1. সফল কাহিনী

বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ এৰি কৃষি বিপ্লৱ বনজিৎ হুছেইনৰ

KJ Staff
KJ Staff
বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ এৰি কৃষি বিপ্লৱ বনজিৎ হুছেইনৰ
বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ এৰি কৃষি বিপ্লৱ বনজিৎ হুছেইনৰ

দিল্লী বিশ্ববিদ্যালয়ৰপৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অসমৰ বনজিৎ হুছেইনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শৈক্ষিত দিশত সুনাম অর্জন কৰিছিল। প্রথমে হুছেইনে দিল্লীতেই অধ্যাপনা কৰিছিল। কিন্তু দক্ষিণ কোৰিয়াৰ এংলিকেন বিশ্ববিদ্যালয়ৰ আমন্ত্রণ ক্রমে ২০০৬ চনৰ পৰা ২০১০ চনলৈ সেই বিশ্ববিদ্যালয়ৰ আমন্ত্রণ ক্রমে ২০০৬ চনৰ পৰা ২০১০ চনলৈ সেই বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ৰাষ্ট্ৰসংঘৰ তদাৰকত আফগানিস্তানৰ নিৰ্বাচনৰ নিৰপেক্ষ পর্যবেক্ষকৰ কামো কৰিছিল।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিভিন্ন কাম কৰি অৱশেষত ২০১৯ চনত নলবাৰীৰ ঘগ্ৰাপাৰাৰ বড়িদতৰাগাঁৱৰ পিতৃ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ মাটিত খেতি কৰিবলৈ বনজিৎ হুছেইনে ঘূৰি আহিছিল। কৃষিকৰ্মৰে বিপ্লৱৰ সপোন দেখা বনজিৎ এতিয়া ৰাজ্যত সফল খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

উচ্চ শিক্ষিত বনজিৎ হুছেইনে কয়– ‘দক্ষিণ কোৰিয়াৰ পৰা আহি দিল্লীত নেহৰু মেম'ৰিয়াম মিউজিয়ামত কাম কৰিছিলোঁ। ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি কেইবাখনো দেশৰ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপেও কাম কৰিছিলোঁ। এতিয়াও মাজে-সময়ে বিশ্ববিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান, শৈক্ষিক কামত জড়িত হৈ আছোঁ। কিন্তু দক্ষিণ কোৰিয়াৰ বিশ্ববিদ্যালয়ত পাঁচ বছৰ কাম কৰি থকাৰ সময়ত কৃষি সম্পর্কীয় বিষয়বোৰ প্ৰত্যক্ষ কৰি অসমত খেতি কৰাৰ মনোনিবেশ কৰিছোঁ। এতিয়াও আমি দিল্লীলৈ গ'লে কোনোবা কলেজ, বিশ্ববিদ্যালয়ত চাকৰি পাম। কিন্তু অসমত কৃষিৰে আদৰ্শ প্ৰতিষ্ঠাৰ সপোন দেখি আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছোঁ।'

হুছেইনে কয় যে দক্ষিণ কোৰিয়াত আমি ‘গ্রীন জোন' প্রত্যক্ষ কৰিছিলোঁ। গ্রীন জোনত এদিনতে ১০০ বিঘা মাটিত ধান ৰোপণ কৰা হয়। দেশখনত থকাৰ সময়ত চীনৰ অধ্যাপকক লগ পাইছিলোঁ। চীন, থাইলেণ্ড, দক্ষিণ কোৰিয়াত-কৃষিৰে হোৱা ব্যাপক পৰিৱৰ্তনৰ কথা জানিব পাৰি আমাৰ বৰভাগৰ বড়িদতৰাগাঁৱৰ খেতি মাটিলৈ মনত পৰিল। সেয়ে বিভিন্ন দেশত হোৱা অভিজ্ঞতাৰ ভিত্তিত বড়িদতৰাগাঁৱত ২০১৯ চনত 'খেতি ফার্ম' আৰম্ভ কৰিলোঁ।' বনজিৎ হুছেইনে আৰু কয় 'নলবাৰীৰ বড়িদাগাঁৱত আমাৰ ৩০ বিঘা মাটিত খেতি কৰা হয়। কিন্তু বছৰে তিনিবাৰ ধান, সৰিয়হ আদিৰ বিভিন্ন খেতি কৰা হয় বাবেই ৩০ বিঘা মাটিত ১০০ বিঘা মাটিৰ সমান উৎপাদন হৈছে। বড়ো ধান, সৰিয়হ শালিধান খেতিতকৈ দুগুণ উৎপাদনম কৰিবলৈ সমক্ষ হৈছোঁ।' আন খেতিয়কৰ বিঘাত ধান ৮/১০ মোন উৎপাদন হয় যদিও আমাৰ ২০-২৫ মোন পর্যন্ত উৎপাদন হৈছে। বড়োধান ৪০ মোন পর্যন্ত হৈছে। তেওঁ কয় আমি মেচিনৰে কঠীয়া নাপাৰোঁ। জবকা বনাই খেতি কৰা হৈছে। সৰিয়হৰ উৎপাদনো বেছি হৈছে বাবেই বজাৰত খাটি মিঠাতেল বিক্ৰী কৰিব পাৰিছোঁ। হুছেইনে আৰু কয় যে আমাৰ “BARI DATARA' ফার্মত উৎপাদিত মেম লাহি চাউল, তুলসী জহা, সলিহৈ, ঢেঁকীৰ সান্দহ-গুড়ি, ককুৱা বাঁও চাউল, ৰঙা বৰা চাউল, বাও ধানৰ চিৰা কৃষ্ণ বৰা চাউল আৰু ঘৰত পেৰা মিঠাতেল ভোগালীৰ বজাৰত বিক্ৰী হৈছে।

মনকৰিবলগীয়া যে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে খেতি কৰা বনজৎি হুছেইনে নিজেই পুৱা ৬ বজাৰপৰা সন্ধিয়া পর্যন্ত পথাৰত কাম কৰে। আৰু নিজেই উৎপাদিত সামগ্রী বিক্রীও কৰে। তেওঁ কয় যে বৰপেটাত প্ৰায় চাৰি বিঘা মাটিত ২ টন বিলাহী উৎপাদন হয় যদিও আমাৰ ২০ টন বিলাহী উৎপাদন হয়। কিন্তু বজাৰৰ অভাৱ হৈছে। তেওঁ কয় যে পঞ্জাবত এক হেক্টৰ মাটিত ৭৪০০ কিলোগ্রাম ধান উৎপাদন হয় যদিও অসমত তাৰ আধাও নহয়। কৃষকে উৎপাদন বৃদ্ধি কৰিলে লাভ নহয় বাবেই বহু ক্ষেত্ৰত পিছুৱাই আছে। সেয়ে চৰকাৰে যি এটকীয়া চাউল বিতৰণৰ কৰে সেয়া অসমৰ খেতিয়কৰ পৰাই ক্রয় কৰিব লাগে। তেতিয়া গ্রাম্য অর্থনীতি সলনি হ'ব। পঞ্জাবত এক হেক্টৰত ধান উৎপাদন কৰি খেতিয়কে ৮,১০০ টকা লাভ কৰে। আৰু অসমত খেতিয়কৰ গড়ে ৩০০০ টকা লোকচান হয়। সেয়ে অসমত এতিয়া 'মডেল তৈয়াৰ’ কৰাতকৈ বজাৰৰ অধিক প্রয়োজন হৈছে। বজাৰৰ ব্যৱস্থা চৰকাৰেই কৰি দিব লাগিব। তেওঁ কয় যে গাঁৱত ট্ৰেক্টৰে মাটিৰ উৰ্বৰা শেষ কৰিছে। টেক্টৰেৰে মাটি খান্দি মাটি বিক্ৰী কৰা হয়। তেনে পৰিৱেশ বন্ধ কৰি কৃষকক বজাৰৰ ব্যৱস্থা কৰি দিব পাৰিলে আমি কৃষিৰ জৰিয়তেই শ্রেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। বনজিং হুছেইনে কয় আমি আৰু অধিক ভাল কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ। নিশ্চয় সফল হ'ম।

লগতে পঢ়ক-চিৰাঙত ড্ৰেগন আৰু মাল্টা ফলৰ খেতি কৰিছে আকবৰ আলীয়ে

প্ৰেৰকঃ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

English Summary: Professor Banjit Hussain in Agriculture

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.