1. News

সন্তানৰ বাবে মাতৃয়ে সকলো ত্যাগ কৰিব পাৰে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Karnataka Muslim man showed communal harmony
Karnataka Muslim man showed communal harmony

সম্প্ৰতি দেশত হিন্দু-মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেতবোৰ ৰাজনৈতিক দল, নেতা আৰু ভণ্ড ধৰ্মগুৰুৰ নেতৃত্বত সম্প্ৰতি ৰাজনীতি নোবোজা সাধৰণ জনতাই মানৱতা পাহৰি ধৰ্ম নামত তেজৰ খেলা খেলিবলৈয়ো প্ৰস্তুত হৈছে। এইবোৰৰ মাজতে কিছুমান উদাৰ ব্যক্তিৰ অন্য ধৰ্মৰ প্ৰতি দেখুওৱা সহমৰ্মিতাই হৃদয় স্পৰ্শ কৰে বহুজনৰ। এনে এজন উদাৰ মনৰ ব্যক্তি কৰ্ণাটকৰ চিক্কামাগুলুৰুৰ মহম্মদ নাচিৰ। এখন কফি দোকানৰ মালিক মহম্মদ নাছিৰে এটা গোশালা, এখন অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম আৰু পঞ্চমুখী অঞ্জনেয়া মন্দিৰ নিৰ্মাণৰ বাবে তেওঁৰ চাৰে চাৰি একৰ মাটি দান কৰিছে।

কাদুৰু-মাংগালোৰ ১৭৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই মাটিখিনিৰ মূল্য প্ৰায় দুই কোটি টকা । মহম্মদ নাছিৰে চিক্কামাগালুৰুৰ স্বামী সমৰ্থ ৰামদাস ট্ৰাষ্টক উক্ত মাটিখিনি দান কৰি নিজৰ উদাৰ মানসিকতা প্ৰদৰ্শন কৰে । কিন্তু কিয় এই মূল্যৱান মাটিখিনি দানা কৰিলে মহম্মদ নাছিৰে । নাছিৰৰ কয় তেওঁৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সময়ত গো-মূত্ৰ পান কৰি ভাল হৈছিল । সেয়েহে তেওঁ মনত এইটো দৃঢ় বিশ্বাস বান্ধি লয় যে তেওঁ গৰুৰ ঋণ পৰিশোধ কৰিব লাগিব ।

লগতে পঢ়ক- ন্যূনতম সমৰ্থিত মূল্যত ধান বিক্ৰি কৰি বিপাঙত কৃষক ৰাইজ

কিন্তুক গৰুক কেনেদৰে এই ঋণ পৰিশোধ কৰিব ? তাৰ বিকল্পৰ সন্ধান আৰম্ভ কৰে নাছিৰে । অৱশেষত তাৰ সমাধান সূত্ৰ তেওঁ লাভ কৰে । তাৰ বাবেই তেওঁ চাৰে চাৰি একৰ মাটি ট্ৰাষ্টটোক এটা গোশালা নিৰ্মাণ কৰিবলৈ দান কৰে । লগতে গোশালা নিৰ্মাণত যিমান সম্ভৱ তেওঁলোকক সহায় কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে । আনহাতে, তাত গৰু ৰাখিবৰ বাবে যিকোনো কামৰ বাবেও সাজু বুলি কয় মহম্মদ নাছিৰে ।

উল্লেখ্য যে তেওঁ দান কৰা ভূমিখিনিত ইতিমধ্যে পঞ্চমুখী অঞ্জনেয়া মন্দিৰ নিৰ্মাণৰ বাবে পূজা-উপাসনা কৰা হৈছে । অঞ্জনেয়াৰ মূৰ্তি তাত প্ৰতিষ্ঠা কৰা হ'ব । আনহাতে, অঞ্জনেয়াৰ মূৰ্তিটোও নিৰ্মাণ কৰাৰ ইচ্ছা নাছিৰৰ ।

লগতে পঢ়ক- 

আজিৰ পৰা গুজৰাটৰ মাধেৰা গাঁওবাসীয়ে দিব নালাগে কাৰেণ্টৰ বিল

English Summary: Karnataka Muslim man showed communal harmony

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.