1. সফল কাহিনী

লখিমপুৰৰ জয়হিঙত ব্ৰজেন গগৈয়ে ২৩ বিঘা মাটিত কৰিছে অনাৰসৰ খেতি

KJ Staff
KJ Staff
অনাৰস খেতিয়ক ব্ৰজেন গগৈ, লখিমপুৰ
অনাৰস খেতিয়ক ব্ৰজেন গগৈ, লখিমপুৰ

লখিমপুৰ জিলাৰ নলকটা গাঁৱৰ ব্ৰজেন গগৈৰ অনাৰস বাগানখনে মন মোহিব আপোনাৰো। ২৩ বিঘা মাটি লীজত লৈ গগৈয়ে ২০১৪ চনতে ওচৰৰে জয়হিং নামৰ ঠাইত আৰম্ভ কৰিছিল অনাৰসৰ খেতি।

বিগত ৬ বছৰে ২৩ বিঘাৰ আনাৰসৰ খেতিৰ পৰা বছৰি ৪-৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গগৈয়ে। ইতিমধ্যে তেওঁৰ এই অনাৰসৰ খেতি দৃষ্টিগোচৰ হৈছে জিলা কৃষি বিভাগৰো।

যাৰবাবে লখিমপুৰ জিলাৰ কৃষি বিভাগ আৰু প্ৰশাসনৰ পৰা বিভিন্ন প্ৰশিক্ষণ পাবলৈ সক্ষম হৈছে। যিসময়ত কভিদ-১৯ সংহাৰে বহুজনৰ উপাৰ্জনৰ পথ বন্ধ কৰি দিছে, সেইসময়ত ব্ৰজেন গগৈয়ে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে এক নিদৰ্শণ দাঙি ধৰিছিল।

কাৰণ তেখেতে সীমিত মাটি আৰু পানী সম্পদকে লৈ কেনেকৈ শস্য পৰিকল্পনা কৰিছে তথা বিভিন্ন কৃষি কাৰ্যত নিজকে মনোনিবেশ কৰিছে, আধুনিক প্ৰযুক্তিকৌশল আৰু পৰম্পৰাগত কৌশল সংমিশ্ৰণ কৰি কেনেকৈ প্ৰয়োগ কৰিছে সেয়া সকলোৱে শিকিবলগীয়া। বহুজন কৃষকৰ বাবে ব্ৰজেন গগৈ অনুকৰণীয় হৈ পৰিছে। আনাৰস খেতিৰ জৰিয়তেই কেনেকৈ স্বাৱলম্বী হব পাৰি সেয়া তেখেতে বাস্তৱত পৰিণত কৰিছে।

লগতে পঢ়ক- শিক্ষিত যুৱক নয়ন শৰ্মাৰ কৃষিকৰ্ম

English Summary: SUCCESS FARMERS OF ASSAM

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.