1. News

নলবাৰীত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিলে জিলা উপায়ুক্ত গীতিমনি ফুকনে

KJ Staff
KJ Staff
Nalbari DC
Nalbari DC

অসম খাদ্য অসামৰিক যোগান নিগম পৰিসিমিতৰ অধীনত নলবাৰী জিলাৰ ঘগ্ৰাপাৰত সোমবাৰে সন্মানীয় নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। ধান ক্ৰয় কেন্দ্ৰ মুকলি অনুষ্ঠানত জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি , মহকুমা কৃষি বিষয়া উমেশ ডেকা , যোগান পৰিদৰ্শক মনোজ গোস্বামী আৰু সুনিতা গগৈ,কৃষি উন্নয়ন বিষয়া কবিতা কোঁৱৰ , বিজেপিৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা আৰু ১৩নং গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা আৰু আত্মাৰ দি পি দি ডঃ জয়া গগৈ উপস্থিত থাকে।

অনুষ্ঠানটো  জিলা উপায়ুক্তই সকলো কৃষকক ধান বিক্ৰী কৰাৰ বাবে উৎসাহিত কৰে আৰু একাংশ মধ্যভোগীয়ে চলোৱা অপপ্ৰচাৰক গুৰুত্ব প্ৰদান নকৰি ধান বিক্ৰী কৰিবলৈ কৃষকক আহ্বান জনায়। জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধিয়ে ধান ক্ৰয় কেন্দ্ৰৰ গুৰুত্ব সন্দৰ্ভত মন্তব্য কৰি কৃষকৰে মত বিনিময় কৰে। লগতে পি এম কিষান, ফচল বীমা যোজনা আঁচনি সম্পৰ্কেও  কৃষকক সজাগ  কৰে। 

জিলা কৃষি বিষয়া গৰাকীয়ে কৃষকক উদ্দেশ্যি কয় যে চৰকাৰে নিৰ্ধাৰণ কৰা নূন্যতম সমৰ্থিত মূল্য বিগত বৰ্ষৰ তুলনাত ১০০ টকা বৃদ্ধি কৰি ২০২২-২৩বৰ্ষৰ খাৰিফ বতৰৰ বাবে  প্ৰতি কুইন্টল ধানত ২০৪০ টকা দৰত ধান বিক্ৰী কৰি কৃষক সকল লাভৱান হব পাৰিব। অন্যহাতে ঘগ্ৰাপাৰ কৃষি উন্নয়ন বিষয়া কবিতা কোঁৱৰে যিসকল কৃষকৰ কম পৰিমাণৰ ধান আছে তেওঁলোককো ধান বিক্ৰী কৰিবলৈ আহ্বান জনায়  আৰু তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কয়।

ধান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ প্ৰথম দিনা ধান বিক্ৰী কৰিবলৈ অহা দুলেশ্বৰ ডেকাক জিলা উপায়ুক্তই সম্বৰ্ধনা জনায়। কৃষকে বহু কষ্টৰে কৰা খেতিৰ বাবে যাতে উচিত মূল্য লাভ কৰে তাৰ বাবে ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে নলবাৰী জিলাত এতিয়া লৈ মুঠ ৭ টা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়।

লগতে পঢ়কঃ ‘আমি এশ শতাংশ উজাৰি দি বিটিআৰৰ উন্নয়নৰ কাম কৰিম’: প্ৰমোদ বড়ো

English Summary: Opening of paddy procurement center in nalbari

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.