰ তালিকাত শীৰ্ষত আছে গোলাব জামুন। ইয়াৰ পাছতে ভাৰতীয়ৰ প্ৰিয় মিষ্টান্নৰ তালিকাত স্থান লাভ কৰিছে ৰসমলাই আৰু চকলেটে। ২০২২ বৰ্ষত ভাৰতীয়ৰ খাদ্যাভ্যাস কিছু সলনি হ'ল বুলিও ছুইগীয়ে বার্ষিক প্রতিবেদনত উল্লেখ কৰিছে। পূৰ্বে ভাৰতীয়ই দেশীয় পৰম্পৰাগত খাদ্য অধিক অৰ্ডাৰ দিছিল যদিও ২০২২ত বহু ভাৰতীয় গ্ৰাহকে ছুইগীৰ জৰিয়তে বিশ্বৰ আন দেশৰ জনপ্ৰিয় খাদ্যৰ অৰ্ডাৰ দি সোৱাদ লৈছিল। দেশত বিভিন্ন মাল্টিনেচনেল ৰেস্তোৰাত বিদেশী খাদ্য উপলব্ধ হোৱাত ছুইগীৰ জৰিয়তে এতিয়া ভাৰতীয়ই অৰ্ডাৰ দি বিদেশৰ নানা ব্যঞ্জনৰ সোৱাদ লোৱা সহজ হৈ পৰিছে।

লগতে পঢ়কঃ নৱবৰ্ষ ২০২৩ঃ আজিৰে পৰা সলনি হ’ব এইকেইটা নিয়ম

English Summary: Most hungry man of 2023

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.