1. News

ৰাজ্যত Millet ৰ উৎপাদন বৃদ্ধিৰ বাবে ত্ৰিপুৰাই লৈছে ৮টা সংকল্প

Mrigakshi Phukan
Mrigakshi Phukan
millet
millet

২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে স্বীকৃত হোৱাৰ পাছত ভাৰত চৰকাৰে কৃষিখণ্ডত মিলেট সম্পৰ্কীয় সজাগতাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। প্ৰতিখন ৰাজ্যতে মিলেট খেতিৰ প্ৰচাৰৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰো ব্যতিক্ৰম নহয়। চৰকাৰখনে ত্ৰিপুৰাত মিলেট খেতিৰ সম্ভাৱনীয়তা আৰু ইয়াৰ বাধ্যবাধকতাসমূহৰ সন্দৰ্ভত এক অধ্যয়ন চলায়। এই অধ্যয়নত দেখা যায় যে ফিংগাৰ মিলেটৰ খেতি আৰু প্ৰচাৰৰ ক্ষেত্ৰত একাধিক প্ৰত্যাহ্বান আছে। ত্ৰিপুৰাত এই শস্যক ‘নিম্ন মৰ্যাদাৰ খাদ্য’ বুলি গণ্য কৰা হয় আৰু মূলতঃ ৰাজ্যখনৰ জনজাতীয় সমাজে ইয়াক খায়।

মানুহৰ স্বাস্থ্যৰ ওপৰত বাজৰাৰ সুপ্ৰভাৱৰ বিষয়ে সজাগতাৰ যথেষ্ট অভাৱ। সেয়েহে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ইয়াৰ ব্যৱহাৰৰ হাৰ কম। শস্যবিধ ৰাজ্যখনত অৱহেলিত হৈয়েই আছে বুলি কোৱাটো ভুল নহ’ব। কিন্তু ত্ৰিপুৰাত ক্ষুদ্ৰ বাজৰাৰ প্ৰচাৰৰ কাম প্ৰত্যাহ্বানমূলক যদিও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ইয়াক অতিক্ৰম কৰিব পৰা যায়। ত্ৰিপুৰাত ক্ষুদ্ৰ বাজৰাৰ প্ৰচাৰৰ বা্বে চৰকাৰে গ্ৰহণ কৰা সংকল্পসমূহ তলত দিয়া হ’ল-

  • জলবায়ুৰ সৈতে মিলা, কম সময়তে হোৱা জাতৰ বিকাশ।
  • শস্যবিধ আৰু ইয়াৰ বন্য প্ৰজাতি আৰু জাৰ্মপ্লাজম উভয়তে জিনীয় বৈচিত্ৰ্যৰ বিচাৰি উলিয়াই চৰম বিৰূপ অৱস্থাত জীয়াই থাকিব পৰা আৰু লাভৱান হ'ব পৰা প্ৰজাতিৰ স্থিতিস্থাপকতা ব্যৱস্থা অধ্যয়ন কৰি শস্যৰ কাৰ্য্যক্ষমতা উন্নত কৰা।
  • কীট-পতংগ আৰু ৰোগৰ প্ৰতি সহনশীল উপযুক্ত জাতৰ বিকাশ।
  • বাজৰাৰ কাণ্ডত পোক হোৱাৰ ফলত হোৱা লোকচান হ্ৰাস কৰিবলৈ উপযুক্ত সংহত কীট-পতংগ ব্যৱস্থাপনা কৌশল প্ৰস্তুত কৰা।
  • ক্ষতি হ্ৰাস কৰিবলৈ কীট-পতংগ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ উৎস হিচাপে উপযুক্ত জাৰ্মপ্লাজমৰ পৰীক্ষাত গুৰুত্ব দিব পাৰি।
  • বাজৰাৰ মূল্য সংযোজন আৰু মিলিঙৰ বাবে যন্ত্ৰপাতিৰ প্ৰয়োজন, যিটো উৎপাদন বৃদ্ধি কৰিবলৈ এটা গুৰুত্বপূৰ্ণ দিশ।
  • আঁহ, খনিজ পদাৰ্থ, অণুপুষ্টি, প্ৰ’টিন, আৰু কম গ্লাইচেমিক সূচকাংক (GI) থকা জাত নিৰ্বাচন কৰা।
  • মানৱ স্বাস্থ্যৰ ওপৰত মিলেটৰ গুৰুত্ব সম্পৰ্কে সজাগতাৰ অভাৱ। স্থানীয়ভাৱে উপলব্ধ জাতৰ বীজ অতি কম আৰু উৎপাদন কম। ৰাজ্যখনৰ বাণিজ্যিক বিকাশৰ বাবে শস্যৰ খোলা সহজে ডি-হাস্কিং কৰিব পৰা, মোটা বীজযুক্ত, উচ্চ উৎপাদনক্ষম ফক্সটেইল মিলেট বিকশিত কৰিব লাগে।

লগতে পঢ়কঃ আপোনাৰ বাগিচাৰ নাৰ্জি কেইজোপাত ফুল নুফুলিলে কি কৰিব?

English Summary: Promotion of millet cultivation in Tripura

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.