1. News

Bank holidays in January 2023 জানুৱাৰীত ১১ দিনেই বেংক বন্ধ! সম্পূৰ্ণ তালিকা ছেভ কৰি থওক

KJ Staff
KJ Staff
Bank Holiday
Bank Holiday

প্ৰকাশ পালে জানুৱাৰী মাহৰ বন্ধৰ তালিকা। ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ বেংক বন্ধৰ তালিকা প্ৰকাশ কৰিছে। বিভিন্ন কামত আপুনি যদি সঘনাই বেংকলৈ অহা-যোৱা কৰে তেন্তে টুকি ৰাখক এইকেইটা দিন। কাৰণ নতুন বছৰৰ প্ৰথম মাহটোত ১১ দিনেই বন্ধ থাকিব বেংক। শনিবাৰ, দেওবাৰ আৰু অন্যান্য বন্ধসমূহকে ধৰি মুঠ ১১ দিন দেশৰ বেংকসমূহ বন্ধ থাকিব।

উল্লেখ্য যে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংকসমূহ বন্ধ থাকে। ইয়াৰ লগতে দেওবাৰসমূহতো সকলো ঠাইতে বেংক বন্ধ থাকে। ইয়াৰ উপৰিও, ৰাজহুৱা বন্ধ, ৰাষ্ট্ৰীয় বন্ধ, আৰু আঞ্চলিক বন্ধৰ দিনবোৰত বেংকবোৰ বন্ধ থাকে, যিবোৰ ৰাজ্যভেদে পৃথক হয়। যদি আপুনি আগতীয়াকৈ বেংক বন্ধৰ বিষয়ে অৱগত হয় তেন্তে আগতীয়াকৈ বেংকলৈ যোৱাৰ পৰিকল্পনা কৰা সহজ হ'ব।

১ জানুৱাৰী ২০২৩: নৱবৰ্ষৰ দিন (সমগ্ৰ দেশতে)

 

৫ জানুৱাৰী ২০২৩: গুৰু গোবিন্দ সিং জয়ন্তী (হাৰিয়ানা, ৰাজস্থান)

 

১১ জানুৱাৰী ২০২৩: মিছনেৰী দিৱস (মিজোৰাম)

 

১২ জানুৱাৰী ২০২৩: স্বামী বিবেকানন্দ জয়ন্তী (পশ্চিম বংগ)

 

১৪ জানুৱাৰী ২০২৩: মকৰ সংক্ৰান্তি (কেইবাখনো ৰাজ্য)

 

১৫ জানুৱাৰী ২০২৩: পোংগল/মাঘ বিহু (অন্ধ্ৰ প্ৰদেশ, পুডুচেৰী, তামিলনাডু, অসম)

 

২২ জানুৱাৰী ২০২৩: সোনম লোছাৰ (ছিকিম)

 

২৩ জানুৱাৰী ২০২৩: নেতাজী সুভাষ চন্দ্ৰ বসু জয়ন্তী (ত্ৰিপুৰা, পশ্চিম বংগ)

 

২৫ জানুৱাৰী ২০২৩: ৰাজ্য দিৱস (হিমাচল প্ৰদেশ)

 

২৬ জানুৱাৰী ২০২৩: গণতন্ত্ৰ দিৱস (সমগ্ৰ ভাৰতত)

 

৩১ জানুৱাৰী ২০২৩: মি-ডাম-মে-ফি (অসম)

আনহাতে জানুৱাৰী মাহত ৰাজহুৱা বন্ধৰ তালিকাও ইতিমধ্যে প্ৰকাশ পাইছে। নতুন বছৰৰ প্ৰথম মাহটোত যদি আপোনাৰ বিভিন্ন পৰিকল্পনা আছে তেন্তে আপোনাৰ বাবে এই তালিকাও গুৰুত্বপূৰ্ণ।

১ জানুৱাৰী ২০২৩: নৱবৰ্ষদিৱস (সমগ্ৰ ভাৰতত)

 

১৪ জানুৱাৰী ২০২৩: মকৰা সংক্ৰান্তি, লোহৰি (কেইবাখনো ৰাজ্য)

 

১৫ জানুৱাৰী ২০২৩: পোংগল (তামিলনাডু, অন্ধ্ৰ প্ৰদেশ)

 

২৬ জানুৱাৰী ২০২৩: গণতন্ত্ৰ দিৱস (সমগ্ৰ ভাৰতত)

 

৩১ জানুৱাৰী ২০২৩: মি-ডাম-মে-ফি (অসম)

লগতে পঢ়কঃ মুৰ্গী পালনৰপৰা বিমান ব্যৱসায়লৈ- জিআৰ গোপীনাথৰ প্ৰেৰণাদায়ক কাহিনী

English Summary: Bank holidays in January 2023

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.