1. News

শিৱসাগৰত ১০ দিনীয়া হস্তশিল্প-হস্ততাঁত মেলা: মেটেকাৰে সজা সামগ্ৰীয়ে লাভ কৰিছে সমাদৰ

KJ Staff
KJ Staff
Handloom and handicraft exhibition in Sivasagar
Handloom and handicraft exhibition in Sivasagar

ভাৰত চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত শিৱসাগৰৰ ভটীয়াপাৰৰ বে-চৰকাৰী অনুষ্ঠান নৰ্থ ইষ্ট ডেভলেপমেণ্ট ফৰাম (এন ই ডি এফ)ৰ  সহযোগত কালিৰে শুকুৰবাৰৰপৰা  ভটীয়াপাৰৰ জুনস্কায়া ৰিজৰ্ট প্ৰাংগণত এখন ১০ দিনীয়া হস্তশিল্প আৰু হস্ততাঁত প্ৰদৰ্শনী-মেলা অনুষ্ঠিত হৈছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে এই প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে।

নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফৰাম নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা ৰুদ্ৰসিংহ আঞ্চলিকৰ ১৬ খন গাঁৱৰ ৩০ গৰাকী মহিলা হস্তশিল্পী তথা বোৱনীয়ে এই প্ৰদৰ্শনী আৰু মেলাত  অংশগ্ৰহণ কৰিছে। মেটেকা, বাঁহ, বেতৰ লগতে এৰী মুগাৰ পৰা  প্ৰস্তুত কৰা  তিনিশৰো অধিক আকৰ্ষণীয় সামগ্ৰী এই মেলাত বিক্ৰী আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । প্ৰদৰ্শনীত মেটেকাৰ পৰা প্ৰস্তুত কৰা বেগ, বাস্কেট, ফুলৰ টাব আদিয়ে ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিছে।

উল্লেখযোগ্য যে, নৰ্থ ইষ্ট ডেভলেপমেণ্ট ফৰামৰ উদ্যোগত ইতিমধ্যে জিলাখনৰ ১০০০ ৰো অধিক পুৰুষ-মহিলাক মেটেকা, বাঁহ আদিৰ লগতে এৰী-মুগাৰ বস্ত্ৰ সম্ভাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা হস্ত শিল্পী সকলে এই সামগ্ৰী সমূহ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ লাভ কৰাৰ পাছত বৰ্তমান নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হৈছে।

মন কৰিব লগীয়া যে শিৱসাগৰ জিলাৰ ভিতৰুৱা গাঁৱৰ হস্তশিল্পীয়ে প্ৰস্তুত কৰা এই সামগ্ৰী সমূহে দেশৰ লগতে বিদেশতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফৰামৰ সম্পাদিকা তথা উদ্যোগী প্ৰিয়ম হাজৰিকাৰ নেতৃত্বত ৰুদ্ৰসাগৰ এলেকাৰ মহিলাসকলে আত্মনিৰ্ভৰশীলতাৰ এক অনুকৰণীয় যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাই মেটেকাৰ বিশ্বমুখী যাত্ৰা সম্ভৱ কৰি তুলিছে।

মেলা আৰু প্ৰদৰ্শনী মুকলি কৰা অনুষ্ঠানত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক অৱনী কলিতা, শিক্ষাবিদ প্ৰশান্ত দত্ত, ভাস্কৰ্য শিল্পী দুৰ্লভ বৰা আদিৰ লগতে আন ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ৮ জানুৱাৰীত এই মেলা আৰু প্ৰদৰ্শনীৰ সামৰণি পৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ কাইলৈৰ পৰা সলনি হ’ব পাঁচটা নিয়ম- কেনেদৰে প্ৰভাৱ পৰিব আপোনাৰ পকেটত?

English Summary: 10 days exhibition of handloom and handicraft items in sivasagar

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.