
বিশ্বকাপ ফুটবল শেষ হ’ল যদিও ইয়াৰ জ্বৰত এতিয়াও আক্ৰান্ত ৰাজ্যবাসী। উতকণ্ঠাৰে ভৰা বিশ্বকাপৰ ফাইনেল উপভোগ কৰা প্ৰতিজন লোকৰ শয়নে সপোনে এতিয়া মেছি। আৰ্জেণ্টিনাৰ নায়ক খেলুৱৈগৰাকীয়ে ফাইনেলৰ শেষ মুহূৰ্তত দিয়া শিহৰণে বহুতকে আক্ৰান্ত কৰি ৰাখিছে। বিভিন্নজনে বিভিন্ন ছ’চিয়েল মিডিয়া প’ষ্ট দিছে, কিছুমানে আবোল-তাবোলো লিখিছে। সীমা চেৰালে সাংসদ আব্দুল খালেকে। খালেকৰ মতে মেছিৰ জন্ম হেনো অসমত হৈছিল।
‘অসম পুত্ৰ’ই বিশ্বকাপ জিকাৰ খবৰ শুনি গৌৰৱতে গদগদ হৈ খালেকে টুইট কৰিলে এনেদৰে- “হৃদয়ৰ নিভৃত কোণৰ পৰা শুভেচ্ছা মেছি। অসমৰ সৈতে থকা সংযোগৰ বাবে আমি গৌৰৱান্বিত।” ইয়াৰ পাছতে সামাজিক মাধ্যমত তোলপাৰ লাগে।
এগৰাকী ব্যক্তিয়ে খালেকৰ টুইটৰ কমেণ্টত সোধে মেছিৰ অসমৰ সৈতে কেনেধৰণৰ সংযোগ আছে? সেই সন্দৰ্ভত অত্যুৎসাহী খালেকে জনায়- ‘মেছিৰ জন্ম অসমত।‘ পিছে এই টুইটটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে খালেকে টুইটটো ডিলিট কৰে।
প্ৰকৃততে এজন লোকে মেছিক লৈ ব্যংগাত্মকভাৱে ছ’চিয়েল মিডিয়াত এটা প’ষ্ট দিছিল। য’ত তেওঁ লিখিছিল- ‘যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰটো নিৰ্মাণৰ টেণ্ডাৰ প্ৰথমে লাভ কৰিছিল পুনেৰ বিখ্যাত ফাৰ্ম গিগ্টেক ইনফ্ৰাই ১৯৮৫ চনত। সেই গিগ্টেক ইনফ্ৰাৰ মালিকৰ সৰু পুতেকৰ ঘৈণীয়েক আৰ্জেন্টিনাৰ এলিছা মেগছ। বিমানবন্দৰটো নিৰ্মাণ হৈ থাকোঁতে এলিছা মেগছে নিজৰ স্বামীৰ সৈতে প্ৰায় যোৰহাটত সময় অতিবাহিত কৰিছিল। এবাৰ এলিছা মেগছৰ আৰ্জেণ্টিনাৰ শৈশৱৰ বান্ধবী ছেলিয়া মাৰিয়া কুচ্ছিট্টিনি ফুৰিবলৈ যোৰহাটলৈ আহিল। কুচ্ছিট্টিনি তেতিয়া গৰ্ভৱতী আছিল। এদিন ককিলামুখত দুই বান্ধবী ফুৰি থাকোঁতে হঠাতে কুচ্ছিট্টিনি অসুস্থ হৈ পৰে আৰু ততালিকে তেওঁক ককিলামুখ উপ স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে। তাতেই কুচ্ছিট্টিনিয়ে এটি ল'ৰা সন্তান জন্ম দিয়ে। জন্মৰ সময়ত ল'ৰাটোৰ এটা ভৰি অলপ বেকা আছিল। সেই দেখি স্বাস্থ্য কেন্দ্ৰটোৰ চকিদাৰজনে "ল'আটো ভঅই খন একেবাএ মেছি দা খন' নিচিনা পাই" বুলি ক'লে। কুচ্ছিট্টিনিয়ে মেছি শব্দটো শুনি ল'ৰাটোৰ নাম মেছি ৰাখিলে। এমাহ মান অসমত থাকি কুচ্ছিট্টিনি আৰু মেছি আৰ্জেণ্টিনালৈ গুচি যায়। আজিৰ বিশ্ববিখ্যাত সেই মেছি যে "যোহাটত" জন্মগ্ৰহণ কৰা বহুতেই নাজানে।’
এই ব্যংগাত্মক প’ষ্টটোক আক্ষৰিক অৰ্থতে সঁচা বুলি বিশ্বাস কৰি বিপদত পৰে আব্দুল খালেক।
খালেকক এই সন্দৰ্ভত বিভিন্নজনে সমালোচনা কৰিছে, খোঁচা-বিন্ধা কৰি ৰং চাইছে। তাৰ মাজতে এই জুইত ঘিউ দিলে ৰূপজ্যোতি কুৰ্মীয়ে। খালেকৰ প’ষ্ট সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰপৰা সাংবাদিকে মন্তব্য বিচৰাত কুৰ্মীয়ে কয়- ‘মেচিৰ জন্ম আৰ্জেন্টিনাত বুলি সকলোৱে জানে, এতিয়া আব্দুল খালেক যদি মেচিৰ দেউতাক সেইটোহে মোৰ সন্দেহ হৈছে।’
লগতে পঢ়কঃ চাহৰ দোকান, আচাৰৰ ব্যৱসায়েৰে স্বাৱলম্বী উচ্চ শিক্ষিতা প্ৰণামী
Share your comments