1. News

১৮ ডিচেম্বৰত ফুটবলৰ মহাৰণ... অপেক্ষাত সমগ্ৰ বিশ্ব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Messi vs Mbappe
Messi vs Mbappe

দিন কাষ চাপি আহিছে, অপেক্ষা্ৰ ঘড়িৰ কাটা ধীৰে ধীৰে অগ্ৰসৰ হৈছে কাটাৰৰ দিশে, ১৮ ডিচেম্বৰৰ দিশে। ফুটবল অনুৰাগীৰ মাজত সৃষ্টি হৈছে তীব্ৰ বাক্-বিতণ্ডা। কোনে কৰিব বিশ্ব জয় মেছিয়ে নে এমবাপেৰে! ফান্স আৰু আৰ্জেন্টিনাই ইতিমধ্যে দুবাৰকৈ লৈ থৈছে বিশ্বকাপৰ সোৱাদ। ১৯৭৮ আৰু ১৯৮৬ চনত আৰ্জেণ্টিনাই এই আকাংক্ষিত ট্ৰফী লাভ কৰাৰ বিপৰীতে ১৯৯৮ আৰু ২০১৮ চনত ফ্ৰান্সে গৌৰৱ অৰ্জন কৰিছে।

দুই মহৰ যুঁজ। বিশ্বকাপৰ সোৱাদ এইবাৰ ফান্স আৰু আৰ্জেন্টিনাৰ বাবে বেছি। ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেলত বিজয়ীয়ে এইবাৰ ৪২ মিলিয়ন ডলাৰৰ বিশাল পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপে ৩ কোটি ডলাৰ। লগতে দুয়োখন দেশেই এটা শ্বট ল’ব বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰাত।

লগতে পঢ়ক- 

নিমিষতে ধৰা পৰিব পশুৰোগ, বাঢ়িব দুগ্ধ উৎপাদনঃ কি এই প্ৰযুক্তি?

ইফালে, আৰ্জেণ্টিনা বনাম ফ্ৰান্সৰ মেগা ফাইনেলৰ পূৰ্বে মেছীৰ মুখত আত্মবিশ্বাস দেখি আনন্দিত আৰ্জেণ্টিনাৰ সমৰ্থকসকল। ১৮ ডিচেম্বৰত মেছীৰ হাতত বিশ্বকাপ দেখাৰ অপেক্ষাত সকলো। স্বপ্ন পূৰণ কৰিবলৈ বদ্ধপৰিকৰ মেছীও।এই সন্দৰ্ভত ইতিমধ্যে মুখো খুলিছে মেছিয়ে। তাৰকাগৰাকীয়ে কয় যে ফাইনেলত নমাৰ পূৰ্বেই ৫খন ফাইনেল জিকিছে তেওঁলোকে। বাকী আৰু মাত্ৰ এখন।

উল্লেখ্য যে আৰ্জেন্টিনাই বিশ্বকাপৰ আৰম্ভণি মেছখনতেই ছৌদি আৰৱৰ হাতত ধৰাশায়ী হৈছিল। পৰৱৰ্তী মেছকেইখনত নিজকে সজীৱ কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সে ছেমি ফাইনেলত মৰক্কোক পৰাস্ত কৰি মহাৰণৰ মুখামুখি হয়।

লগতে পঢ়ক- 

ভাৰতীয় বিমান প্ৰাধিকৰণৰ ৪০ হাজাৰ দৰমহাৰ ৬০০ পদৰ বিজ্ঞাপন

English Summary: FIFA WORLD CUP 2022 : Franch vs Arzentina

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.